ChinamaraFlyover : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : পথ আন্তঃগাঁথনি উন্নয়নৰ নামত ৰাজ্যত ৰাজহুৱা ধনৰ বৃহৎ অপচয় ঘটি থকা বুলি চৰ্চিত হৈ থকাৰ সময়তে মুকলিৰ এমাহ নৌহওঁতেই যোৰহাটৰ চিনামৰাৰ ৰেলৱে উৰণীয়া সেতুৰ একাংশ বহি গৈছে।
৭০ কোটি টকা ব্যয় সাপেক্ষে বি টু এছ ইনফ্রাস্ট্রাকচাৰ নামৰ প্রতিষ্ঠানে নির্মাণ কৰা এই উৰণীয়া সেতু যোৱা ১৩ ছেপ্টেম্বৰত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই উদ্বোধন কৰে। নির্মাণত ত্রুটিপূর্ণ হোৱাত সেতুখন মুকলিৰ এমাহ নৌহওঁতেই অৱস্থা তথৈবচ হৈছে। সম্প্রতি সেতুখনৰ চিনামৰা তিনিআলি দিশৰ এটা পিছ অংশ সম্পূর্ণ খাল সদৃশ হৈ পৰে।
একে সময়তে পশ্চিমৰ কে’বাস্থানতো কাষৰ পকীৰ মাজেদি বালি ওলাই আহিছে। একে সময়তে কে’বাস্থানতো পকী-বীমৰ ধালাইত ফাট মেলিছে। বিসংগতিবোৰ জনচক্ষুৰ পৰাৰ পাছতে জিলা লোকনির্মাণ বিভাগে বহি যোৱাৰ অংশত আলকাতৰা আৰু শিল দি মেৰামতিৰ চেষ্টা কৰে যদিও বিফল হ’ল।কাৰণ অংশটো পুনৰ বহি গৈছে।
উল্লেখ্য যে সেতুখনৰ নিৰ্মাণ কাৰ্য ত্রুটিপূর্ণ হোৱাক লৈ ‘দৈনিক অগ্রদূত’ত বাতৰি প্ৰকাশ পাইছিল। অভিযোগ অনুসৰি, সেতুখন নির্মাণত সংশ্লিষ্ট প্রতিষ্ঠানে নির্ধাৰিত নীতি-নিয়ম মানি চলা নাছিল। তৎসত্ত্বেও সংশ্লিষ্ট অভিযন্তাই নীৰৱ ভূমিকা পালন কৰে। অভিযোগ অনুসৰি পুৰণি নলাত চিমেন্ট-বালি সানি তাৰ ওপৰতে শ্লেব বহুৱাই নিৰ্মাণকাৰী সংস্থাই কাম সম্পন্ন কৰে। ফলত চিনামৰা হাটকে ধৰি এটা বৃহৎ জনবসতিপূর্ণ অঞ্চল পানীত ডুব যোৱাত বিষয়টো ৰাইজৰ চকুত পৰে।
ৰাইজৰ প্ৰতিবাদৰ পাছতহে সেই নলা পুনৰ নিৰ্মাণ কৰিছিল কোম্পানীটোৱে। পৰিণতিত চিনামৰা হাটকে ধৰি এক বৃহৎ জনবসতিপূর্ণ অঞ্চল পানীত বুৰ যোৱাত সেতুখনৰ ত্রুটিপূর্ণ নির্মাণ স্থানীয় ৰাইজৰ দৃষ্টিগোচৰ হয়। ইয়াক লৈ ৰাইজে প্রতিবাদ সাব্যস্ত কৰাত নলাটো আকৌ নিৰ্মাণ কৰে প্ৰতিষ্ঠানটোৱে। আনহাতে, বহু কোটিটকীয়া ব্যয়ৰে নিৰ্মাণ কৰা সেতুখনৰ এনে অৱস্থাক লৈ লোকনির্মাণ বিভাগৰ বিষয়া- অভিযন্তাসকল নিশ্চুপ হৈ থকাত বিষয়টো ৰহস্যৰ আবৰ্তত সোমাই পৰিছে।
স্থানীয় একাংশ লোকে অভিযোগ কৰা অনুসৰি, বিভাগীয় অভিযন্তাৰ স’তে মিতিৰালি কৰিয়ে নিৰ্মাণকাৰী প্রতিষ্ঠানে ত্রুটিপূর্ণভাৱে সেতুখন নির্মাণ কৰাত এই অবাঞ্ছিত ঘটনা সংঘটিত হৈছে। সম্প্ৰতি ৰাইজৰ আশংকা হ’ল যে কোন মুহূর্তত এই নৱনির্মিত সেতু খহি পৰে তাৰ কোনো নিশ্চয়তা নাই। উল্লেখ্য যে ইয়াৰ পূর্বেও ৰাইজৰ বিভিন্ন স্থানত দলং খহি পৰাৰ ঘটনা সংঘটিত হৈছিল।































