GyanashreeBora : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : উজনি অসমৰ বানপীড়িত ৰাইজক উপযুক্ত সাহায্য প্ৰদানৰ দাবীত গুৱাহাটীত সাব্যস্ত হোৱা প্ৰতিবাদৰ মাজতে ৰাইজৰ দলৰ যুৱ নেত্ৰী তথা সমাজকৰ্মী ড০ জ্ঞানশ্ৰী বৰাক আৰক্ষীয়ে আটক কৰে।
ADVERTISEMENT
গুৱাহাটীৰ জনতা ভৱনৰ সমীপত বানপীড়িতসকলৰ সাহায্যৰ দাবীত এই প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ণ কৰা হৈছিল। প্ৰতিবাদস্থলীত পৰিস্থিতি উত্তপ্ত হৈ পৰাৰ পাছতে আৰক্ষীয়ে ড০ জ্ঞানশ্ৰী বৰাৰ লগতে আন কেবাগৰাকীও প্ৰতিবাদকাৰীক আটক কৰি লৈ যায়।
উল্লেখ্য যে উজনি অসমৰ বানপীড়িত ৰাইজক উপযুক্ত সাহাৰ্য প্ৰদান কৰাৰ দাবীতেই এই প্ৰতিবাদ সাব্যস্ত কৰা হৈছিল।































