দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : শাৰদীয় দুর্গোৎসৱলৈ মাজতে আৰু কেইঘণ্টামানহে বাকী আছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বিপৰীতে শাৰদীয় দুর্গোৎসৱক আদৰিবলৈ সাজু হৈছে ঐতিহাসিক শিৱসাগৰ। বানপানীৰ পৰা মুক্ত হোৱা জিলাখনত বানপীড়িত ৰাইজে সকলো দুখ-দুদর্শা বুকুত সামৰি পূৰ্বৰ জাকজমকতাৰ বিপৰীতে পৰম্পৰাগত ৰীতি-নিয়মেৰে পূজাভাগ উদ্যাপন কৰিবলৈ সাজু হৈছে।
আনহাতে, শিৱসাগৰ নগৰ আৰু উপ-কণ্ঠ অঞ্চলসমূহতো কম বাজেটেৰে দুর্গোৎসৱ উদ্যাপন কৰিবলৈ লৈছে। প্রতি বছৰৰ দৰেই এইবাৰো শিৱসাগৰ নগৰ আৰু ইয়াৰ সমীপত ২৬খনৰো অধিক স্থানত দুর্গাপূজাৰ আয়োজনৰ বাবে পূজা মণ্ডপসমূহ সম্পূৰ্ণ কৰি তুলিছে। চৌদিশে কেরল এক আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰিছে।
প্রাপ্ত তথ্য অনুসৰি, এইবাৰ নগৰৰ মুক্তিনাথ চাৰিআলিৰ সমীপত ৯৬ সংখ্যক শিৱসাগৰ সার্বজনীন দুর্গোৎসৱ, ৯৩ সংখ্যক বাৰোৱাৰী দুর্গাপূজা, ৬৬ সংখ্যক নৱযুৱক দুর্গোৎসৱ, ৪৩ সংখ্যক শ্রী নৱজ্যোতি দুর্গোৎসব পূজা সমিতিসমূহৰ উপৰি আমোলাপট্টিৰ শ্যাম মন্দিৰ, টেম্পল ৰোড, জয়সাগৰ তিনিআলি, পশ্চিম যমুনা ৰোড, দিখৌ দলঙৰ সমীপত, ভটীয়াপাৰ, দিচাংমুখ বজাৰ, জেইল গাঁও, পলশনী, হাঁহচৰা কুজীবাৰী, নঙনামৰা তিনিআলি, কাটুগৰ, নামতিয়াল খাটপথাৰ, বাবুপট্টিৰ কালীমন্দিৰ, হস্পিতাল ৰোড, জিলা পুথিভঁৰালৰ চৌহদ, চেৰেকাপাৰ লক্ষ্মীনগৰ, মেলাচকৰ হৰিজন কল ‘নী, জয়া গেমন ব্রিজ তিনিআলি, মিলন মন্দিৰ, কালুগাঁও, অ’এনজিচি কেম্পাছ, থানামুখ আদিকে ধৰি ২৪খনৰো অধিক স্থানত আটকধুনীয়াকৈ পূজা মণ্ডপসমূহ সম্পূৰ্ণ কৰি তুলিছে।
প্রায় দুই কোটি টকাৰ বাজেটেৰে উদ্যাপন কৰিবলৈ সাজু হোৱা প্রতিখন পূজা মণ্ডপসমূহ জাক-জমকতাৰে সুসজ্জিত কৰি ৰাইজক আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। এইবাৰ পূৰ্বৰ তুলনাত বাজেটৰ পৰিমাণ হ্রাস পাইছে যদিও নগৰৰ কেইখনমান পূজা মণ্ডপৰ সুসজ্জিত দৃশ্যই সকলোৰে দৃষ্টি আকর্ষণ কৰিবলৈ সক্ষম হৈছে।
৯৬ বছৰত ভৰি দিয়া অর্থাৎ ঐতিহাসিক দেৱীদলৰ দুর্গাপূজাৰ পাছতেই নগৰখনৰ দ্বিতীয়খন পূজা শিৱসাগৰ সার্বজনীন দুর্গোৎসৱ কমিটীয়ে এইবাৰ প্ৰায় আঠ লাখ টকাৰ বাজেটেৰে উদ্যাপন কৰিবলগীয়া দুর্গোৎসৱৰ মণ্ডপটো প্ৰস্তুত কৰি তুলিছে কলকাতাৰ হাউৰিহাট বিযুক্ত মন্দিৰৰ আৰ্হিত।
একেদৰে ৯৩ বছৰত ভৰি দিয়া বাৰোৱাৰী পূজা সমিতিয়েও প্রায় ছয় লাখ টকাৰ বাজেটেৰে উদ্যাপন কৰিব লগা পূজাভাগিৰ মণ্ডপটো কলকাতাৰ নৱ দুর্গা মন্দিৰৰ আর্হিত নির্মিত কৰিছে। একেদৰে প্রায় পাঁচ লাখ টকাৰ বাজেটেৰে উদ্যাপন কৰিবলৈ লোৱা ৪৩টা বছৰত ভৰি দিয়া শ্রী নৱজ্যোতি দুর্গোৎসৱ পূজা সমিতিয়েও মণ্ডপটো নিমার্ণ কৰি উলিয়াইছে কলকাতাৰ সনাৰপুৰ শিৱমন্দিৰৰ আর্হিত।
আনহাতে, এক নতুন চিন্তাধাৰাৰে ৬৬ টা বছৰত ভৰি দিয়া নৱযুৱক দুর্গোৎসৱ সমিতিয়ে প্রায় চাৰি লাখ টকাৰ সীমিত বাজেটেৰে উদ্যাপন কৰিবলৈ লোৱা পূজাভাগিৰ মণ্ডপটো থলুৱা বাঁহ- বেতেৰে নিমার্ণ কৰি তুলিছে। য’ত প্রতিফলিত হৈছে বাঁহেৰে নিৰ্মিত টুকুৰি, খেৰৰ পৰা অন্যান্য সামগ্রী। একপ্ৰকাৰ নগৰ আৰু ইয়াৰ সমীপৰ অঞ্চলসমূহৰ প্ৰতিটো পূজামণ্ডপ জাকজমকতাৰ সমান্তৰালকৈ এক আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰিছে।
ইফালে, ১৬ৰ পৰা ২১ অক্টোবৰলৈকে হ’ব লগা দুর্গোৎসৱৰ প্ৰতি লক্ষ্য ৰাখি শিৱসাগৰ প্রশাসন, আৰক্ষী প্রশাসন সষ্টম হৈ উঠিছে। নিৰাপত্তাৰ দিশত কটকটীয়া ব্যৱস্থা গঢ়ি তুলিছে।































