DelhiProtest : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : জ্ঞানেশ-কাণ্ডৰ বিৰুদ্ধে যোৱা ১০ অক্টোবৰত ককৰোচ জনতা পার্টিয়ে দিল্লীৰ যন্তৰ মন্তৰত আয়োজন কৰা গণতান্ত্রিক প্রতিবাদ নিষ্ফল কৰিবলৈ নৰেন্দ্ৰ মোদী চৰকাৰে ৪০ সহস্রাধিক নিৰাপত্তাৰক্ষীৰে ৰাজধানীক অভেদ্য দুৰ্গলৈ পৰিণত কৰাত প্ৰচুৰ আৰ্থিক ক্ষতিৰ সন্মুখীন হ’ল ৰাজধানী চহৰৰ ব্যবসায়ীসকল।
উক্ত দিনা নিৰাপত্তাৰক্ষীৰ এনে ‘ৰণসজ্জা’ৰ ফলত দুহেজাৰ কোটি টকাৰ ক্ষতিৰ সম্মুখীন হোৱাৰ অভিযোগ উত্থাপন কৰি একাংশ ব্যৱসায়ী সংগঠন দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে। এই ক্ষেত্ৰত ব্যৱসায়ীসকলৰ প্ৰতি একাংশ আইনজীবীয়েও সমর্থন ঘোষণা কৰিছে। কালি উচ্চ ন্যায়ালয়ত ব্যবসায়ী সংগঠনসমূহে আবেদন দাখিল কৰি জৰুৰী শুনানিৰ ব্যৱস্থা কৰিবলৈ প্ৰাৰ্থনা জনায়। এই ব্যৱসায়ী সংগঠনসমূহৰ হৈ ন্যায়ালয়ত আবেদন দাখিল কৰে জ্যেষ্ঠ অধিবক্তা শচীন পুৰীয়ে।
এই সম্পর্কত অধিবক্তাজনে কয়, ‘আমি বিচাৰো যে নির্দিষ্ট বিধি প্রয়োগ কৰা হওক। উচ্চতম ন্যায়ালয়েও তেনে কথাই কৈছে। আমি বিচাৰো, আমাৰ ন্যূনতম অধিকাৰ ৰক্ষা হওক।’ উল্লেখ্য যে ককৰোচৰ এই প্ৰতিবাদ দমনৰ বাবে মোদী চৰকাৰে যোৱা ১০ অক্টোবৰত ৰেল আৰু ইন্টাৰনেট সংযোগো বাতিল কৰিছিল। একেদৰে ৫০টাৰো অধিক মেট্র’ স্টেছন আৰু দুটাকৈ বেল ষ্টেছনো বন্ধ কৰি দিছিল।
আনহাতে, জ্ঞানেশ-কাণ্ডৰ বিৰুদ্ধে প্রতিবাদ সাব্যস্ত কৰাৰ সময়ত দিল্লী আৰক্ষীয়ে আটক কৰি কাৰাগাৰ ভানত তুলি নিয়া একাংশ মহিলা প্ৰতিবাদকাৰীক মাৰধৰ কৰাৰ অভিযোগ উত্থাপন হৈছে। আৰক্ষীৰ দ্বাৰা নিৰ্যাতনৰ বলি একাংশ প্রতিবাদকাৰীয়ে অভিযোগ কৰা অনুসৰি কাৰাগাৰ ভানত তেওঁলোকক তোলাৰ সময়ত আৰু পাছত গুপ্তাংগতো মহিলা আৰক্ষীয়ে প্ৰহাৰ কৰে।
এই সম্পৰ্কত নৌৰিন নামৰ এগৰাকী ভুক্তভোগীয়ে কয়, ‘যোৱা ১১ অক্টোবৰত আমি মধ্য দিল্লীত শান্তিপূর্ণভাৱে প্রতিবাদ সাব্যস্ত কৰি থকাৰ সময়তে প্রতিবাদস্থলীত একাংশ আৰক্ষীৰ লোক আহে। আৰক্ষীয়ে ১৬ জন প্ৰতিবাদকাৰীক আটক কৰি কাৰাগাৰ ভানত তোলে। এই ১৬ প্রতিবাদকাৰীৰ ১৫ গৰাকীয়ে যুৱতী আৰু মহিলা আছিল। কাৰাগাৰ ভানত তোলাৰ সময়ত আমাক আৰক্ষীয়ে প্ৰহাৰ কৰিবলৈ ধৰে। একাংশৰ গুপ্তাংগতো প্ৰহাৰ কৰে।’
আনকি এগৰাকী মহিলা কনিষ্টবলে এগৰাকী প্ৰতিবাদকাৰীৰ ডিঙি চেপি ধৰিছিল বুলিও নৌৰিনে অভিযোগ উত্থাপন কৰে। তদুপৰি কাৰাগাৰ ভানত তোলাৰ সময়ত আৰক্ষীয়ে প্ৰতিবাদকাৰীসকলৰ ম’বাইল ফোন কাঢ়ি লোৱা বুলিও একাংশ ভুক্তভোগীয়ে অভিযোগ উত্থাপন কৰিছে।































