ForestLoss: দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : এক ভয়াৱহ ভৱিষ্যতৰ দিশে ধাৱমান হৈছে সমগ্র পৃথিৱী। জলবায়ু পৰিৱৰ্তন, জনসংখ্যা বৃদ্ধি, নগৰীকৰণ আৰু আন্তঃগাঁথনি উন্নয়নৰ ফলত বিগত কিছু বছৰত বিশ্বই এশ কোটি ৫৬ লাখ হেক্টৰ ভূমিৰ বনাঞ্চল হেৰুৱালে। গছ-বন কাটি তহিলং কৰা এই ভূমিৰ পৰিমাণ পৃথিৱীৰ মুঠ ভূমিৰ ১০ শতাংশ আৰু ভাৰতৰ ভূখণ্ডৰ প্ৰায় ৫.২ গুণ অধিক।
এই উদ্বেগজনক তথ্য প্রকাশ পাইছে ৰাষ্ট্ৰসংঘৰ খাদ্য আৰু কৃষি সংস্থা (এফএঅ’) ৰ শেহতীয়া এক প্রতিবেদনত। বহনক্ষম ভৱিষ্যৎ কেন্দ্রিক এই প্রতিবেদনত এনেদৰে বনভূমি হাসৰ কাৰণো ব্যাখ্যা কৰা হৈছে। এই কাৰণসমূহৰ মূলসমূহ হৈছে জলবায়ু পৰিৱৰ্তন, জনসংখ্যা বৃদ্ধি, নগৰীকৰণ আৰু আন্তঃগাঁথনি উন্নয়ন।
প্রতিবেদনখনত কোৱা হৈছে যে বর্ধিত জনসংখ্যাৰ চাহিদা পূৰণৰ বাবে খেতিপথাৰ সৃষ্টিৰ উদ্দেশ্যে বিশ্বত ব্যাপক হাৰত বনভূমিৰ শ্ৰেণী পৰিৱৰ্তন কৰা হৈছে। এই ক্ষেত্ৰত এছিয়াৰ অৱস্থাও উদ্বেগজনক। এই সম্পর্কত উক্ত প্রতিবেদনত কোৱা হয়, ‘এছিয়াৰ মুঠ ভূমিৰ প্ৰায় ১৯ শতাংশ বনভূমি হ্রাস পাইছে। এনেদৰে হ্রাস পোৱা ভূমিৰ মাটিকালি হৈছে ৫৬ লাখ ৩০ হেজাৰ হেক্টৰ। কৃষিভূমিৰ সম্প্ৰসাৰণ, আন কামত ভূমিৰ ব্যৱহাৰ আদিৰ বাবে বনাঞ্চল ধ্বংস কৰা হৈছে।’
মূলতঃ মানুহৰ সামগ্ৰী আৰু সেৱাৰ চাহিদা পূৰণৰ উদ্দেশ্যে এনেদৰে বনভূমি ধ্বংস কৰি অহা হৈছে বুলিও প্রতিবেদনখনত আঙুলিয়াই দিয়া হৈছে। আনহাতে, এনে ব্যাপক হাৰত বনভূমি ধ্বংসৰ বিপৰীতে নতুনকৈ বনাঞ্চল সৃষ্টিৰ কাম শামুকীয়া গতিৰে আগবাঢ়িছে। বিগত কিছু বছৰত এশ কোটি ৫৬ লাখ বনভূমি ধ্বংস হোৱাৰ বিপৰীতে ৪৬০ নিযুত হেক্টৰ ভূমিয়েহে বনাঞ্চল পুনৰ ঘূৰাই পাইছে।
এনেদৰে বনাঞ্চল ঘূৰাই অনা কাৰ্যক ত্বৰান্বিত কৰাৰ পোষকতা কৰিছে ৰাষ্ট্ৰসংঘৰ খাদ্য আৰু কৃষি সংস্থাই। অন্যথা সমগ্র বিশ্বই ভয়াৱহ পৰিণতিৰ সন্মুখীন হ’ব বুলি সংস্থাটোৱে আশংকা কৰিছে। সংস্থাটোৱে লগতে আঙুলিয়াই দিছে যে ১৯৯০ৰ পৰা ২০২৫ৰ সময়ছোৱাত সমগ্র বিশ্বত ৩২৪ নিযুত হেক্টৰ বনাঞ্চল ধ্বংস হয়।
স্বাভাৱিকতে ইয়ে বনাঞ্চলৰ পৰিৱেশ তন্ত্ৰক অসুৰক্ষিত কৰি তুলিছে। এই ভূমিৰ ১২ শতাংশই হৈছে আফ্রিকাৰ। ইয়াতকৈ সাত শতাংশ অধিক অর্থাৎ ১৯ শতাংশ ভূমি হৈছে এছিয়াৰ। একে অৱস্থা বিৰাজ কৰিছে দক্ষিণ আমেৰিকাতো। মহাদেশখনত ১৪ শতাংশ বনাঞ্চল ধ্বংস হৈছে। উল্লেখ্য যে ২০২৫লৈ বিশ্বত মুঠ বনভূমিৰ মাটিকালি আছিল চাৰিশ কোটি ১৪ লাখ হেক্টৰ।
এই ভূমিৰ পৰিমাণ পৃথিৱীৰ মুঠ ভূখণ্ডৰ ৩২ শতাংশ। উক্ত প্রতিবেদনত কোৱা হৈছে যে বনাঞ্চল ধ্বংস আৰু বনভূমি অৱনমন হৈছে বিশ্বৰ সন্মুখত দেখা দিয়া অন্যতম মূল প্রত্যাহ্বান। এই প্রত্যাহ্বানে জৈৱ বৈচিত্র্য, জলবায়ুৰ স্থিৰতা আৰু ভূমিৰ উৎপাদনশীলতাত নেতিবাচক প্ৰভাৱ পেলাইছে।
নিৰ্বনানীকৰণে ১৯৯০ৰ পৰা বিশ্বত ৪৮৯ নিযুত হেক্টৰ ভূমিৰ বনাঞ্চল ধ্বংস কৰিলে। এই বনাঞ্চল ধ্বংস কার্য ঘাইকৈ সংঘটিত হয় বিশ্বৰ সবাতোকৈ অধিক জৈৱ বৈচিত্র্যপূৰ্ণ আৰু পৰিৱেশতন্ত্রগতভাবে অত্যন্ত মূল্যৱান বন পৰিৱেশতন্ত্ৰত। তদুপৰি ১৯৯০ৰ পৰা ২০২৫ৰ সময়ছোৱাত বিশ্বত ১১০ নিযুত হেক্টৰ প্ৰাথমিক বনাঞ্চল ধ্বংস হয়। পৰিণতিত অনেক প্ৰজাতিৰ জীৱ হ্রাস পাইছে। ইয়াৰ সমান্তৰালভাৱে পৰিৱেশতন্ত্র খণ্ড-বিখণ্ড হৈছে আৰু অত্যন্ত গুৰুত্বপূৰ্ণ পৰিৱেশতন্ত্রগত সেৱাসমূহত খহনীয়াৰ সৃষ্টি হৈছে।






























