NanaPatekarPassesAway : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : দুৰ্গাপূজাৰ পূৰ্বেই বিনোদন জগতৰ পৰা আহিল এক বৃহৎ দুঃসংবাদ। বৃহস্পতিবাৰে পুৱা আহিল সেই বেয়া খবৰটো। প্ৰয়াত হ’ল জনপ্ৰিয় অভিনেতা নানা পাটেকৰ (Nana Patekar)। মৃত্যুৰ সময়ত অভিনেতাগৰাকীৰ বয়স হৈছিল ৭৫ বছৰ। সূত্ৰ অনুসৰি, মৃত্যুৰ সময়ত গোৱাত থকা নিজৰ বাসগৃহতে আছিল অভিনেতাগৰাকী।
আজি পুৱা ৫.২০ বজাত হৃদৰোগত আক্ৰান্ত হৈ প্ৰয়াত হয় জনপ্ৰিয় অভিনেতাগৰাকী। তথ্য অনুসৰি,হৃদৰোগত আক্ৰান্ত হৈয়ে তেওঁৰ মৃত্যু হয়। নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ চলচ্চিত্ৰ জগত। কাৰ্যতঃ কোনেও এই বিয়োগ মানি ল’ব পৰা নাই।
অভিনয় জীৱনত বাৰে বাৰে সন্মানিত হৈছিল প্ৰয়াত অভিনেতাগৰাকী
১৯৭৮ চনত মুজফ্ফৰ আলীৰ ‘গমন’ ছবিৰ জৰিয়তে প্ৰথমবাৰৰ বাবে ৰূপালী পৰ্দাত ভৰি দিছিল কিংবদন্তি অভিনেতাগৰাকীয়ে। ‘পৰিন্দা’, ‘অগ্নিসাক্ষী’, ‘ক্ৰান্তিবীৰ’ ছবিত অভিনয়ৰ সুবাদত তিনিটা ৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰিছিল তেওঁ। ‘অঙ্গাৰ’, ‘পৰিন্দা’, ‘ক্ৰান্তিবীৰ’, ‘অপহৰণ’ ছবিত অভিনয় কৰি চাৰিটা ফিল্মফেয়াৰ পুৰস্কাৰ লাভ কৰিছিল প্ৰয়াত অভিনেতাগৰাকীয়ে।
নানা পাটেকৰৰ পৰিচালনাত মাধুৰী দীক্ষিতে অভিনয় কৰা ‘প্ৰহাৰ’ ছবিখনেও দৰ্শকৰ প্ৰশংসা লাভ কৰিছিল। ‘খামোশী : দ্য মিউজিকেল’ত তেওঁৰ অভিনয় চিৰস্মৰণীয় হৈ থাকিব। ২০১৩ চনত পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰা হৈছিল নানা পাটেকৰক। সূত্ৰ অনুসৰি, গোৱাৰ পৰা অভিনেতাগৰাকীৰ নশ্বৰদেহ মুম্বাইলৈ লৈ অহা হৈছে।
CPR দি ৪৫ মিনিট ধৰি বচোৱাৰ চেষ্টা, শেষৰক্ষা নহ’ল; নানা পাটেকৰৰ ,নশ্বৰদেহৰ মৰণোত্তৰ পৰীক্ষা
তথ্য অনুসৰি, আজি পুৱা ৫.২০ বজাত মৃত্যু হয় নানা পাটেকৰৰ। মৃত্যুৰ সময়ত নিজৰ গোৱাস্থিত বাসগৃহতে আছিল তেওঁ। তাতেই তেওঁক অচেতন অৱস্থাত উদ্ধাৰ কৰা হয়। লগে লগে তেওঁক চিকিৎসালয়লৈ লৈ যোৱা হয়।
প্ৰাপ্ত তথ্য অনুসৰি, হৃদৰোগত আক্ৰান্ত হোৱাৰ পাছত প্ৰায় ৪৫ মিনিট ধৰি চি পি আৰ দি অভিনেতাগৰাকীক বচোৱাৰ চেষ্টা কৰা হৈছিল। কিন্তু শেষৰক্ষা নহ’ল। প্ৰাথমিক পৰীক্ষাৰ পাছত হৃদৰোগতে তেওঁৰ মৃত্যু হোৱা বুলি ধাৰণা কৰা হৈছে।
নানা পাটেকৰৰ বিয়োগৰ পাছত এটা ‘মেডিকো-লিগেল কেছ’ (Medico-Legal Case বা MLC) ৰুজু কৰা হৈছে। অভিনেতাগৰাকীৰ নশ্বৰদেহৰ মৰণোত্তৰ পৰীক্ষা কৰা হ’ব ।




































