DhruvRathee : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদত অংশ ল’বলৈ ভাৰতলৈ আহি বৃহৎ বিপদত ইউটিউবাৰ ধ্ৰুৱ ৰাঠী। এইবাৰ সাত বছৰ পুৰণি এটা গোচৰত মোদী বিৰোধী ইউটিউবাৰগৰাকীৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰিছে দিল্লীৰ এখন আদালতে। অৱশ্যে, এই পৰোৱানা জামিনযোগ্য।
সেয়েহে, আৰক্ষীয়ে ধ্ৰুৱ ৰাঠীক গ্ৰেপ্তাৰ কৰিলেও তেওঁক কাৰাগাৰত থাকিব নালাগিব। জামিন লাভ কৰিব। ২০১৮ চনত ধ্ৰুৱ ৰাঠীৰ বিৰুদ্ধে মানহানিৰ গোচৰ তৰিছিল বিজেপি সমৰ্থক বিকাশ পাণ্ডেই। অৰবিন্দ কেজৰিৱালৰ বিৰুদ্ধেও গোচৰ তৰিছিল তেওঁ। সেই গোচৰত অৰবিন্দ কেজৰিৱালে ক্ষমা খুজিছিল।
কিন্তু ধ্ৰুৱ দীৰ্ঘদিন ধৰি জাৰ্মানীত থকাৰ বাবে তেওঁৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাছিল আদালতে। তেওঁ ভাৰতলৈ উভতি অহাৰ লগে লগেই তেওঁলৈ চমন জাৰি কৰিছিল ছাকেট আদালতে। এইবাৰ জাৰি কৰা হ’ল গ্ৰেপ্তাৰী পৰোৱানা।
ঠিক কি আছিল সেই গোচৰ? বিকাশ পাণ্ডে নামৰ বিজেপি সমৰ্থকগৰাকী ‘আই ছাপ’ৰ্ট নৰেন্দ্ৰ মোদী’ নামৰ এটা সমাজমাধ্যম পৃষ্ঠাৰ প্ৰতিষ্ঠাপক। তেওঁৰ অভিযোগ অনুসৰি, ২০১৮ চনৰ মে’ মাহত ধ্ৰুৱই ‘বিজেপি আই টি চেল পাৰ্ট ২’ নামৰ এটা ভিডিঅ’ প্ৰকাশ কৰিছিল। তাত তেওঁক বিজেপিৰ আই টি চেলৰ সদস্য বুলি দাবী কৰিছিল।
ভিডিঅ’টোত তেওঁক লৈ মিছা আৰু মানহানিকৰ মন্তব্যও কৰা হৈছিল বুলি ধ্ৰুৱৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছিল। সেই গোচৰতে এইবাৰ গ্ৰেপ্তাৰৰ সন্মুখীন হ’বলগীয়া হৈছে ৰাঠী।
উল্লেখ্য যে যোৱা শনিবাৰে দিল্লীত ‘ককৰোচ জনতা পাৰ্টি’ৰ প্ৰতিবাদৰ পূৰ্বেই গুৰুগ্ৰামৰ বাসগৃহৰ পৰা ধ্ৰুৱক আটক কৰা হৈছিল। প্ৰায় ২০-২২ ঘণ্টাৰ পাছত সেইদিনা নিশাই তেওঁক মুকলি কৰি দিয়ে আৰক্ষীয়ে। তেওঁক গ্ৰেপ্তাৰ কৰা হোৱা নাছিল।
সেয়েহে, দণ্ডাধীশৰ ওচৰত হাজিৰ কৰোৱাৰো প্ৰয়োজন হোৱা নাছিল। অৱশ্যে, দিল্লীৰ এগৰাকী আৰক্ষী বিষয়াই জনোৱা অনুসৰি, অনাগত দিনত যদি নিষেধাজ্ঞা উলংঘা কৰি তেওঁ পুনৰ যন্তৰ-মন্তৰলৈ যোৱাৰ চেষ্টা কৰে, তেন্তে তেওঁক গ্ৰেপ্তাৰ কৰা হ’ব পাৰে অথবা তেওঁৰ বিৰুদ্ধে আন কোনো আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব পাৰে।





























