CJP: দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : আৰক্ষীৰ জিম্মাৰ পৰা মুকলি পোৱাৰ পিছতে বিস্ফোৰক দাবী ইউটিউবাৰ ধ্ৰুৱ ৰাঠীৰ। তেওঁ দাবী কৰে যে যি ধৰণে তেওঁক লৈ যোৱা হৈছিল, সেই ঘটনাক গ্ৰেপ্তাৰ বা আটক বুলি ক’ব নোৱাৰি।
সহজ ভাষাত ক’বলৈ গ’লে, সেয়া আছিল অপহৰণ। ইয়াৰ উপৰি তেওঁ জাৰ্মানীৰ নাগৰিক নহয়, বৰং ভাৰতৰ নাগৰিক বুলি প্ৰমাণ কৰিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সমালোচক হিচাপে পৰিচিত ইনফ্লুৱেন্সাৰগৰাকীয়ে নিজৰ ভাৰতীয় পাছপ’ৰ্টো ৰাজহুৱাভাৱে দেখুৱায়।
শনিবাৰে দিল্লীত ককৰোচ জনতা পাৰ্টি (CJP)ৰ প্ৰতিবাদৰ পূৰ্বে গুৰুগ্ৰামৰ বাসগৃহৰ পৰা ধ্ৰুৱ ৰাঠীক আটক কৰা হৈছিল। প্ৰায় ২০–২২ ঘণ্টাৰ পাছত শনিবাৰে নিশাই আৰক্ষীয়ে তেওঁক মুকলি কৰি দিয়ে। তেওঁক আনুষ্ঠানিকভাৱে আটক কৰা হোৱা নাছিল বুলি দাবী কৰা হৈছে। সেয়েহে দণ্ডাধীশৰ সন্মুখত হাজিৰ কৰোৱাৰো প্ৰয়োজন হোৱা নাছিল।
অৱশ্যে দিল্লী আৰক্ষীৰ এগৰাকী বিষয়াই জনোৱা অনুসৰি, আগন্তুক দিনত নিষেধাজ্ঞা উপেক্ষা কৰি তেওঁ পুনৰ যন্তৰ-মন্তৰলৈ যোৱাৰ চেষ্টা কৰিলে তেওঁক গ্ৰেপ্তাৰ কৰা হ’ব পাৰে অথবা তেওঁৰ বিৰুদ্ধে আন আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব পাৰে।
অৱশ্যে অভিজিৎ দীপকে, সৌৰভ দাস আৰু আশুতোষ ৰাঙ্কাৰ দৰে তেওঁক সতৰ্কতামূলকভাৱে গ্ৰেপ্তাৰ কৰা হোৱা নাছিল।
মুকলি পোৱাৰ পিছতে ছ’চিয়েল মিডিয়াত সৰৱ হৈ পৰে ৰাঠী। নিজৰ ইউটিউব চেনেলত এটা ভিডিঅ’ প্ৰকাশ কৰি তেওঁ দাবী কৰে, ‘‘মোক অপহৰণ কৰা হৈছিল। মই ইয়াক আটক বা গ্ৰেপ্তাৰ বুলি নকওঁ। আটক কৰিবলৈ আহিলে আৰক্ষীয়ে ইউনিফৰ্ম পিন্ধি আহিলহেঁতেন। গ্ৰেপ্তাৰ কৰিবলৈ আহিলে উপযুক্ত এজাহাৰৰ প্ৰতিলিপি লৈ আহিলহেঁতেন। কিন্তু সাধাৰণ পোছাকত অহা ২০–২২জন গুণ্ডাই মোক টানি-আজুৰি লৈ গৈছিল। লগে লগে মোৰ পৰা ফোনটো কাঢ়ি লোৱা হৈছিল। ২০–২২ ঘণ্টা মোক ফোনটো ব্যৱহাৰ কৰিবলৈ দিয়া হোৱা নাছিল। সাধাৰণ পোছাকত এনেদৰে মোক টানি লৈ যোৱাটো অপহৰণেই।’’
কেৱল সেয়াই নহয়, নিজৰ নাগৰিকত্বক লৈ সৃষ্টি হোৱা বিভ্ৰান্তিৰো স্পষ্টীকৰণ দিয়ে মোদী-বিৰোধী ইউটিউবাৰগৰাকীয়ে। শনিবাৰে দিনজুৰি ছ’চিয়েল মিডিয়াত দাবী কৰা হৈছিল যে ৰাঠী ভাৰতীয় নাগৰিক নহয়, তেওঁ জাৰ্মানীৰ নাগৰিক। সেয়েহে পৰ্যটকৰ ভিছা লৈ ভাৰতলৈ আহি তেওঁ কোনো ৰাজনৈতিক কাৰ্যকলাপত অংশগ্ৰহণ কৰিব নোৱাৰে। এনে কাৰ্যই ভিছাৰ চৰ্ত উলংঘা কৰিব বুলিও দাবী কৰা হৈছিল। অৱশ্যে শনিবাৰে নিজৰ ভিডিঅ’ত ভাৰতীয় পাছপ’ৰ্ট দেখুৱাই ধ্ৰুৱ ৰাঠীয়ে স্পষ্ট কৰি দিয়ে যে তেওঁ ভাৰতৰ নাগৰিক।































