FuelPrice : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক: ইতিমধ্যে পেট্র’ল-ডিজেল আদিৰ মূল্যই কোঙা কৰা ভাৰতৰ সাধাৰণ জনতাৰ মূৰত অচিৰে মূল্যবৃদ্ধিয়ে মাধমাৰ দিয়াটো অৱধাৰিত হৈ পৰিছে। মার্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পে শেহতীয়াভাৱে পুনৰ ইৰান আক্ৰমণৰ ভাবুকি দিয়াত মধ্যপ্রাচ্যত সৃষ্ট উত্তেজনাৰ ফলত আন্তর্জাতিক বজাৰত হোৱাহোৰে বৃদ্ধি পাবলৈ ধৰিছে খাৰুৱা তেলৰ মূল্য।
আনকি ভাৰতে ক্ৰয় কৰা খাৰুৱা তেলৰ মূল্য ইতিমধ্যে বেৰেলত ১১৭.৮ ডলাৰলৈ বৃদ্ধি হয়। গতিকে পুনৰ মার্কিন বাহিনীয়ে ইৰান আক্ৰমণ কৰিলে তাৰ ভয়াৱহ নেতিবাচক প্ৰভাৱ ভাৰতত পৰাটো নিশ্চিত হৈছে। উল্লেখ্য যে ভাৰতে প্রয়োজনীয় খাৰুৱা তেলৰ ৯০ শতাংশই আমদানি কৰে। ইয়াৰ অধিকাংশ তেল হৰমুজ প্রণালীৰে আহে।
গতিকে ট্রাম্প বাহিনীয়ে পুনৰ ইৰান আক্ৰমণ কৰিলে সম্পূর্ণরূপে হৰমুজ প্রণালী বন্ধ হোৱাৰ আশংকা আছে। লক্ষ্যণীয়ভাবে ট্রাম্পৰ শেহতীয়া ভাবুকিৰ পাছতে যুদ্ধ বিমানবাহী মার্কিন ৰণতৰী থিয়ড’ৰ ৰুছভেল্টে পশ্চিম এছিয়ালৈ যাত্রা কৰিছে। যোৱা দেওবাৰে কেলিফর্ণিয়া প্ৰদেশৰ ছানডিয়েগ’ ঘাটি ত্যাগ কৰি ৰণতৰীখনে পশ্চিম এছিয়ালৈ ৰাওনা হৈছে।
ইয়াৰ এদিন পাছতে মার্কিন আইলেণ্ড মেৰাইন এক্সপেডিচ’নাৰী ইউনিটো পশ্চিম এছিয়াৰ দিশে ৰাওনা হয়। এই দুই ৰণতৰীত দুহেজাৰৰো অধিক সামুদ্রিক সেনা আছে। সূত্ৰৰ মতে, এই সেনাসকলৰ স’তে মার্কিন নৌবাহিনীৰ অন্যান্য গোট মিলি আৰু নৰ পৰা ১০ হেজাৰ মার্কিন সেনা যুক্ত হ’ব।
এনে পৰিস্থিতিত হৰমুজ প্রণালী সম্পূর্ণরূপে বন্ধ নহ’লেও ইয়াকে লৈ সৃষ্ট উত্তেজনা আৰু ইৰানে বহুসংখ্যক তেলবাহী টেংকাৰত আক্ৰমণ সংঘটিত কৰাৰ ফলত বিশ্বৰ বজাৰত ইন্ধনৰ মূল্য পুনৰ বৃদ্ধি পাবলৈ ধৰিছে। এনে অৱস্থাতে পশ্চিম এছিয়াস্থিত মার্কিন সেনাৰ চেন্ট্রেল কমাণ্ডে আশংকা কৰিছে যে ইৰানক পুনৰ আক্ৰমণ কৰিলে বিশ্বৰ বজাৰত আকৌ তেল-গেছৰ সংকট সৃষ্টিৰ আশংকা আছে।
উল্লেখ্য যে পশ্চিম এছিয়াৰ পৰা তেল অনাত ব্যবহৃত মূল পথ হ’ল হৰমুজ প্রণালী। ইৰাক, কুৱেইট, বাহৰেইন, কাটাৰৰ পৰা তেলবাহী জাহাজে চলাচল কৰাৰ আন কোনো পথ নাই। অৱশ্যে ছৌদি আৰৱৰ পৰা লোহিত সাগৰৰে তেলবাহী কিছু জাহাজে চলাচল কৰে।
কিন্তু শেহতীয়াভাৱে হুথি বাহিনীয়ে এডেন উপসাগৰৰ বাব অল-মাণ্ডেব প্রণালী দখল কৰাত এই পথেৰে জাহাজৰ চলাচল অসম্ভৱ হৈছে। ফলত ছৌদি আৰৱৰ পৰা ভাৰতলৈ তেল অহাৰ এটা পথেই আছে। সেই পথ হ’ল ছুৱেজ খাল। কিন্তু এই পথেৰে ভাৰতলৈ জাহাজ চলাচলৰ বাবে অনেক ঘূৰা-পকা কৰিবলগীয়া হয়। ফলত খৰচ অত্যধিক বৃদ্ধি পায়। কাৰণ ছুৱেজখালৰে যাত্ৰা কৰিলে প্রথমে ভূমধ্য সাগৰলৈ আহিবলগীয়া হয়।
তাৰ পাছতে জিব্রাল্টৰ প্ৰণালীৰে আটলান্টিক মহাসাগৰলৈ যাত্রা কৰিবলগীয়া হয়। পাছত সম্পূর্ণ আফ্রিকা মহাদেশ ঘূৰি উত্তমাশা অন্তৰীপ হৈ ভাৰত মহাসাগৰলৈ আহিবলগীয়া হয়। তাৰ পৰা আৰৱ সাগৰলৈ যাত্ৰা কৰিবলগীয়া হয়। ফলত যাত্ৰাৰ সময়ত ১০-১৫ দিন বৃদ্ধি পায়। গতিকে খৰচো অত্যধিক বৃদ্ধি পায়। সেয়েহে পুনৰ মার্কিন বাহিনীয়ে ইৰান আক্ৰমণ কৰিলে তেল-গেছৰ মূল্য পুনৰ অত্যধিক বৃদ্ধিৰ আশংকা আছে। ইয়াৰ ভয়াৱহ নেতিবাচক প্ৰভাৱ ভাৰতৰ ওপৰত পৰাটোও নিশ্চিত।
































