CockroachJantaParty : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : দিল্লী আৰক্ষীৰ ওপৰত ক্ষুব্ধ ককৰোচ জনতা পাৰ্টি (CJP)ৰ আহ্বায়ক অভিজিৎ দীপকেৰ পৰিয়াল। শনিবাৰে বিমানৰ পৰা দীপকেৰ আটক কৰিছিল আৰক্ষীয়ে। পৰিয়ালৰ অভিযোগ, তাৰ পাছত গোটেই দিনটো তেওঁৰ স’তে যোগাযোগ কৰিব পৰা হোৱা নাছিল। শনিবাৰেই মৃত্যু হয় তেওঁৰ আইতাকৰ। আৰক্ষীয়ে জনাইছিল যে দীপকেৰ ওচৰলৈ মৃত্যুৰ খবৰ প্ৰেৰণ কৰা হৈছে। মানৱীয়তাৰ স্বাৰ্থত ঘৰলৈ উভতি অহাৰ বাবে তেওঁক সকলো ধৰণৰ সহায় আগবঢ়োৱা হ’ব।
দীপকেৰ পিতৃৰ দাবী, পুত্ৰ উভতি আহিব বুলি তেওঁলোকে অপেক্ষা কৰি আছে। এতিয়াও আইতাকৰ শেষকৃত্য সম্পন্ন কৰা হোৱা নাই। কিন্তু তাৰ পিছতো দীপকে ঘৰলৈ উভতি অহা নাই।
CJPৰ প্ৰতিষ্ঠাতাগৰাকীৰ পিতৃ ভগৱান দীপকে দেওবাৰে পুৱা সংবাদ মাধ্যমক কয়, ‘‘আমাৰ স’তে তেওঁৰ (দীপকেৰ) কোনো যোগাযোগ হোৱা নাই। ফোন কৰিছিলোঁ। বহু বাৰ যোগাযোগ কৰিবলৈ চেষ্টা কৰিছোঁ।’’
দিল্লী আৰক্ষীৰ বিবৃতিৰ প্ৰসংগত তেওঁ কয়, ‘‘মোৰ এনে লাগিছে যে আৰক্ষীয়ে মিছা কথা কৈছে। তেওঁক খবৰ দিয়া হোৱা হ’লে ইমান পৰে তেওঁ ঘৰলৈ উভতি আহিলহেঁতেন। দিল্লীৰ পৰা পোনপটীয়া বিমান আছিল। তেওঁৰ বন্ধুসকলৰ স’তেও আমি যোগাযোগ কৰিছিলোঁ। তেওঁলোকেও কৈছে যে যোগাযোগ কৰিব পৰা নাই। দিল্লীৰ পৰা তেওঁক আন ক’ৰবালৈ লৈ যোৱা হৈছিল। তেওঁ দিল্লীত আছিলেই নহয়।’’
দীপকেৰ আইতাকৰ মৃত্যুৰ সন্দৰ্ভত তেওঁৰ পিতৃয়ে কয়, ‘‘এতিয়াও শেষকৃত্য সম্পন্ন কৰা নাই। তেওঁ আহিব বুলি আশা কৰি বহি আছোঁ। দিল্লী আৰক্ষীক মোৰ আৰু একো ক’বলগীয়া নাই। মিছা প্ৰচাৰ চলি আছে। ঘৰখনত এটা মৃত্যু হৈছে। তেওঁক কালি মুক্তি দিব লাগিছিল।’’
দীপকেৰ মাতৃ অনিতায়েও দিল্লী আৰক্ষীৰ বিৰুদ্ধে মিছা কথা কোৱাৰ অভিযোগ উত্থাপন কৰিছে। তেওঁ কয়, ‘‘আমি তেওঁৰ স’তে একেবাৰেই যোগাযোগ কৰিব পৰা নাই। দিল্লী আৰক্ষীয়ে মিছা কথা কৈছে। তেওঁ খবৰ পোৱা হ’লে লগে লগে দৌৰি ঘৰলৈ গুচি আহিলহেঁতেন। তেওঁৰ বাবে আমি শেষকৃত্য স্থগিত ৰাখিছোঁ।’’
দিল্লী আৰক্ষীয়ে শনিবাৰে নিশা এটা বিবৃতি প্ৰকাশ কৰি দাবী কৰিছিল যে দীপকেৰ আইতাকৰ মৃত্যুৰ খবৰ তেওঁক দিয়া হোৱা নাই বুলি বহু ভুৱা প্ৰচাৰ চলি আছে। কিন্তু যথাযথ সংবেদনশীলতাৰে তেওঁক এই খবৰ দিয়া হৈছিল। শেষকৃত্যৰ সময়ৰ বিষয়েও জনোৱা হৈছিল। মানৱীয়তাৰ খাতিৰত নিজৰ চহৰলৈ উভতি যাবলৈ আৰক্ষীয়ে তেওঁক সকলো ধৰণৰ সহায় আগবঢ়াব বুলিও কোৱা হৈছিল।
আৰক্ষীৰ এই বিবৃতিৰ বিষয়ে জানিব পাৰি দীপকেৰ পৰিয়ালে আৰক্ষীৰ বিৰুদ্ধে মিছা কথা কোৱাৰ অভিযোগ উত্থাপন কৰে।
প্ৰায় ২৪ ঘণ্টা আটক কৰি ৰখাৰ পিছত অৱশেষত দেওবাৰে পুৱা CJPৰ তিনি নেতা অভিজিৎ দীপকে, আশুতোষ ৰাঙ্কা আৰু সৌৰভ দাসক মুকলি কৰি দিয়া হয়। শনিবাৰে মুম্বাইৰ পৰা দিল্লীত উপস্থিত হোৱাৰ লগে লগে তেওঁলোকক বিমানৰ পৰাই আটক কৰিছিল আৰক্ষীয়ে। পিছত সতৰ্কতামূলক ব্যৱস্থা হিচাপে তেওঁলোকক গ্ৰেপ্তাৰ কৰা হৈছিল।
দেওবাৰে দিল্লী কেণ্টনমেণ্ট থানাত বিশেষ কাৰ্যবাহী দণ্ডাধীশৰ সন্মুখত তেওঁলোকক হাজিৰ কৰোৱা হয়। ৫০ হাজাৰ টকাৰ বণ্ডত আৰু নিৰ্দিষ্ট চৰ্তত তেওঁলোকে মুক্তি লাভ কৰে। চৰ্ত অনুসৰি, আগন্তুক এবছৰলৈ দীপকে, ৰাঙ্কা বা সৌৰভে শান্তি ভংগ কৰিব পৰা কোনো কাম কৰিব নোৱাৰিব।































