দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদৰ দ্বিতীয় দিনা দেওবাৰে দিল্লীৰ কনট প্লেচত AISA, SFI আৰু অন্যান্য বাওঁপন্থী সংগঠনৰ স’তে জড়িত ছাত্ৰ প্ৰতিবাদকাৰীসকলক আটক কৰে আৰক্ষীয়ে।
ADVERTISEMENT
প্ৰতিবাদকাৰীসকলে কনট প্লেচত সমবেত হ’বলৈ আৰম্ভ কৰাৰ পিছতে দিল্লী আৰক্ষী আৰু কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী (CRPF)ৰ জোৱানসকলে তেওঁলোকক আঁতৰাবলৈ অভিযান চলায়।
প্ৰতিবাদকাৰীসকলক আঁতৰাবলৈ আৰক্ষীয়ে আগতীয়াকৈ নিৰাপত্তাৰক্ষী নিয়োগ কৰিছিল। প্ৰতিবাদকাৰীসকলক এজন এজনকৈ আটক কৰা হৈছিল বুলি প্ৰতিবেদনত প্ৰকাশ পাইছে।































