ManipurViolence : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : মণিপুৰত অশান্তিৰ জুই যেন কোনোপধ্যেই নুমাব খোজা নাই। যোৱা ৪৮ ঘণ্টাত নতুনকৈ সংঘটিত হিংসাত্মক ঘটনাত ৰাজ্যখনত কমেও ৯জন লোকৰ মৃত্যু হৈছে। আহত হৈছে আন কেবাজনো। ৰাজ্যখনত পুনৰ হিংসা বিয়পি পৰাৰ পিছতে মণিপুৰৰ মুখ্যমন্ত্ৰী ৱাই খেমচাঁদ সিঙে পোনপটীয়াকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাষ চাপিছে।
সূত্ৰৰ খবৰ অনুসৰি, ৰাজ্যখনত শান্তি ঘূৰাই অনাৰ বাবে মণিপুৰ চৰকাৰক সকলো ধৰণৰ সহায় কৰাৰ আশ্বাস দিছে প্ৰধানমন্ত্ৰীয়ে।
প্ৰকৃততে, শুকুৰবাৰে নিশা মণিপুৰৰ কামজং জিলাৰ চাছাদ গাঁৱত প্ৰতিবাদ চলি থকাৰ সময়তে এগৰাকী মহিলাক গুলীয়াই হত্যা কৰাৰ অভিযোগ উত্থাপন হয়। ইয়াৰ পিছতে মণিপুৰত পুনৰ হিংসা বিয়পি পৰে। সংঘৰ্ষৰ ফলত ৯জন লোকৰ মৃত্যু হোৱাৰ লগতে আন তিনিজন আহত হৈছে।
শনিবাৰে জিলা প্ৰশাসনে জনোৱা অনুসৰি, হিংসা বিয়পি পৰাত বাধা দিবলৈ জিলা কৰ্তৃপক্ষই চাছাদ আৰক্ষী গে’ট জংচনৰ ৪০০ মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত ভাৰতীয় ন্যায় সংহিতাৰ ১৬২ নং ধাৰা জাৰি কৰিছে। এই ধাৰাৰ অধীনত পাঁচজন বা ততোধিক লোকৰ সমাৱেশ নিষিদ্ধ কৰা হৈছে। পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত এই নিষেধাজ্ঞা বলৱৎ থাকিব।
এয়াই প্ৰথম নহয়। যোৱা কেইসপ্তাহমানৰ পৰা ৰাজ্যখনত ধাৰাবাহিকভাৱে সৰু-সুৰা হিংসাত্মক ঘটনাৰ খবৰ পোহৰলৈ আহিছে। ১৩ ছেপ্টেম্বৰত দুটা পৃথক আক্ৰমণৰ ঘটনাত কুকি-জো সম্প্ৰদায়ৰ চাৰিজন লোকৰ মৃত্যু হৈছিল। ইয়াৰ পিছতো আক্ৰমণৰ ঘটনা সংঘটিত হোৱাৰ খবৰ প্ৰকাশ পাইছে। স্বাভাৱিকতেই মণিপুৰক লৈ পুনৰ উদ্বেগৰ সৃষ্টি হৈছে।
এই পৰিস্থিতিত দিল্লীত অনুষ্ঠিত বৈঠকত মুখ্যমন্ত্ৰী খেমচাঁদে প্ৰধানমন্ত্ৰী মোদীক ৰাজ্যখনত স্বাভাৱিক পৰিস্থিতি ঘূৰাই অনাৰ বাবে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰ বিষয়ে অৱগত কৰে। প্ৰধানমন্ত্ৰীয়েও ৰাজ্য চৰকাৰৰ কামৰ প্ৰশংসা কৰি সকলো ধৰণৰ সহায়ৰ আশ্বাস দিয়ে।
১৯৯২ চনৰ পৰা মণিপুৰত কুকি আৰু নগা জনজাতিৰ মাজত সংঘাতৰ সূত্ৰপাত হৈছিল। বিভিন্ন হিচাপ অনুসৰি, সেই সংঘাতত এহেজাৰৰো অধিক লোকৰ মৃত্যু হৈছিল। পৰৱৰ্তী সময়ত ২০২৩ চনৰ মে’ মাহত মেইটেই আৰু কুকি সম্প্ৰদায়ৰ মাজত সংঘৰ্ষ আৰম্ভ হয়। সেই সংঘাতত ২৬০ৰো অধিক লোকে প্ৰাণ হেৰুৱাইছে।
সংঘাত আৰম্ভ হোৱাৰ প্ৰায় ২১ মাহৰ পিছত, ২০২৫ চনৰ ৯ ফেব্ৰুৱাৰীত মণিপুৰৰ তদানীন্তন মুখ্যমন্ত্ৰী এন বীৰেন সিঙে পদত্যাগ কৰে। চলিত বছৰতে নতুন মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে ৱাই খেমচাঁদ সিঙে। সকলো ঠিকেই থাকিলে পাঁচ মাহৰ পিছত মণিপুৰত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ কথা। কিন্তু এনেদৰে হিংসা বৃদ্ধি পাই থাকিলে নিৰ্ধাৰিত সময়ত নিৰ্বাচন অনুষ্ঠিত হ’বনে, তাক লৈ সংশয়ৰ সৃষ্টি হৈছে।































