SupremeCourt : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : জ্ঞানেশ-কাণ্ডৰ বিৰুদ্ধে যোৱা ১০ অক্টোবৰত নতুন দিল্লীৰ যন্তৰ মন্তৰত ককৰোচ জনতা পার্টিয়ে প্রতিবাদ সাব্যস্ত কৰাৰ দিনা কেন্দ্ৰীয় চৰকাৰে ন্যায়ালয়ৰ নির্দেশ অৱজ্ঞা কবি বাজধানী চহৰত ইণ্টাৰনেট কর্তন, ৰেল আৰু মেট্র’ ষ্টেছন বন্ধ কৰিছিল।
বৃহস্পতিবাৰে স্বয়ং কেন্দ্রীয় গৃহ মন্ত্রণালয়ে উচ্চতম ন্যায়ালয়ত এই কথা স্বীকাৰ কৰে। এই আদালত অবমাননাৰ বাবে কেন্দ্ৰীয় গৃহ সচিব গোবিন্দ মোহনে ন্যায়ালয়ৰ পৰা নিঃচর্ত ক্ষমা বিচাৰি আবেদনো জনায়। এই আবেদনত তেওঁ অনুশোচনাও প্রকাশ কৰিছে।
এই আদালত অৱমাননাৰ কাৰণ ব্যাখ্যা কৰি গৃহ সচিবে ন্যায়ালয়ক অৱগত কৰে যে দিল্লী আৰক্ষীৰ পৰা পোৱা প্ৰতিবেদনৰ ভিত্তিহে আদালত অৱমাননাকাৰী পদক্ষেপসমূহ চৰকাৰে গ্ৰহণ কৰে।
এই সম্পর্কত তেওঁ লগতে কয়, ‘যোৱা জুলাইৰ ককৰোচৰ প্ৰতিবাদৰ সোঁৱৰণ কৰি দিল্লী আৰক্ষীয়ে যোৱা ১০ অক্টোবৰৰ প্ৰতিবাদৰ দিনা পৰিস্থিতি অনুসৰি আইন-শৃংখলা বর্তাই ৰখাৰ বাবে ব্যৱস্থা গ্রহণ কৰিবলৈ অনুৰোধ জনায়। সেই অনুসৰি, যোৱা ন অক্টোবৰৰ নিশা ১০ বজাৰ পৰা পিছদিনা নিশা ১০ বজালৈ ৰাইছিনা হিলৰ চাৰি কিলোমিটাৰ ব্যাসার্ধৰ অঞ্চলত ম’বাইল ফোনৰ ইণ্টাৰনেট কৰ্তন কৰা হৈছিল। অৱশ্যে বাই-ফাই আৰু ব্রডবেণ্ড সেৱা কৰ্তন কৰা হোৱা নাছিল।’
উল্লেখ্য যে যোৱা ন অক্টোবৰত উচ্চতম ন্যায়ালয়ৰ এখন তিনিজনীয়া বিচাৰপীঠে ককৰোচৰ প্ৰতিবাদৰ দিনা ইণ্টাৰনেট, মেট্র’ ষ্টেছন আদি সম্পূৰ্ণৰূপে বন্ধ নকৰিবলৈ নিৰ্দেশ দিছিল। আশ্চর্যজনক যে ন্যায়ালয়ে এই নির্দেশ জাৰি কৰাৰ কিছু সময়ৰ পাছতে সংশ্লিষ্ট চৰকাৰী কর্তৃপক্ষসমূহে ৰেল ষ্টেছন, মেট্র’ ষ্টেছন আৰু ইন্টাৰনেট কৰ্তনৰ নির্দেশ জাৰি কৰে।
গতিকে ন্যায়ালয় অৱমাননা জলজল-পটপট হৈ পৰে। সেই অনুসৰি, একাংশ লোক মোদী চৰকাৰৰ বিৰুদ্ধে আদালত অৱমাননাৰ অভিযোগ উত্থাপন কৰি উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হয়। এইসকলৰ আবেদনৰ ভিত্তিত ন্যায়ালয়ে কেন্দ্রীয় গৃহ মন্ত্রণালয় দিল্লী মেট্র’ ৰেল নিগমৰ অধ্যক্ষ ডি থাৰা আৰু দিল্লী আৰক্ষীৰ আয়ুক্ত অনুৰাগ কুমাৰলৈ নিৰ্দেশ জাৰি কৰে।
ইপিনে, কালি দিল্লী আৰক্ষী আয়ুক্ত কুমাৰে শপতনামাযোগে সর্বোচ্চ ন্যায়ালয়ক অৱগত কৰে যে ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদৰ সময়ত আৰক্ষীয়ে আটক কৰাসকলক জিম্মাত থকা কালছোৱাত গৰম চাহ-কফি-মিঠাই খাবলৈ দিয়া হৈছিল। লগতে তেওঁ দাবী কৰে যে আটকাধীনসকলক মাথোঁ দুইৰ পৰা ছঘণ্টাহে আৰক্ষীয়ে আটক কৰি ৰাখিছিল।
দিল্লী আৰক্ষী আয়ুক্তই বৃহস্পতিবাৰে আন এক শপতনামাযোগে ন্যায়ালয়ক জনায় যে চোৰাংচোৱাৰ তথ্যৰ ভিত্তিত আৰক্ষীয়ে ককৰোচৰ প্ৰতিবাদৰ দিনা ব্যৱস্থা গ্রহণ কৰিছিল। ইয়াৰ উদ্দেশ্য আইন-শৃংখলা ৰক্ষা আছিল। আৰক্ষী আয়ুক্তই লগতে জনায় যে ১০ আৰু ১১ অক্টোবৰত ৰাজধানী চহৰৰ প্ৰধান পথ আৰু সংযোগস্থলীসমূহত যানবাহনৰ পথ সলনিৰ নিৰ্দেশক স্থাপন কৰা হৈছিল।































