WomenEmpowerment : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক: শেহতীয়াকৈ বিআইটি মিশ্ৰা (BIT Mesra)ৰ পৰা অভিযান্ত্ৰিক বিদ্যাত পিএইচডি (PhD) ডিগ্ৰী অৰ্জন কৰি চৰ্চালৈ আহিছে ৰাঁচীৰ তুৰুপ গাঁৱৰ বাসিন্দা আৰতি মাহাতো। তেওঁৰ গাঁৱৰ প্ৰথমগৰাকী মহিলা হিচাপে তেওঁ অভিযান্ত্ৰিক বিদ্যাত ডক্টৰেট ডিগ্ৰী অৰ্জন কৰিছে। আৰতিৰ এই সফলতাৰ আঁৰত আছে তেওঁৰ মাতৃৰ যথেষ্ট অৱদান। মাতৃৰ অক্লান্ত পৰিশ্ৰম আৰু নিষ্ঠাৰ বলতেই আজি এই স্থানত উপনীত হ’বলৈ সক্ষম হৈছে আৰতি।আহক, তেওঁৰ এই অসাধাৰণ সফলতাৰ কাহিনী জানো।
বিআইটি মেছৰাত চাফাইকৰ্মীৰ কাম কৰি পৰিয়াল পোহপাল দিয়ে আৰতিৰ মাতৃয়ে
আৰতি মাহাতোৰ এই সফলতাৰ আঁৰত আছে তেওঁৰ মাতৃ ৰাণু দেৱীৰ দীৰ্ঘদিনীয়া সংগ্ৰাম। বিগত ২৬ বছৰ ধৰি ৰাণু দেৱীয়ে বিআইটি মেছৰাত চাফাইকৰ্মী হিচাপে কাম কৰি পৰিয়াল পোহপাল দি আহিছে। স্বামীৰ মৃত্যুৰ পিছত তেওঁ অকলেই তিনিগৰাকী সন্তানক ডাঙৰ-দীঘল কৰিছে।
ৰাণু দেৱীয়ে জনোৱা অনুসৰি, তেওঁ যেতিয়া কাম আৰম্ভ কৰিছিল, তেতিয়া তেওঁৰ সাপ্তাহিক উপাৰ্জন আছিল মাত্ৰ ৪০০ টকা। বৰ্তমান সেই উপাৰ্জন মাহে প্ৰায় ১৫,০০০ টকালৈ বৃদ্ধি পাইছে।
তিনি ভাই-ভনীৰ ভিতৰত আৰতি দ্বিতীয় সন্তান। পৰিয়ালত তীব্ৰ অভাৱ-অনাটন থকাৰ পিছতো তেওঁ পঢ়া-শুনা অব্যাহত ৰাখিছিল। তেওঁৰ উচ্চশিক্ষাৰ ক্ষেত্ৰত বিআইটি মেছৰা আৰু বিভিন্ন চৰকাৰী বৃত্তিয়েও গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।
গৱেষণাৰ জৰিয়তে পিএইচডি অৰ্জন কৰাৰ পূৰ্বে আৰতিয়ে বিআইটি মেছৰাৰ পৰাই বি.টেক (B.Tech) আৰু এম.টেক (M.Tech) সম্পূৰ্ণ কৰিছিল। পিএইচডিত তেওঁৰ গৱেষণাৰ বিষয় আছিল ‘ইমেজ প্ৰচেছিং এণ্ড কমিউনিকেচন’ (Image Processing and Communication)। তেওঁৰ গৱেষণা-পত্ৰৰ শিৰোনাম আছিল ‘এফিচিয়েণ্ট এণ্ড ৰিলায়েবল ইমেজ কমিউনিকেচন থ্ৰু ৱায়াৰলেছ নেটৱৰ্ক’ (Efficient and Reliable Image Communication Through Wireless Network)।
ৰাণু দেৱীয়ে তেওঁৰ কন্যাৰ এই সফলতাক দীৰ্ঘদিনীয়া কঠোৰ পৰিশ্ৰম আৰু ত্যাগৰ ফল বুলি গণ্য কৰে। আৰতিৰ এই সফলতা কেৱল তেওঁৰ পৰিয়ালৰ বাবেই গৌৰৱৰ বিষয় নহয়, কঠিন পৰিস্থিতিৰ মাজতো উচ্চশিক্ষা লাভৰ বাবে সংগ্ৰাম অব্যাহত ৰখা অসংখ্য যুৱক-যুৱতীৰ বাবেও তেওঁ এতিয়া প্ৰেৰণাৰ উৎস হৈ পৰিছে।































