WholesaleInflation : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক: এদিন পূৰ্বেই খুচুৰা বজাৰত মুদ্ৰাস্ফীতিৰ হাৰ প্ৰকাশ কৰিছিল মোদী চৰকাৰে। সেই হাৰে গঢ়িছিল অভিলেখ। এইবাৰ প্ৰকাশ পোৱা পাইকাৰী মুদ্ৰাস্ফীতিৰ পৰিসংখ্যাও একেদৰেই উদ্বেগজনক। এনে পৰিস্থিতিত উৎসৱৰ বতৰত সাধাৰণ জনতাৰ জেপত অতিৰিক্ত বোজা পৰাৰ আশংকা কৰা হৈছে।
আগষ্ট মাহত পাইকাৰী মুদ্ৰাস্ফীতিৰ হাৰ আছিল ৯.৯২ শতাংশ। ছেপ্টেম্বৰ মাহত এই হাৰ বৃদ্ধি পাই ১১.৩৯ শতাংশত উপনীত হৈছে। চৰকাৰী তথ্য অনুসৰি, বিভিন্ন উদ্যোগৰ কাৰখানাত উৎপাদিত সামগ্ৰীৰ দাম দ্ৰুতগতিত বৃদ্ধি পাইছে।
বুধবাৰে কেন্দ্ৰীয় চৰকাৰৰ প্ৰকাশিত পৰিসংখ্যা অনুসৰি, মূলতঃ ইন্ধন, বিদ্যুৎ আৰু খাদ্যসামগ্ৰীৰ দাম যথেষ্ট বৃদ্ধি পোৱাৰ ফলতেই পাইকাৰী মুদ্ৰাস্ফীতিৰ হাৰ বৃদ্ধি পাইছে।
আগষ্টৰ তুলনাত ছেপ্টেম্বৰ মাহত ইন্ধন আৰু বিদ্যুতৰ পাইকাৰী মূল্যবৃদ্ধিৰ হাৰ ২৫.৮৫ শতাংশ হৈছে। আনহাতে, খাৰুৱা পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছৰ দাম ক্ৰমে ৫৭.৩২ শতাংশ হাৰত বৃদ্ধি পাইছে।
পাইকাৰী সামগ্ৰীৰ এই মূল্যবৃদ্ধিয়ে বজাৰ বিশেষজ্ঞসকলক উদ্বিগ্ন কৰি তুলিছে। সংশ্লিষ্ট মহলৰ মতে, এই মূল্যবৃদ্ধিৰ প্ৰভাৱ হয়তো পোনপটীয়াকৈ খুচুৰা বজাৰত নপৰিব, কিন্তু পৰোক্ষভাৱে ইয়াৰ প্ৰভাৱ পৰাৰ সম্ভাৱনা আছে। অনাগত দিনত পাইকাৰী সামগ্ৰীৰ মূল্যবৃদ্ধিৰ প্ৰভাৱ খুচুৰা বজাৰতো পৰিব পাৰে।
ইতিমধ্যে খুচুৰা বজাৰৰ মুদ্ৰাস্ফীতিৰ হাৰো উদ্বেগজনকভাৱে বৃদ্ধি পাইছে। আগষ্ট মাহত এই হাৰ আছিল ৪.৮৩ শতাংশ। ছেপ্টেম্বৰ মাহত ই বৃদ্ধি পাই ৫.৫৪ শতাংশ হৈছে। নতুন গ্ৰাহক মূল্য সূচক (CPI) পদ্ধতিৰে গণনা আৰম্ভ কৰাৰ পিছত এয়াই সৰ্বাধিক মুদ্ৰাস্ফীতিৰ হাৰ। অৰ্থাৎ, এমাহৰ ভিতৰতে মুদ্ৰাস্ফীতিৰ হাৰ ০.৭১ শতাংশ পইণ্ট বৃদ্ধি পাইছে।
২০২৪ চনৰ অক্টোবৰত খুচুৰা মুদ্ৰাস্ফীতিৰ হাৰ আছিল ৬.২১ শতাংশ। ইয়াৰ পাছত ২০২৬ চনৰ ছেপ্টেম্বৰ মাহত মুদ্ৰাস্ফীতিৰ হাৰ প্ৰায় ২৩ মাহৰ ভিতৰত সৰ্বাধিক হৈছে। নতুন চিপিআই পদ্ধতি অনুসৰিও এয়াই সৰ্বোচ্চ হাৰ।
ফলত খুচুৰা মুদ্ৰাস্ফীতিৰ হাৰে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ চাৰি শতাংশৰ লক্ষ্য অতিক্ৰম কৰিছে। অৱশ্যে, কেন্দ্ৰীয় চৰকাৰে নিৰ্ধাৰণ কৰা সহনসীমা অৰ্থাৎ ছয় শতাংশৰ তলতে আছে মুদ্ৰাস্ফীতিৰ এই হাৰ।































