LMurugan : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক: কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ তথা সংসদীয় পৰিক্ৰমা বিভাগৰ ৰাজ্যিক মন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিলে এল মুৰগনে। একে সময়তে ৰাজ্যসভাৰ সদস্য পদো এৰাৰ কথা জনাইছে তেওঁ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ পত্ৰ লিখি নিজৰ দায়িত্বৰ পৰা অব্যাহতি দিবলৈ আবেদন জনাইছে মুৰগনে।
২০২৯ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে তামিলনাডুত বিজেপিৰ সংগঠন অধিক শক্তিশালী কৰিবলৈ সম্পূৰ্ণ সময় দিয়াৰ ইচ্ছা প্ৰকাশ কৰিছে তেওঁ।
এক্স হেণ্ডেলত তেওঁ লিখিছে, “এইবাৰ দলৰ কৰ্মীসকলৰ কাষলৈ উভতি যাব বিচাৰোঁ। ২০২৯ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে তামিলনাডুত বিজেপিক শক্তিশালী কৰাৰ কামত নিজকে সম্পূৰ্ণৰূপে নিয়োজিত কৰিব বিচাৰোঁ। প্ৰথমে দেশ, তাৰ পাছত দল আৰু সকলোৰে শেষত নিজে।”
তেওঁৰ এই সিদ্ধান্তৰ পিছতে কেন্দ্ৰীয় মন্ত্ৰীসভাত সালসলনিৰ জল্পনা-কল্পনা অধিক বৃদ্ধি পাইছে। ইয়াৰ পূৰ্বে জুন আৰু জুলাই মাহত ক্ৰমে কেন্দ্ৰীয় মন্ত্ৰী জৰ্জ কুৰিয়েন আৰু ৰবনীত সিং বিট্টুৱেও মন্ত্ৰীসভাৰ পৰা পদত্যাগ কৰিছিল। ফলত মুৰগনৰ পদত্যাগৰ সিদ্ধান্তক লৈ ৰাজনৈতিক মহলত নতুনকৈ চৰ্চা আৰম্ভ হৈছে।
উল্লেখ্য যে তামিলনাডু বিজেপিৰ প্ৰাক্তন ৰাজ্যিক সভাপতি মুৰগন মধ্যপ্ৰদেশৰ পৰা ৰাজ্যসভালৈ নিৰ্বাচিত হৈছিল। তেওঁৰ সাংসদ হিচাপে কাৰ্যকাল ২০৩০ চনলৈকে থকাৰ কথা আছিল। মঙলবাৰে তেওঁ সেই পদৰ পৰাও অব্যাহতি বিচাৰিছে। ২০২০ চনত তেওঁক তামিলনাডু বিজেপিৰ সভাপতিৰ দায়িত্ব দিয়া হৈছিল।
২০২১ চনৰ জুলাই মাহত কেন্দ্ৰীয় মন্ত্ৰীসভাৰ সালসলনিৰ সময়ত তেওঁ মন্ত্ৰী হৈছিল। পৰৱৰ্তী সময়ত কে আন্নামালাইয়ে তামিলনাডু বিজেপিৰ সভাপতিৰ দায়িত্ব গ্ৰহণ কৰে।
ছাত্ৰ ৰাজনীতিতো অভিজ্ঞতা আছে মুৰগনৰ। তেওঁ অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ (এবিভিপি)ৰ সৈতে জড়িত আছিল। প্ৰধানমন্ত্ৰীলৈ লিখা পত্ৰখনত নিজৰ পাৰিবাৰিক পটভূমিৰ কথাও উল্লেখ কৰিছে মুৰগনে। তেওঁৰ বক্তব্য অনুসৰি, যি কামৰ জৰিয়তে তেওঁ প্ৰথমবাৰৰ বাবে জনজীৱনত প্ৰৱেশ কৰিছিল, এইবাৰ সেই কামতে অধিক সময় দিব বিচাৰে তেওঁ।































