GoldPrice : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক: প্ৰচণ্ড মূল্যবৃদ্ধিৰ ফলত ইতিমধ্যে সাধাৰণ লোকে একপ্ৰকাৰ সোণ ক্ৰয়ৰ সামর্থ্য হেৰুৱাইছে। কাৰণ সম্প্ৰতি মাথোঁ ১০ গ্রাম সোণৰ মূল্যই ডেৰ লাখ টকা পর্যন্ত হৈছে। এই ক্ষেত্রত সম্প্রতি অধিক নিৰাশাৰ বতৰা আহিছে।
কাৰণ একাধিক বিখ্যাত বিত্তীয় প্ৰতিষ্ঠানৰ পূর্বানুমান মতে, ভাৰতত অহা বছৰ সোণৰ মূল্য ২.৮২ লাখ টকা পর্যন্তলৈ বৃদ্ধিৰ আশংকা আছে। এনে অৱস্থাতে বুলগেৰিয়াৰ ভৱিষ্যৎ দ্রষ্টা বাবা ভাংগায়ো ২০২৭ত সোণৰ মূল্যই আকাশ স্পৰ্শ কৰিব বুলি এক ভৱিষ্যদ্বাণী কৰাৰ কথা সম্প্ৰতি ব্যাপক চর্চালৈ আহিছে।
লক্ষ্যণীয়ভাৱে বাবা ভাংগাৰ এই ভৱিষ্যদ্বাণী আৰু একাধিক আন্তর্জাতিক বিত্তীয় প্ৰতিষ্ঠানৰ পূৰ্বানুমানৰ মাজত সাদৃশ্য দেখিবলৈ পোৱা গৈছে। বিখ্যাত জেপি মর্গান প্ৰতিষ্ঠানৰ মতে, অহা বছৰৰ অন্তিমলৈ প্ৰতি ১০ গ্রাম সোণৰ মূল্য দুই লাখ ১৩ হেজাৰ ১২৫ টকা পর্যন্ত বৃদ্ধি পোৱাৰ আশংকা আছে।
ইয়াৰ কাৰণ হৈছে ভূ-ৰাজনৈতিক অনিশ্চয়তা, বিত্তীয় নাটনি, মুদ্রাস্ফীতি আদি। একেদৰে ইউবিএছ আৰু ডাচ্চ বেংকৰ মতেও অহা বছৰৰ প্ৰথম ভাগত প্রতি ১০ গ্রাম সোণৰ মূল্য প্রায় এক লাখ ৭০ হেজাৰ টকা পর্যন্ত হোৱাৰ সম্ভাৱনা আছে। ফলত বিত্তীয় সংকটেও দেশত মূৰ দাঙি উঠাৰ আশংকা আছে।
আনহাতে, একাংশ বিশেষজ্ঞই পূর্বানুমান কৰা অনুসৰি অহা বছৰ ভাৰতত সোণৰ মূল্য ২.৬২ লাখ টকাৰ পৰা ২.৮২ লাখ টকাৰ ভিতৰত থাকিব। উল্লেখ্য যে বাবা ভাংগাৰ জন্ম হৈছিল ১৯১১৩ বুলগেৰিয়াত। ১২ বছৰ বয়সত দৃষ্টিশক্তি হেৰুৱাই পেলোৱা বাবা ভাংগাই ৯/১১ আক্রমণ, চাৰ্ণোবয়লৰ পৰমাণু দুর্যোগ, ব্ৰিটিছ ৰাজকুমাৰী ডায়েনাৰ মৃত্যু, ২০০৪ৰ ভাৰত মহাসাগৰৰ ছুনামি আদিৰ অধিক ভৱিষ্যদ্বাণী কৰিছিল বুলি চর্চা হয়।































