CJP : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : শান্তিপূৰ্ণ প্ৰতিবাদৰ বাবে কাকো বেআইনীভাৱে আটক কৰিব নোৱাৰিব। ৰাজধানী দিল্লীত মেট্ৰ’ আৰু ৰে’ল সেৱা স্বাভাৱিক কৰি ৰাখিব লাগিব।
ADVERTISEMENT
যন্তৰ-মন্তৰৰ প্ৰতিবাদক কেন্দ্ৰ কৰি দিল্লী আৰক্ষীৰ নিৰাপত্তা ব্যৱস্থাক লৈ দাখিল কৰা গোচৰত দেওবাৰে এই নিৰ্দেশ দিয়ে উচ্চতম ন্যায়ালয়ে।
ইয়াৰ লগতে ৰাজধানীত ইণ্টাৰনেট সেৱা তৎক্ষণাৎ পুনৰ আৰম্ভ কৰাৰো নিৰ্দেশ দিয়ে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে।
অৱশ্যে উচ্চতম ন্যায়ালয়ে স্পষ্ট কৰি দিয়ে যে প্ৰতিবাদ কৰাৰ অধিকাৰ সকলোৰে আছে, কিন্তু আইন উলংঘা কৰি নহয়।































