SwineFlu : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : লক্ষণ ক’ভিডৰ লেখীয়াই! জ্বৰ থাকে সাতদিনৰো অধিক সময়। এই জুৰত চৰ্দি বা হাঁচিৰ নাম-গোন্ধ নাথাকে। জ্বৰৰ স’তে থাকে শুকান কাহ। জ্বৰ-কাহৰ স’তে গা, হাত-ভৰি আৰু ডিঙিত প্রচণ্ড বিষ অনুভৱ হয়। কোনোজনৰ আকৌ ভৰি ফুলিও উঠে। কোনোজনৰ চকুৰো সংক্রমণ ঘটে। বিগত কিছুমান ধৰি দেশৰ বিভিন্ন স্থানত এনে জুৰত বহু লোক আক্রান্ত হৈছে।
একাংশ বিশেষজ্ঞ চিকিৎসকৰ মতে এই সময়ছোৱাত এইছ-১এন-১ ইনফ্লুয়েঞ্জা ভাইৰাছৰো সংক্রমণ ঘটিছে। ইয়াৰ দ্বাৰা আক্ৰান্তজন ৰোগমুক্ত হোৱাৰ পাছতো শৰীৰ-মনত ক্লান্তি আৰু দুৰ্বলতা অনুভৱ কৰিছে। চিকিৎসকলৰ মতে, দেশত এইছ-১এন-১ ভাইৰাছ বা ছোৱাইন ফ্লুৰ সংক্রমণ নতুনকৈ আৰম্ভ হৈছে। যি স্থানত এই ভাইৰাছ সিঁচৰতি হৈছে সেই স্থানত ঘৰে ঘৰে ইয়াৰ সংক্রমণ ঘটিছে।
ইয়াৰ লক্ষণ ইনফ্লুয়েঞ্জাৰ লেখীয়াই। জুৰ, গা বিষ আনকি চকুৰ সংক্রমণে দেখা দি ৰোগমুক্ত হোৱাৰ পাছতো শৰীৰ সুস্থ নহয়। এই সমস্যাক চিকিৎসা বিজ্ঞানত ‘প’ষ্ট-ভাইৰেল ছিন্ড্রম’ বা ‘লং ফ্লু’ বুলি কোৱা হয়। চিকিৎসকলৰ মতে, শৰীৰত এই ভাইৰাছৰ সক্রিয় উপস্থিতি হ্রাস পালে বা ভাইৰাছ শৰীৰৰ পৰা আঁতৰি যোৱাৰ পাছতো আক্রান্ত লোকজনে সুস্থবোধ নকৰে। ইয়াৰ কিছু কাৰণ আছে।
এইছ-১এন-১ ভাইৰাছে শৰীৰৰ ৰোগ প্ৰতিৰোধী কোষসমূহৰ ক্ষয় ঘটায়। ফলত সেই কোষসমূহৰ পুনৰ গঠনৰ বাবে তিনি সপ্তাহ বা অধিক সময়ৰ প্ৰয়োজন হয়। সেয়েহে শৰীৰ দুৰ্বল হৈ পৰে। ফলত আন অসুখ-বিষুখৰ প্ৰতিও স্পৰ্শকাতৰ হৈ পৰে। এই ভাইৰাছে শ্বাস যন্ত্র বা শ্বাস নলীৰ অভ্যন্তৰৰ এপিথেলিয়াল কোষসমূহৰ ক্ষতি কৰে। ফলত শ্বাস নলীত তীব্র প্রদাহৰ সৃষ্টি হয়। গতিকে চর্দি, কাহে সহজে এৰা নিদিয়ে। আক্রান্ত অনেকে শ্বাস কষ্টও অনুভৱ কৰে।
চিকিৎসকসকলৰ মতে, ছোৱাইন ফ্লুৱে শৰীৰত প্ৰৱেশ কৰিলে ছাইটোকাইন নামৰ
এবিধ প্ৰ’টিনৰ ক্ষৰণ বৃদ্ধি কৰে। এই প্ৰ’টিনে শৰীৰত মাৰাত্মক প্রদাহৰ সৃষ্টি কৰে। এই প্রদাহ কেৱল শ্বাস যন্ত্রত সীমাৱদ্ধ নাথাকে। ইয়াৰ ক্ৰিয়া ৰক্ত প্ৰবাহৰ মাধ্যমত চকুলৈকে বিয়পি পৰে। ফলত চকুৰ ৰক্ত নলীকাসমূহৰ ওপৰত চাপ বৃদ্ধি পায়। ৰক্ত নলী ফাটি গ’লে ৰক্তক্ষৰণ হয়।
ফলত চকু ফুলি উঠে, ৰঙা পৰে। কাজেই যন্ত্রণা বৃদ্ধি পায়। এই জ্বৰৰ আন কেতবোৰ লক্ষণ হ’ল উশাহ বন্ধ হ’ব খোজে, ঘনে ঘনে বমি হ’ব পাৰে বা মানসিক বিভ্রান্তীয়ে দেখা দিব পাৰে। আনকি মস্তিষ্কৰ সংক্রমণ বা এনকেফেলাইটিছৰ আশংকায়ো দেখা দিয়ে। গতিকে সমস্যাটো দীঘলীয়া হ’লে চিকিৎসকৰ দ্বাৰস্থ হোৱা উচিত।































