CorruptionAllegation : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক: মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই দুর্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ নীতি ঘোষণা কৰা হৈছে বুলি ঘোষণা কৰি আহিলেও ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগত এতিয়াও দুর্নীতি চলি অহা বুলি সময়ে সময়ে অভিযোগ উত্থাপন হৈ আহিছে।
আনকি মাজে সময়ে মুখ্যমন্ত্ৰীৰ দুর্নীতি নিবাৰক শাখায়ো ৰাজ্যৰ বিভিন্ন প্রান্তত দুর্নীতিত জড়িত বিষয়া কৰ্মচাৰীক গ্ৰেপ্তাৰ কৰা দৃশ্যয়ো বাইজে দেখি আহিছে। শেহতীয়াভাৱে ৰাজ্যৰ আন সমষ্টিটো বাদেই খোদ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই প্রতিনিধিত্ব কৰি অহা জালুকবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত ৰামছাৰাণী উন্নয়ন খণ্ড এলেকাৰ আজাৰা গাঁও পঞ্চায়তৰ খিলঞ্জীয়া লোকৰ বসতি প্রধান আহোমগাঁৱত কাম নকৰাকৈয়ে ঠিকাদাৰে আঁচনিৰ ধন উলিয়াই নিয়া বুলি অঞ্চলটোৰ একাংশ লোকে অভিযোগ কৰিছে।
আনকি অভিযোগ অনুসৰি সমস্ত ঘটনাটো খণ্ড উন্নয়ন বিষয়া গৰাকীৰ জ্ঞাতসাৰেই সংঘটিত হোৱাৰো অভিযোগ উঠিছে। অঞ্চলটোৰ একাংশ লোকে সদৰী কৰা মতে তেতিয়াৰ ৰাণী আঞ্চলিক পঞ্চায়ত তথা সমষ্টি পুনৰ গঠনৰ পাছত নতুনকৈ বিগত ২০২৫ বর্ষত গঠন কৰা ৰামছাৰাণী আঞ্চলিক পঞ্চায়তৰ পঞ্চদশ বিত্তীয় আয়োগৰ ২০২২-২৩ৰ অধীনত আহোমগাঁৱৰ চুমি বৰাৰ ঘৰৰ পৰা শংকৰ মাধৱ পথটোৰ শেষলৈ পুনৰ নিৰ্মাণৰ বাবে ১০,৮৪,০০০ টকা অনুমোদন দিয়া হৈছিল।
কিন্তু আঁচনিখনৰ নামটোৰ খেলিমেলিৰ বাবে আঁচনিখনৰ কাম পূৰ্বৰে পৰাই বন্ধ হৈ আছিল। তাৰ মাজতে খণ্ড উন্নয়ন বিষয়াগৰাকীয়ে নীতি বহির্ভূতভাবে আঁচনিখন ৰূপায়ণ কৰাৰ বাবে এখন নির্মাণ সমিতি গঠন কৰি দিয়ে। কিন্তু নির্মাণ সমিতিৰ সভাপতিজনক আজাৰা গাঁওপঞ্চায়ত অঞ্চলৰ বাহিৰৰ ব্যক্তি হোৱাত ৰাইজৰ মাজত তীব্র অসন্তোষৰ সৃষ্টি হয়।
কিয়নো চৰকাৰী বিধি অনুসৰি যিটো অঞ্চলত গাঁও পঞ্চায়তৰ আঁচনি ৰূপায়ণ কৰা হয়, নির্মাণ সমিতিৰ সভাপতি প্রমুখ্যে অন্যান্য সদস্যসকলো সেই অঞ্চলৰ স্থায়ী বাসিন্দা হোৱাটো বাধ্যতামূলক। কিন্তু খণ্ড উন্নয়ন বিষয়াজনে যিজন ব্যক্তিক নির্মাণ সমিতিৰ সভাপতি হিচাপে নির্বাচিত কৰিছে তেওঁ তাৰ পৰা প্ৰায় ২০ কিলোমিটাৰ নিলগৰ ৰাণী গাঁও পঞ্চায়ত এলেকাৰহে বাসিন্দা।
ইফালে, কোনো ধৰণৰ কাম আৰম্ভ নৌহওতেই খণ্ড উন্নয়ন বিষয়াগৰাকীয়ে আঁচনিখনৰ প্রায় এক তৃতীয়াংশ ধন অর্থাৎ ৩,২৫,০০০ টকা ঠিকাদাৰক উলিয়াই নিয়াৰ ঘটনাটো পোহৰলৈ অহাৰ পাছতেই অঞ্চলটোৰ সকলো শ্ৰেণীৰ ৰাইজৰ মাজত তীব্র প্রতিক্ৰিয়াৰ সৃষ্টি হৈছে। যাৰ বাবে খণ্ড উন্নয়ন বিষয়াজনে কি নীতি নিয়মৰ ভিত্তিত ঠিকাদাৰক কাম নকৰাকৈয়ে আঁচনিৰ ধন উলিয়াই দিলে তাৰ বাবে এক উচ্চ পৰ্যায়ৰ তদন্ত ঘোষণা কৰিবলৈ কামৰূপ মহানগৰ জিলাৰ জিলা আয়ুক্তক দাবী জনাইছে।
জিলা আয়ুক্তই শীঘ্রে তদন্তৰ ব্যৱস্থা নকৰিলে দৰকাৰ হলে স্থানীয় বিধায়ক হিচাপে বিষয়টো মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপ কামনা কৰা হব বুলি অঞ্চলটোৰ ৰাইজে সকীয়াই দিছে।































