USSchoolShooting :দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : আমেৰিকাৰ বিদ্যালয়ত পুনৰ বন্দুকধাৰীৰ আক্ৰমণ। বৃহস্পতিবাৰে ওৰেগন প্ৰদেশৰ বেণ্ড চহৰৰ এখন প্ৰাথমিক বিদ্যালয়ত বন্দুকধাৰী কিশোৰ এজনে কৰা ধাৰাসাৰ গুলীচালনাত এগৰাকী শিক্ষক আৰু তিনিগৰাকী শিক্ষাৰ্থীৰ মৃত্যু হয়।
বৃহস্পতিবাৰে সংঘটিত এই ঘটনাত ১৬ বছৰীয়া আক্ৰমণকাৰী কিশোৰজনৰো মৃত্যু হোৱা বুলি আৰক্ষীয়ে জনাইছে। কেনেকৈ মৃত্যু হ’ল কিশোৰজনৰ? আৰক্ষীৰ দাবী অনুসৰি, স্থানীয় এগৰাকী ব্যক্তিয়ে গুলীচালনা কৰি আক্ৰমণকাৰী কিশোৰজনক হত্যা কৰে।
অৱশ্যে, তদন্তৰ স্বাৰ্থত ব্যক্তিগৰাকীৰ নাম প্ৰকাশ কৰা হোৱা নাই। আক্ৰমণকাৰী কিশোৰজনৰ নামো প্ৰকাশ কৰা হোৱা নাই। কিশোৰজনৰ স’তে বিদ্যালয়খনৰ কোনো সম্পৰ্ক আছিল নে নাই, সেয়া স্পষ্ট হোৱা নাই।
আৰক্ষীয়ে জনোৱা অনুসৰি, বৃহস্পতিবাৰে দুপৰীয়া বেণ্ড চহৰৰ ছিলভাৰ ৰে’ল এলিমেণ্টেৰী স্কুলৰ তলা লগোৱা দুৱাৰত গুলীচালনা কৰি দুৱাৰখন ভাঙি ভিতৰত প্ৰৱেশ কৰে আক্ৰমণকাৰী কিশোৰজনে। তাৰ পিছতে বিদ্যালয়খনৰ ভিতৰত প্ৰৱেশ কৰি গুলীচালনা কৰিবলৈ আৰম্ভ কৰে। ঘটনাস্থলীতে এগৰাকী শিক্ষক আৰু তিনিগৰাকী শিক্ষাৰ্থীৰ মৃত্যু হয়।
বেণ্ড চহৰৰ আৰক্ষী প্ৰধান মাইক ক্ৰাণ্টজে কয়, ‘‘কিশোৰজনক অনুসৰণ কৰি এগৰাকী স্থানীয় বাসিন্দা বিদ্যালয়খনৰ ভিতৰত প্ৰৱেশ কৰে। তেওঁৰ গুলীত আক্ৰমণকাৰীজনৰ মৃত্যু হয়।’’
নিহত তিনিগৰাকী শিশুৰ বয়স পাঁচ, আঠ আৰু ১১ বছৰ। আৰক্ষীয়ে জনোৱা অনুসৰি, সাত বছৰীয়া এগৰাকী শিক্ষাৰ্থী আৰু ৫৪ বছৰীয়া আন এগৰাকী শিক্ষকক সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।





























