NobelPrizeInChemistry : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : প্ৰ’টিন নিৰ্মাণকাৰী এমিন’ এচিডৰ দৰে অণুৰ দুটা ৰূপ থাকে; কিন্তু মানুহ বা আন জীৱিত বস্তুৰ শৰীৰত এনেবোৰ অণুৰ এটা ৰূপেহে কাম কৰে। আনটো ৰূপ শৰীৰৰ বাবে ক্ষতিকাৰকো হ’ব পাৰে।
এনে অণুসমূহৰ কিয় এটা ৰূপেহে শৰীৰৰ বাবে কাম কৰে, তাৰ কাৰণ ব্যাখ্যা কৰা দুজন বিজ্ঞানীলৈ চলিত বৰ্ষৰ ন’বেল বঁটা আগবঢ়োৱা হৈছে। এই বিজ্ঞানীদ্বয় হ’ল ফৰাচী বিজ্ঞানী অঁৰি বৰিছ কাগান আৰু জাপানী বিজ্ঞানী কেন্সো ছোৱাই।
কালি ৰয়েল ছুইডিছ একাডেমীয়ে বিজ্ঞানী দুগৰাকীলৈ এই সন্মানীয় বঁটা আগবঢ়োৱাৰ কথা ঘোষণা কৰে। বিজ্ঞানীদ্বয়ৰ আৱিষ্কাৰ চিকিৎসাৰ ক্ষেত্ৰত অমূল্য গুৰুত্ব আছে। কাৰণ মানুহ বা জীৱৰ শৰীৰত এমিন’ এচিদৰ দৰে অণুসমূহৰ দুটা ৰূপৰ কোনটো ৰূপে কাম কৰে সেয়া এই আৱিষ্কাৰৰ জৰিয়তে জানিব পৰা হৈছে।
এই আৱিষ্কাৰ পৰীক্ষাগাৰত ঔষধ তৈয়াৰত ব্যৱহাৰ হোৱাৰ সম্ভাৱনা বৃদ্ধি পাইছে। কাৰণ বৰ্তমানে এনে ধৰণৰ অণুৰ দুয়োটা ৰূপেই (৫০:৫০) তৈয়াৰ কৰা হয়। কাৰণ কোনবিধ অণুৱে শৰীৰত কাম কৰে সেয়া বৰ্তমানলৈ জানিব পৰা হোৱা নাছিল। এই ৰহস্যই এই বিজ্ঞানীদ্বয়ে ভেদ কৰিছে।
গতিকে তেওঁলোকৰ আৱিষ্কাৰক জীৱনৰ অসমতাৰ ৰাসায়নিক ৰহস্য ভেদ বুলি আখ্যা দিয়া হৈছে।
উল্লেখ্য যে ফৰাচী বিজ্ঞানী কাগানৰ জন্ম হয় ১৯৩০ৰ ১৫ ডিচেম্বৰত। বর্তমানে তেওঁ ফ্ৰান্সৰ ইউনিভাৰচিটি পেৰিছ ছাকৃত ৰসায়ন বিজ্ঞানৰ এমেৰিটাছ অধ্যাপকৰূপে কাৰ্যনিৰ্বাহ কৰি আছে।
আনহাতে, জাপানী বিজ্ঞানী ছোৱাইৰ জন্ম হয় ১৯৫০৩। সম্প্রতি তেওঁ জাপানৰ টকিঅ’ ইউনিভাৰচিটি অৱ ছায়েন্সৰ ৰসায়ন বিজ্ঞান বিভাগৰ অধ্যাপকৰূপে কাৰ্যনিৰ্বাহ কৰি আছে। ন’ৱেল লাভৰ সূত্রে বিজ্ঞানীদ্বয়ৰ মাজত বঁটাৰ স’তে আগবঢ়োৱা ১১.৫ কোটি টকা (এক কোটি দুই লাখ ছুইডিছ ক্রনা) ভাগ বিতৰণ হ’ব।






























