CockroachJantaParty : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : যোৱা শুকুৰবাৰে দিল্লীত ককৰোচ জনতা পাৰ্টি (CJP)ৰ প্ৰতিবাদৰ সময়ত তিনিগৰাকী মহিলা সাংবাদিক যৌন হাৰাশাস্তিৰ সন্মুখীন হোৱা বুলি বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীয়ে। অভিযোগৰ আঙুলি দিল্লী আৰক্ষীৰ এগৰাকী কৰ্মচাৰীৰ বিৰুদ্ধে। সমগ্ৰ ঘটনাক লৈ গৃহমন্ত্ৰী অমিত শ্বাহৰ জবাবদিহি দাবী কৰিছে ৰাহুল গান্ধীয়ে।
শনিবাৰে কংগ্ৰেছ সাংসদগৰাকীয়ে তেওঁৰ X হেণ্ডেলত এটা পোষ্টযোগে লিখে, ‘এগৰাকী মহিলা সাংবাদিকে যন্তৰ মন্তৰত এগৰাকী আৰক্ষী বিষয়াৰ বিৰুদ্ধে অসদাচৰণৰ অভিযোগ উত্থাপন কৰিছে। শ শ সাংবাদিকে এজাহাৰ দাখিলৰ দাবী জনাইছে। এয়া আৰক্ষীৰ মৌলিক দায়িত্ব নহয়নে? অথচ তেওঁলোকে সেই কামখিনিও কৰা নাই।’
তেওঁ লগতে কয়, ‘‘মহিলা প্ৰতিবাদকাৰীৰ স’তে দুৰ্ব্যৱহাৰৰ অভিযোগ উত্থাপন হৈছে। কেমেৰা কাঢ়ি লোৱা হৈছে। সাংবাদিকসকলক টানি-আজুৰি লৈ যোৱা হৈছে। এয়া প্ৰথমবাৰৰ ঘটনা নহয়। ইয়াৰ পূৰ্বেও আমি আৰক্ষী কৰ্মীৰ দ্বাৰা মহিলাক হাৰাশাস্তিৰ সন্মুখীন হোৱা দেখিছোঁ।’’
ইফালে, ঘটনাক লৈ বিতৰ্কৰ মাজতে দিল্লী আৰক্ষীয়েও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। X হেণ্ডেলত প্ৰকাশ কৰা এক বিবৃতিত আৰক্ষীয়ে লিখিছে, ‘যোৱা ২৬ অক্টোবৰত নতুন দিল্লীত প্ৰতিবাদ চলি থকাৰ সময়ত তিনিগৰাকী মহিলা সাংবাদিকে আৰক্ষী কৰ্মীৰ বিৰুদ্ধে যৌন হাৰাশাস্তিৰ অভিযোগ উত্থাপন কৰে। তেওঁলোকৰ অভিযোগ গ্ৰহণ কৰা হৈছে। সৱল আৰু নিৰপেক্ষ তদন্তৰ বাবে অভিযোগটো ক্ৰাইম ব্ৰাঞ্চলৈ হস্তান্তৰ কৰা হৈছে।’
ইফালে, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত অহা ১০ অক্টোবৰত যন্তৰ মন্তৰত পুনৰ প্ৰতিবাদৰ আহ্বান জনাইছে প্ৰতিবাদীসকলে। সমাজমাধ্যমত অভিজিত দীপকে দিয়া বাৰ্তাত কয়, ‘‘জ্ঞানেশ কুমাৰে পদত্যাগ নকৰিলে সমগ্ৰ দেশৰ ককৰোচ বাহিনীয়ে মিছিল কৰি দিল্লীলৈ যাব। ১০ অক্টোবৰত যন্তৰ মন্তৰত প্ৰতিবাদ সাব্যস্ত কৰিব। দিল্লী আৰক্ষীয়ে আমাক বাধা দিয়াৰ চেষ্টা কৰিলে, য’ত আমাক আটক কৰা হ’ব, সেই স্থানেই আমাৰ যন্তৰ মন্তৰ হৈ পৰিব। আমাৰ আন্দোলন শান্তিপূৰ্ণ হ’ব। আমি মহাত্মা গান্ধীয়ে দেখুওৱা পথেৰেই আগবাঢ়িম। এয়া গণতন্ত্ৰ ৰক্ষাৰ যুঁজ। অবাধ আৰু সুষ্ঠু নিৰ্বাচন বিচৰা প্ৰতিগৰাকী নাগৰিকেই এই আন্দোলনত অংশগ্ৰহণ কৰা উচিত।’’
































