NobelPeacePrize: দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : ইৰানী শাসকৰ কঠোৰতাৰ ভুক্তভোগী দেশখনৰ ন’বেলপ্রাপক নাৰী অধিকাৰ কৰ্মী নাৰ্গেছ মহম্মদীয়ে সম্প্ৰতি বিচ্ছেদৰ বেদনাত বিধুৰ হৈছে। শাসকৰ ৰোষত পৰা মহম্মদীয়ে ২০০৯ৰ পৰাই ইৰানৰ বাহিৰলৈ যাত্ৰা কৰিব পৰা নাই। শেহতীয়াভাৱে তেওঁৰ আত্মজীৱনী প্রকাশ পাইছে।
এই আত্মজীৱনীত তেওঁ বেদনাসিক্ত কণ্ঠৰে কৈছে, ‘পুত্র-কন্যাক পুনৰ নেদেখাকৈয়ে হয়তো মই মৃত্যুক সাবটি ল’ব লাগিব।’ মহম্মদীৰ এই আত্মজীৱনী অলপতে পেৰিছত উন্মোচন কৰা হয়। ‘এ অ’মেন নেভাৰ ষ্টপছ ফাইটিং’ শীর্ষক মহম্মদীৰ এই আত্মজীৱনী উন্মোচনী অনুষ্ঠানত তেওঁৰ কিশোৰ পুত্ৰ আলী ৰহমানীয়েও উপস্থিত থাকে।
মাতৃৰ এই দুদর্শাপূর্ণ জীৱনৰ বাবে মহম্মদী দোষী নহয় বুলি আলীয়ে অনুষ্ঠানত মন্তব্য কৰে। তেওঁ কয়, ‘মোৰ মাতৃৰ এই দুদর্শাৰ বাবে কেৱল ইৰানৰ শাসক দায়ী। এই অনুষ্ঠানত উপস্থিত থাকিব নোৱৰাৰ বাবে মোৰ মাতৃয়ে নিজকে দোষাৰোপ কৰাৰ প্রয়োজন নাই।’
ইৰানৰ শাসকে অনেক পৰিয়াল ধ্বংস কৰিছে। মাতৃ আৰু পুত্ৰসকলৰ লগতে পিতৃসকলকো ধ্বংস কৰা হৈছে আৰু হত্যা কৰা হৈছে বুলি আলীয়ে আক্ষেপ প্রকাশ কৰে। মাতৃৰ বেদনা মিশ্রিত এই কথাই তেওঁক গভীৰভাৱে পীড়িত কৰা বুলিও কিশোৰজনে উল্লেখ কৰে।
অনুষ্ঠানত আলীৰ যমজ ভগ্নী কিয়ানা ৰহমানীয়ে কয় যে ২০০৯ৰ পৰাই তেওঁলোকৰ মাতৃয়ে ইৰানৰ বাহিৰলৈ যাত্রা কৰিব পৰা নাই। তেওঁলোকৰ মাতৃৰ পাৰপত্ৰও নাই। সীমাহীন যন্ত্রণা ভোগ কৰি থকা মাতৃক লৈ গর্বিত বুলিও কিয়ানাই মন্তব্য কৰে। উল্লেখ্য যে সম্প্রতি ৪৫ বছৰীয়া নাৰ্গেছ মহম্মদীক যোৱা মে’ত স্বাস্থ্যজনিত কাৰণত ইৰানৰ শাসকে কাৰাগাৰৰ পৰা মুক্তি দিয়ে।
ইয়াৰ পূৰ্বে যোৱা বছৰ তেওঁক ইৰান চৰকাৰে গ্ৰেপ্তাৰ কৰাইছিল। অৱশ্যে নাৰী অধিকাৰ আৰু মৃত্যুদণ্ডাজ্ঞাৰ বিৰুদ্ধে সৰৱ হৈ অহা মহম্মদীয়ে এক দশকৰো অধিক কাল কাৰাবন্দী জীৱন কটাবলগীয়া হৈছে। ২০২৩ত তেওঁক ন’বেল শান্তি বঁটা প্রদান কৰা হয়। মাতৃৰ হৈ এই বঁটা গ্রহণ কৰে তেওঁৰ পুত্র-কন্যাই। তেওঁৰ পুত্র-কন্যাই পেৰিছত বাস কৰে।
অলপতে পেৰিছত অনুষ্ঠিত মহম্মদীৰ আত্মজীৱনী মুকলি অনুষ্ঠানৰ প্ৰাক্ষণত তেওঁৰ স’তে যোগাযোগ কৰে নৰৱেৰ ন’বেল সমিতিৰ অধ্যক্ষ জর্গেন ফ্লাইডনেছে।
তেওঁৰ স’তে কথোপকথনৰ সময়ত মহম্মদীক উৎসাহিত যেন বোধ হৈছিল বুলি ফ্লাইডনেছে সদৰী কৰিছিল। তৎসত্ত্বেও মহম্মদী শাৰীৰিকভাৱে অসুস্থ হৈ আছে। তেওঁ হৃদৰোগত আক্রান্ত হৈ আছে। তেওঁক পুনৰ কাৰাগাৰলৈ নিক্ষেপ কৰাটোও নিশ্চিত। মহম্মদীয়ে তেওঁৰ এই আত্মজীৱনীত নিজকো সমালোচনা কৰিছে।
নিজকে তেওঁ ‘বেয়া মাতৃ’ বুলি আখ্যা দিছে। তেওঁৰ মাতৃত্বক তেওঁৰ বিৰুদ্ধে ব্যৱহাৰ কৰা হৈছে বুলিও মহিলাগৰাকীয়ে আক্ষেপ প্রকাশ কৰিছে। আনহাতে, আত্মজীৱনীখনৰ ফৰাছী ভাষা খণ্ডৰ সম্পাদকীয় সহায়ক ইনেছ বণ্ডেনবার্গেনে কয়, ‘এই আত্মজীৱনীয়ে আমাক সোঁৱৰাই দিছে যে আমি কেতিয়াও আমাৰ অধিকাৰ আৰু আমাৰ স্বাধীনতাৰ বাবে যুঁজ বন্ধ কৰিব নালাগে আৰু আটাইতকৈ শক্তিশালী অস্ত্র হৈছে শব্দ।’

































