PalmOil : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : তৈল খেজুৰ (পাম অইল) ৰ খেতিৰ বাবে ইণ্ডোনেছিয়াত বিগত কিছু বছৰত ব্যাপক হাৰত বন ধ্বংস কৰা হ’ল। ২০০৮ৰ পৰা ২০১২ৰ সময়ছোৱাত দেশখনত অবাধে বন ধ্বংসৰ কৰি মুকলি কৰা ভূমিত তৈল খেজুৰৰ বাগিচা স্থাপন কৰা – হয়।
এনেদৰে দেশখন বিশ্বৰে সৰ্বাধিক তৈল খেজুৰৰ উৎপাদনকাৰীত পৰিণত হয়। ইয়াৰ মূল্যও দেশখনে ভৰিবলগীয়া হৈছে। কাৰণ দেশখনে বহু প্রাচীন বৰ্ষাৰণ্য হেৰুৱাবলগীয়া হয়। একে পৰিস্থিতি দক্ষিণ-পূব এছিয়াৰ আন এখন দেশ মালয়েছিয়াতো বিৰাজ কৰিছে। কাৰণ মালয়েছিয়াও বিশ্বত উৎপাদিত মুঠ তৈল খেজুৰ তেলৰ ২৪ শতাংশ উৎপাদন কৰে।
দুয়োখন দেশতে বৃহৎ বৃহৎ প্রতিষ্ঠানৰ লগতে ক্ষুদ্ৰ আৰু মজলীয়া কৃষকেও তৈল খেজুৰৰ খেতি কৰি আহিছে। শেহতীয়াভাৱে ইউৰোপীয় সংঘৰ নিৰ্বনানীকৰণ নিয়ন্ত্রণ নীতিয়ে ইণ্ডোনেছিয়াৰ ক্ষুদ্র তৈল খেজুৰ খেতিয়কসকলক বিপদত পেলাইছে। কাৰণ এই নীতিয়ে নিৰ্বনানীকৰণৰ যিসমূহ নীতি-নিয়ম বান্ধি দিছে সেইসমূহ ক্ষুদ্র খেতিয়কসকলে মানি চলিব পৰা নাই।
ফলত তেওঁলোকে উৎপাদিত তেলৰ ৰপ্তানিৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হোৱাৰ আশংকা আছে। উল্লেখ্য যে ইণ্ডোনেছিয়াই বিশ্বত উৎপাদিত তৈল খেজুৰ তেলৰ ৪০ শতাংশই উৎপাদন কৰে। ইয়াৰ বিপৰীতে ইউৰোপলৈ মাথোঁ ১০ শতাংশহে ৰপ্তানি কৰে।
তৈল খেজুৰৰ তেল ঘাইকৈ অতি সংসাধিত খাদ্য আৰু প্ৰসাধন সামগ্রী উৎপাদনত ব্যৱহাৰ কৰা হয়। দেশখনে বিশ্বৰে সৰ্বাধিক তৈল খেজুৰ উৎপাদনকাৰীত পৰিণত হোৱাৰ উদ্দেশ্যে ২০০১ৰ পৰা ২০১৯ৰ সময়ছোৱাত মুঠ বনাঞ্চলৰ ১১ শতাংশ ধ্বংস কৰে।
স্বাভাৱিকতে এই অবাধ বনাঞ্চল ধ্বংসই সমগ্র দক্ষিণ-পূব এছিয়ালৈ ভাবুকি নমাই আনিছে। এই ক্ষেত্রত মালয়েছিয়াৰো ভূমিকা আছে। অৱশ্যে ইউৰোপীয় সংঘৰ নিৰ্বনানীকৰণ নীতিৰ কঠোৰতাৰ পৰিণাম মালয়েছিয়াৰ ক্ষুদ্ৰ খেতিয়কসকলে ভোগ কৰিবলগীয়া হোৱা নাই।
কাৰণ তেওঁলোকে এই নীতি মানিহে তৈল খেজুৰৰ খেতি কৰিছে। লক্ষ্যণীয় যে তৈল খেজুৰৰ খেতিৰ ক্ষেত্ৰত ইউৰোপীয় সংঘৰ এই নীতি মানি চলাটো বাধ্যতামূলক। কাৰণ মালয়েছিয়াৰ নীতি অনুসৰি ইউৰোপীয় সংঘই এই নীতি প্ৰস্তুত কৰিছে।
এই সম্পর্কত ৱাইল্ড এছিয়া শীর্ষক সংস্থাৰ কাৰ্যবাহী সঞ্চালক ৰেজা আজমীয়ে কয় যে ইউৰোপীয় এই নীতিয়ে মালয়েছিয়াৰ তৈল খেজুৰৰ খেতিয়কসকলক সংকটৰ মুখলৈ ঠেলি দিয়া নাই। ইয়াৰ বিপৰীতে ইণ্ডোনেছিয়াৰ ক্ষুদ্ৰ উৎপাদকসকলে বাস্তৱত এই নীতি মানি চলিব পৰা নাই।
পৰিৱেশ ৰক্ষাৰ উদ্দেশ্য এই নীতি প্রস্তুত কৰা হৈছে বুলিও তেওঁ আঙুলিয়াই দিয়ে। অৱশ্যে ইণ্ডোনেছিয়াত উৎপাদিত অধিকাংশ তৈল খেজুৰৰ তেল নিজ দেশতে ব্যৱহাৰ হয়। এক তথ্য অনুসৰি ইণ্ডোনেছিয়াত তৈল খেজুৰ উৎপাদনকাৰী প্ৰায় এক লাখ ৭৫ হেজাৰ স্বীকৃত ক্ষুদ্র কৃষক আছে।
সম্প্রতি নীতিগত কঠোৰতাৰ বাবে এই লক্ষাধিক কৃষক সংকটৰ সন্মুখীন হৈছে। ইয়াৰ বিপৰীতে বৃহৎ প্রতিষ্ঠানসমূহে অনায়েসে নীতিগত বাধ্যবাধকতা মানি চলাটো প্রতিপন্ন কৰিবলৈ সক্ষম হৈছে।
আনহাতে, এটা সংস্থাৰ মতে, একেহ প্রদেশত ইউনিলিভাৰ আৰু পেপ’ছিৰ দৰে বহুজাতিক প্রতিষ্ঠানে ক্ষুদ্র খেতিয়কসকলৰ স’তে কাম কৰি আছে। এই প্রতিষ্ঠানসমূহে কৃষকসকলে উৎপাদন বৃদ্ধিত সহায় কৰি আহিছে। আনকি গছ-বন ধ্বংস কৰি পাম খেতি কৰাটো এই প্রতিষ্ঠানসমূহে কৃষকসকলক সহায় কৰি আহিছে। তৎসত্ত্বেও সম্প্রতি কৃষকসকলে নীতিগত জটিলতাৰ ক্ষেত্ৰত সহায় বিচাৰি হাবাথুৰি খাবলগীয়া হৈছে।































