NarendraModi : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : দিল্লীত প্ৰতিবাদ অব্যাহত থকাৰ মাজতে তামিলনাডু ভ্ৰমণত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। দেওবাৰে চেন্নাইত মেট্ৰ’ ৰে’লৰ দ্বিতীয় পৰ্যায়ৰ পুনামাল্লি বাইপাছ–ভাডাপালানি অংশ উদ্বোধন কৰে তেওঁ।
১৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই মেট্ৰ’ পথত তামিলনাডুৰ মুখ্যমন্ত্ৰী জোছেফ বিজয়ৰ স’তে যাত্ৰাও কৰে প্ৰধানমন্ত্ৰী মোদীয়ে। তেওঁলোকে পৰুৰ বাইপাছৰ পৰা পুনামাল্লিলৈ যাত্ৰা কৰে।
চৰকাৰী সূত্ৰ অনুসৰি, ১৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই মেট্ৰ’ পথ নিৰ্মাণত ৪,৯০০ কোটি টকা ব্যয় হৈছে। যাত্ৰাপথত থাকিব ১১টা ষ্টেচন। সমগ্ৰ মেট্ৰ’ পথটোৰ ভিতৰত ৩.৭ কিলোমিটাৰ অংশত আছে ‘ডাবল ডেকাৰ ষ্ট্ৰাকচাৰ’।
চালকবিহীন ৰে’ল চলাচলৰ বাবে ইয়াত উন্নত সংকেত ব্যৱস্থাও স্থাপন কৰা হৈছে। এই পথত মেট্ৰ’ সেৱা আৰম্ভ হোৱাৰ ফলত চেন্নাইৰ পশ্চিম উপকণ্ঠ অঞ্চলৰ সৈতে মূল চহৰখনৰ যাতায়াত অধিক সহজ হ’ব। অহা সোমবাৰৰ পৰা এই পথত নিয়মীয়া যাত্ৰী সেৱা আৰম্ভ হ’ব বুলি জনোৱা হৈছে।
দেওবাৰে মেট্ৰ’ পথটোৰ উদ্বোধনৰ সময়ত প্ৰধানমন্ত্ৰীয়ে নিজে টিকট কাটি ষ্টেচনত প্ৰৱেশ কৰে। তেওঁৰ সৈতে আছিল মুখ্যমন্ত্ৰী বিজয়। তেওঁলোকক আদৰণি জনাবলৈ ৫০০গৰাকী ভাৰতনাট্যম শিল্পী উপস্থিত আছিল। ইয়াৰ পিছত পৰুৰ বাইপাছ ষ্টেচনৰ পৰা পুনামাল্লিলৈ মুখ্যমন্ত্ৰীৰ সৈতে যাত্ৰা কৰে প্ৰধানমন্ত্ৰীয়ে।
আন বিষয়াসকলো এই সময়ত উপস্থিত আছিল।অৱশ্যে কেৱল মেট্ৰ’ প্ৰকল্পৰ উদ্বোধনেই নহয়, এই ভ্ৰমণৰ সময়ছোৱাত প্ৰধানমন্ত্ৰীয়ে ১৩ হাজাৰ কোটি টকাতকৈও অধিক মূল্যৰ উন্নয়নমূলক প্ৰকল্প উদ্বোধন কৰাৰ লগতে কেবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব।
এই প্ৰকল্পসমূহৰ ভিতৰত আছে ৩,৭০০ কোটি টকাৰ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্প, ৭৫০ কোটি টকাৰ ৰে’ল প্ৰকল্প আৰু আইআইটি মাদ্ৰাজৰ সুধা গোপালকৃষ্ণন ব্ৰেইন চেণ্টাৰ। ইয়াৰ পিছত দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে জলকণ্ডেশ্বৰ মন্দিৰত পূজা-অৰ্চনা কৰাৰ লগতে এখন বিদ্যালয়ৰ সোণালী জয়ন্তী অনুষ্ঠানতো অংশগ্ৰহণ কৰিব।































