ReserveBankOfIndia : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : শাৰদীয় দুর্গোৎসৱৰ প্রাক্ষণত জনতাক মাধমাৰ শোধাই ভাৰতীয় ৰিজার্ভ বেংকে বৃদ্ধি কৰিলে ৰেপ’ৰেট। কালি অনুষ্ঠিত ৰিজার্ভ বেংকৰ মুদ্রা নীতি সমিতিৰ বৈঠকে ৰেপ’ৰেট ০.২৫ শতাংশ বৃদ্ধি কৰে। ফলত সম্প্রতি দেশত ৰেপ’ৰেট ৫.৩০ হৈছে।
উল্লেখ্য যে ৰেপ’ৰেটৰ অৰ্থ হ’ল ৰিজার্ভ বেংকে ইয়াৰ অধীনৰ চৰকাৰী-বেচৰকাৰী বেংকসমূহক দিয়া ঋণৰ সুতৰ হাৰ। যিহেতু ৰেপ’ৰেট বৃদ্ধি পাইছে, গতিকে বেংকসমূহে গ্রাহকক দিয়া ঋণৰ সুতৰ হাৰ বৃদ্ধিৰো সম্ভাৱনা প্ৰৱল হৈছে। যদি সেয়া হয় তেন্তে আগন্তুক সময়ত গৃহ ঋণ, গাড়ী ঋণ আদিৰ ইএমআই বা মাহিলি কিস্তি বৃদ্ধি পাব।
গতিকে ৰিজার্ভ বেংকৰ এই সিদ্ধান্ত দুর্গোৎসৱৰ প্ৰাকক্ষণত জনতাক মাধমাৰ বুলি চর্চিত হৈছে। উল্লেখ্য যে ২০২৩ৰ ফেব্ৰুৱাৰীৰ পাছত প্ৰথমবাৰৰ বাবে ৰিজার্ভ বেংকে ৰেপ’ৰেট বৃদ্ধি কৰিছে। আজি ৰেপ’ৰেট বৃদ্ধিৰ কথা ঘোষণা কৰে ৰিজার্ভ বেংকৰ গভৰ্ণৰ সঞ্চয় মালহোত্রাই। লক্ষ্যণীয় যে সম্প্রতি দেশৰ অর্থনীতিক বিভিন্ন কাৰকে বিপৰ্যয়ৰ সম্মুখীন কৰাইছে।
মধ্যপ্রাচ্যৰ যুদ্ধৰ ফলত হৰমুজ প্রণালী একপ্ৰকাৰ অৱৰোধ হৈ থকাত খাৰুৱা তেলৰ অত্যধিক মূল্যবৃদ্ধি ঘটিছে। একেদৰে ডলাৰৰ বিপৰীতে টকাৰ মূল্যৰ বৃহৎ অবনমন ঘটিছে। আজি সন্ধিয়াৰ তথ্য অনুসৰি, সম্প্রতি এক মার্কিন ডলাৰৰ মূল্য ভাৰতীয় মুদ্রাত ৯৬.৮১ টকা হৈছে। গতিকে বয়বস্তুৰ মূল্য জুই-ছাই হৈছে।
অচিৰে পৰিস্থিতি উন্নত নহ’লে বয়বস্তুৰ মূল্য অধিক বৃদ্ধিৰো আশংকা কৰিছে অর্থনীতিবিদসকলে। ইয়াৰ সমান্তৰালভাৱে বিদেশী বিনিয়োগকাৰীৰ ভাৰতৰ বজাৰত বিনিয়োগ প্রত্যাহাৰো অব্যাহত আছে। এনেদৰে দেশৰ অর্থনীতিক বিভিন্ন নেতিবাচক কাৰকে চেপি ধৰাৰ সময়তে ৰিজার্ভ বেংকে ৰেপ’ৰেট বৃদ্ধি কৰিছে।
মুদ্রাস্ফীতি বা বয়বস্তুৰ আকাশলংঘী মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ পদক্ষেপৰূপে ৰিজার্ভ বেংকে ৰেপ’ৰেট বৃদ্ধিৰ সিদ্ধান্ত ল’লে। উল্লেখ্য যে সম্প্রতি দেশত মুদ্রাস্ফীতি ৪.৪ শতাংশ হৈছে। ফলত বজাৰত জুই জ্বলিছে। গতিকে শাৰদ উৎসৱৰ বতৰত জনতাক সকাহ দিয়াৰ উদ্দেশ্যে ৰেপ’ৰেট বৃদ্ধি কৰা হৈছে বুলিও ৰিজার্ভ বেংকে যুক্তি দিছে।
আনহাতে, ৰেপ’ৰেট বৃদ্ধিৰ ফলত বিভিন্ন ঋণৰ ইএমআই কেনেদৰে আকাশলংঘী হ’ব পাৰে, তাৰ এটা উদাহৰণ দিয়া হ’ল। ধৰা হ’ল এজন লোকে ৫০ লাখ টকাৰ গৃহ ঋণ ৩০ বছৰৰ বাবে লৈছে। বছৰি ৭.৭৫ শতাংশ হাৰত তেওঁ এই ঋণৰ সুত পৰিশোধ কৰিব লাগে। এই হিচাপত তেওঁৰ ইএমআই বা মাহিলি কিস্তিৰ পৰিমাণ ৩৫,৮২১ টকা হয়।
সম্প্রতি ৰেপ’ৰেট ০.২৫ শতাংশ বৃদ্ধিৰ ফলত তেওঁৰ ইএমআইৰ পৰিমাণ ৩৬,৬৮৮ টকা হ’ব পাৰে। অর্থাৎ মাহে তেওঁৰ ঋণ পৰিশোধত ৮৬৭ টকা অধিক খৰচ কৰিবলগীয়া হ’ব। এনেদৰে গৃহ ঋণ আৰু গাড়ীৰ ঋণ বৃদ্ধি পোৱাৰ আশংকা আছে। লক্ষ্যণীয় যে ২০১৪ত নির্বাচনী প্ৰচাৰ চলাওতে বিজেপিৰ তদানীন্তন প্রধানমন্ত্রীৰ প্রার্থী নৰেন্দ্ৰ মোদীয়ে ডলাৰৰ বিপৰীতে টকাৰ মূল্যৰ অবনমনক লৈ তদানীন্তন প্রধানমন্ত্রী ড° মনমোহন সিঙক তীক্ষ্ম বাক্যবাণেৰে থকা-সৰকা কৰিছিল।
কিন্তু সম্প্ৰতি তেওঁৰ চৰকাৰৰ দিনত টকাৰ মূল্যৰ অৱনমনে এশৰ ঘৰক স্পৰ্শ কৰো কৰো অৱস্থাত উপনীত হৈছে। ২০১৪ৰ তুলনাত ডলাৰৰ বিপৰীতে ভাৰতীয় মুদ্রাৰ মূল্য ৩৪ টকাৰো অধিক অবনমন ঘটিছে। কাৰণ ২০১৪ত ডলাৰৰ মূল্য ৬১ৰ পৰা ৬২.৩৩ টকা আছিল। কালি এই ব্যৱধান ৯৬.৮১ টকা হৈছে।






























