দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : জম্মু-কাশ্মীৰৰ ছ’পোৰত পাহাৰৰ গুহাৰ পৰা বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ আৰু বিস্ফোৰক উদ্ধাৰ হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। জম্মু-কাশ্মীৰত বৃহৎ আক্ৰমণ সংঘটিত কৰাৰ উদ্দেশ্যে উগ্ৰপন্থীসকলে অস্ত্ৰ-শস্ত্ৰ মজুত কৰি ৰাখিছিল বুলি সন্দেহ কৰা হৈছে। অৱশ্যে অঞ্চলটোত তালাচী অভিযান চলাই কোনো উগ্ৰপন্থীৰ সন্ধান পোৱা নগ’ল।
সেনা আৰু আৰক্ষীৰ সূত্ৰ অনুসৰি, উদ্ধাৰ হোৱা অস্ত্ৰ-শস্ত্ৰৰ ভিতৰত আছে মাল্টি-গ্ৰেনেড লঞ্চাৰ (MGL), দুটা AK ৰাইফল, পিষ্টল, ১১টা হেণ্ড গ্ৰেনেড আৰু দূৰনিয়ন্ত্ৰিত দুটা ইম্প্ৰভাইজড এক্সপ্ল’ছিভ ডিভাইচ (IED)। ইয়াৰ উপৰি আঠটা ডিটনেটৰ, দুটা টাইমাৰ আৰু বিস্ফোৰক প্ৰস্তুত কৰাৰ বাবে ব্যৱহৃত বৃহৎ পৰিমাণৰ সামগ্ৰীও উদ্ধাৰ কৰা হৈছে।
আৰক্ষীৰ সূত্ৰ অনুসৰি, উদ্ধাৰ হোৱা ধৰণৰ গ্ৰেনেড লস্কৰ-ই-তৈবাৰ ছায়া সংগঠন দ্য ৰেজিষ্টেন্স ফ্ৰণ্ট (TRF)-এ ব্যৱহাৰ কৰে। এগৰাকী আৰক্ষী বিষয়াই কয়, ‘‘আমি তদন্ত কৰি আছোঁ যে এই বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ ক’ৰ পৰা আহিল আৰু কোনে ইয়াত মজুত কৰি ৰাখিছিল।’’
চোৰাংচোৱা সূত্ৰৰ পৰা সেনা আৰু আৰক্ষীয়ে খবৰ লাভ কৰিছিল যে ছ’পোৰৰ মুকাম চেৰহাৰৰ পাহাৰীয়া বনাঞ্চলত উগ্ৰপন্থীসকলে অস্ত্ৰ-শস্ত্ৰ মজুত কৰি ৰাখিছে। এই খবৰ লাভ কৰাৰ লগে লগে নিৰাপত্তা বাহিনীৰ যৌথ দলে তালাচী অভিযান আৰম্ভ কৰে।
আৰক্ষীৰ সূত্ৰ অনুসৰি, তালাচীৰ সময়ত পাহাৰৰ গুহাৰ ভিতৰত নীলা ৰঙৰ ড্ৰাম এটাৰ ভিতৰত অস্ত্ৰ-শস্ত্ৰখিনি মজুত কৰি ৰখা অৱস্থাত উদ্ধাৰ কৰা হয়। শিলৰ আঁৰত এনেদৰে ড্ৰামটো লুকুৱাই ৰখা হৈছিল যে সহজে কাৰো চকুত নপৰে।































