StudentActivities : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : নলবাৰী জিলাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ উত্তৰ পাৰত অৱস্থিত বৰআগ্রা বাপুজী প্রাথমিক বিদ্যালয়ৰ প্ৰাংগণ কালি এক ব্যতিক্রমী দৃশ্যৰ সাক্ষী হ’ল। কণ কণ ছাত্ৰ-ছাত্ৰীৰ কলৰৱ, সেউজীয়া পাচলিৰ সম্ভাৰ আৰু ক্রেতাৰ ভিৰ-বিদ্যালয় চৌহদ ৰূপান্তৰিত হ’ল এখন জীৱন্ত ‘শনিবৰীয়া বজাৰ’লৈ।
বিদ্যালয় কর্তৃপক্ষৰ উদ্যোগত আজি পুৱাৰে পৰা বিদ্যালয় প্রাংগণত অনুষ্ঠিত হয় এই বিশেষ বজাৰখন। প্রথমৰ পৰা পঞ্চম শ্রেণীলৈকে প্রতিগৰাকী ছাত্ৰ-ছাত্ৰীয়ে নিজৰ ঘৰত উৎপাদিত শাক-পাচলি, ফল-মূল, ঘৰতে বনোৱা খাদ্য সামগ্রী আদি লৈ বিদ্যালয়লৈ আহে।
কোনোবাই কলপাতত সজাই থৈছে লাউ, বেঙেনা, জিকা, কোনোবাই টোপোলাত ভৰাই আনিছে ধনীয়া, নেমু, জলকীয়া। কণ কণ হাতবোৰে ওজন জুখিছে, পইচা গণিছে, আৰু হাঁহি মুখেৰে ক্রেতাক বিদায় দিছে। কিতাপৰ বাহিৰৰ শিক্ষা বিদ্যালয়ৰ প্ৰধান শিক্ষকজনে জনোৱা মতে, এই ব্যতিক্রমী পদক্ষেপৰ মূল উদ্দেশ্য দুটা।
প্রথমতে, গ্রাম্য অঞ্চলৰ ছাত্ৰ-ছাত্ৰীৰ ঘৰত উৎপাদিত জৈৱিক সামগ্ৰীসমূহক এখন বজাৰ দিয়া। দ্বিতীয়তে, কণ কণ ছাত্র-ছাত্রীক ব্যৱহাৰিক জীৱনৰ স’তে পৰিচয় কৰাই দিয়া। ‘আমি কেৱল অংকৰ কিতাপত যোগ-বিয়োগ শিকালেই নহ’ব। এটা বস্তু কিমান টকাত কিনি কিমান টকাত বেচিলে লাভ-লোকচান হয়, ক্ৰেতাৰ স’তে কেনেদৰে কথা পাতিব লাগে, ওজন কেনেকৈ জুখিব লাগে-এইবোৰ জীৱনমুখী শিক্ষা, তেওঁ কয়।
‘আজিৰ বজাৰখনৰ জৰিয়তে ল’ৰা-ছোৱালীবোৰে আত্মবিশ্বাস, যোগাযোগ কৌশল আৰু উদ্যমিতাৰ প্ৰাথমিক পাঠ শিকিছে।’ ক্রেতাৰ উৎসাহ, অভিভাৱকৰ সঁহাৰি ছাত্ৰ-ছাত্ৰীৰ এই বজাৰ চাবলৈ আৰু সামগ্ৰী কিনিবলৈ পুৱাৰে পৰা স্থানীয় ৰাইজৰ ভিৰ লাগে।
বহুতে কয় যে কণমানিহঁতৰ হাতৰ পৰা বিষমুক্ত পাচলি কিনি তেওঁলোকে আনন্দ পাইছে। এগৰাকী স্থানীয় মহিলাই ক’লে, ‘বজাৰৰ পাচলিতকৈ এইবোৰ সতেজ আৰু ৰাসায়নিক সাৰ নথকা। ল’ৰা-ছোৱালীবোৰে যি মৰমেৰে দিছে, দামটো ডাঙৰ কথা নহয়।’
অভিভাৱকসকলেও বিদ্যালয়ৰ এই পদক্ষেপক আদৰণি জনাইছে। এজন অভিভাৱকে জনায়, ‘আমাৰ বাৰীত যিখিনি হয়, সেইখিনি লৈ ল’ৰাটো আজি বজাৰলৈ গৈছে। সি নিজে পইচা গণি আছে, হিচাপ কৰিছে। এইটোৱেইতো প্রকৃত শিক্ষা। ঘৰত বহি ম’বাইল চোৱাতকৈ এইটো হেজাৰ গুণে ভাল।’































