BookRelease : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : কবিতা কেৱল শব্দৰ মায়াজাল হ’ব নোৱাৰে। কবিতাত থাকিব লাগিব মানুহৰ হৃদয়ৰ সংবাদ। বিষয় মানুহ সৰ্বস্ব কবিতাৰ বিস্তৃতি হৈ পৰে আকাশচুম্বী। কবিতাৰ শক্তি ইমানেই বেছি যে কেতিয়াবা কবিতাও হ’ব পাৰে সমাজৰ অন্যায় , অবিচাৰ নিপাত নিয়াৰ শক্তিশেল। আনকি ৰজাঘৰতো কঁপনি তুলিবলৈ এটা ভাল কবিতাই যথেষ্ট।
আজি গুৱাহাটীৰ দিশপুৰ ধাবাত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত নগেন ভৰালীৰ ‘মানুহৰ বাবে’ নামৰ এখনি কাব্যগ্ৰন্থ উন্মোচন কৰি বিশিষ্ট শিক্ষাবিদ, লেখক- সাংবাদিক পৰেশ বৈশ্যই এইদৰে কয়।
তেওঁ আৰু কয় যে সমাজৰ ভোক, মানুহৰ প্ৰতি বঞ্চনা,সমাজত বৰ্তি থকা শোষণ- নিষ্পেষণৰ বিৰুদ্ধে কবিতাই গৰজি উঠিব নোৱাৰিলে,তেনে কবিতাই মানুহৰ হৃদয় স্পৰ্শ কৰিব নোৱাৰে। তেওঁ আৰু কয় যে কবি নগেন চন্দ্ৰ ভৰালীৰ উল্লিখিত কাব্য সংকলনখনত থকা পঞ্চাশটা কবিতাৰ সৰহভাগেই গণমুখী কবিতা উপলব্ধ।
জ্যোৎস্না ৰাণী বেগমৰ সভাপতিত্বত অনুষ্ঠিত উক্ত গ্ৰন্থ উন্মোচনী সভাত বিশিষ্ট অতিথি হিচাপে ভাগ লৈ সমাজকৰ্মী নৰেশ্বৰ দাসে কয় যে কবিতাই সমাজ পৰিবৰ্তন কৰিব পাৰে।
আৰম্ভণিতে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে কবি নগেন চন্দ্ৰ ভৰালীয়ে।সভাত হিমাদ্ৰী ডেকা,বাবুলি পাঠক প্ৰমুখ্যে ভালেসংখ্যক বিশিষ্ট ব্যক্তিয়ে উপস্থিত থাকি কবিতা সম্পৰ্কে আলাপ কৰে।































