দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক: উজনি অসমৰ বুকুত লুকাই থকা এক স্বৰ্গ, মতাপুং মাগুৰি বিল। শৰতৰ আৰম্ভণিৰ লগে লগে এই বিলখনে যেন নতুনকৈ সাজ পিন্ধে। প্ৰকৃতিয়ে যেন নিজ হাতেৰে সজাইছে ইয়াক। নীলা আকাশৰ তলত বিস্তীৰ্ণ জলৰাশি, জলৰাশিৰ বুকুত ফুলি থকা হাজাৰ হাজাৰ ভেটফুলৰ গুলপীয়া দলিচা আৰু তাৰ মাজে মাজে উৰি ফুৰা দেশী-বিদেশী চৰাইৰ জাক – এই অপূৰ্ব দৃশ্যই এতিয়া হাত বাউলি মাতিছে প্ৰকৃতিপ্ৰেমী পৰ্যটকসকলক।
তিনিচুকীয়া চহৰৰ পৰা মাত্ৰ ১০-১১ কিলোমিটাৰ নিলগত, ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ একেবাৰে কাষত, বাৰেকুৰি, বাঘজান আৰু নতুন ৰঙাগড়া গাঁৱে আৱৰি থকা এই বিলখনৰ কালি প্ৰায় ৯.৬ বৰ্গ কিলোমিটাৰ।বিলখনৰ পাৰতে বাৰেকুৰিৰ বিখ্যাত হলৌ বান্দৰৰ বাসস্থান। ফলত এদিনতে পৰ্যটকে বিল আৰু বান্দৰ দুয়োটা উপভোগ কৰিব পাৰে।
মতাপুং মাগুৰি বিলক এনেয়ে পক্ষীৰ স্বৰ্গভূমি বুলি কোৱা নহয়। বম্বে নেচাৰেল হিষ্ট্ৰী ছ’চাইটিয়ে (BNHS) ইয়াক গুৰুত্বপূৰ্ণ পক্ষী এলেকা (Important Bird Area) হিচাপে স্বীকৃতি দিছে।
শীতৰ আগমনৰ লগে লগে, ছেপ্টেম্বৰ-অক্টোবৰৰ পৰা মাৰ্চ-এপ্ৰিললৈকে ইয়ালৈ ঢপলিয়াই আহে প্ৰায় ৩০০ ৰো অধিক প্ৰজাতিৰ পক্ষী। ছাইবেৰিয়া, ৰাছিয়া, নৰৱে, ইংলেণ্ড, জাপান, লাডাখৰ পৰা অহা Baikal Teal, Eastern Spot-Billed Duck, Mallard, Tufted Duck, Bar-headed Goose, Ferruginous Duck ৰ দৰে বিৰল পৰিভ্ৰমী পক্ষীয়ে বিলখনৰ আকাশ-বতাহ মুখৰিত কৰি তোলে। যোৱা কিছুবছৰ পূৰ্বে বিলখনত দেখা গৈছিল অতি বিৰল ‘মেন্দেৰিয়ান ডাক’ বা সোণালী হাঁহ।
শেহতীয়াকৈ যোৱা ১১ জুলাইত ইয়াত বিৰল অষ্ট্ৰেলিয়ান গ্ৰাছ আউল দেখা পোৱাৰ পিছত বিলখনৰ খ্যাতি আৰু বৃদ্ধি পাইছে। পক্ষীৰ লগতে ইয়াত ৬ বিধ কাছ, বহু প্ৰজাতিৰ মাছ, সাপ, জলচৰ প্ৰাণী পোৱা যায়।
ৰাতিপুৱাৰ কুঁৱলীৰ মাজত যেতিয়া স্থানীয় মাছমৰীয়াৰ টুলুঙা নাওখন লৈ বিলৰ মাজেৰে আগবাঢ়ে, তেতিয়া এক অদ্ভুত শান্তি বিৰাজ কৰে। বিলৰ পানীৰ ভেটফুলৰ মাজে মাজে ৰ’দৰ পোহৰ পৰি যি দৃশ্যৰ সৃষ্টি হয়, সেয়া তাতোকৈ মনোমোহা।
বৰ্তমান বছৰি প্ৰায় ১৫,০০০ ৰ পৰা ২০,০০০ পৰ্যটকে এই বিলখন ভ্ৰমণ কৰে। শীতকালত প্ৰতি সপ্তাহত ৫০০-৭০০ পৰ্যটকৰ আগমন ঘটে।
পৰ্যটনৰ এই জোৱাৰে সলনি কৰি দিছে স্থানীয় অৰ্থনীতি। পূৰ্বতে কেৱল মাছ ধৰি জীৱিকা উলিওৱা স্থানীয় যুৱকসকলে এতিয়া নাও চলাই, গাইড হিচাপে কাম কৰি স্বাৱলম্বী হৈছে। প্ৰায় ২০ টাতকৈ অধিক পৰিয়ালে পোনপটীয়াকৈ এই পৰ্যটনৰ পৰা উপকৃত হৈছে। এইক্ষেত্ৰত বাৰেকুৰি অঞ্চলৰে কেইজনমান যুৱকে লগ হৈ ‘বাৰ্ডছ ভিউ পইণ্ট’ নামেৰে পৰ্যটন ক্ষেত্ৰখনত কাম কৰি আহিছে। তেওঁলোকেই পৰ্যটকক নাও, দূৰবীণ, পক্ষী চিনাক্তকৰণৰ লগতে লাইফ জেকেট আদি সুবিধা দি আহিছে।
অৱশ্যে এই সৌন্দৰ্যৰ মাজতো আছে শংকা। ২০২০ চনৰ বাঘজানৰ তৈলখাদৰ ভয়ংকৰ অগ্নিকাণ্ডৰ পিছত বিলখনৰ পৰিৱেশতন্ত্ৰত যথেষ্ট ক্ষতি হৈছিল। তেল আৰু গেছে বিলৰ পানী প্ৰদূষিত কৰিছিল। ইয়াৰ উপৰি প্লাষ্টিক আৱৰ্জনা, অবৈধ মাছ ধৰা পদ্ধতি, আৰু পৰ্যাপ্ত আন্তঃগাঁথনিৰ অভাৱে পৰ্যটকক অসুবিধাত পেলাইছে।
চৰকাৰে যদি বিজ্ঞানসন্মতভাৱে ইক’ টুৰিজমৰ আঁচনি লয়, হোম-ষ্টেৰ ব্যৱস্থা কৰে, তেন্তে মতাপুং মাগুৰি বিল অসমৰ অন্যতম শ্ৰেষ্ঠ আন্তঃৰাষ্ট্ৰীয় পৰ্যটন কেন্দ্ৰ হৈ উঠিব আৰু স্থানীয় নিবনুৱাৰ বাবে বৃহৎ কৰ্মসংস্থানৰ সৃষ্টি হ’ব।




































