ElectionCommission: দৈনিক অগ্ৰদূত ডিজিটেল ডেস্কঃ নিৰ্বাচন আয়ুক্তসকলৰ তৰফৰ পৰা অভিযোগ লাভ কৰিও কোনো ব্যৱস্থা গ্ৰহণ কৰা নাছিল মোদী চৰকাৰে! এইবাৰ আৰটিআইৰ জৰিয়তে পোহৰলৈ আহিল বিস্ফোৰক তথ্য। দুদিন পূৰ্বেই জানিব পৰা গৈছিল যে মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰক অজ্ঞাতে ৰাখি কেবিনেট সচিবলৈ চিঠি লিখিছিল দুই সহকাৰী নিৰ্বাচন আয়ুক্ত সুখবীৰ সিং সান্ধু আৰু বিবেক যোশীয়ে। কিন্তু সেই চিঠিৰ ভিত্তিত কেবিনেট সচিবালয়ে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাছিল বুলি আৰটিআইৰ জৰিয়তে জানিব পৰা গৈছে।
অভিযোগ লাভ কৰিও কিয় ব্যৱস্থা গ্ৰহণ নকৰিলে কেবিনেট সচিবালয়ে? আৰটিআইৰ উত্তৰত কোৱা হৈছে যে কেবিনেট সচিবালয়লৈ অহা চিঠিকেইখন ব্যক্তিগতভাৱে লিখা হৈছিল। নিৰ্বাচন আয়োগৰ তৰফৰ পৰা কোনো অভিযোগ দাখিল কৰা হোৱা নাছিল। সেইবাবেই কেবিনেট সচিবালয়ে সিদ্ধান্ত লয় যে যিহেতু আয়োগৰ তৰফৰ পৰা কোনো চিঠি পোৱা নাই, সেয়েহে ব্যক্তিগত চিঠিৰ ভিত্তিত ব্যৱস্থা গ্ৰহণ কৰিলে সেয়া আয়োগৰ কাম-কাজত হস্তক্ষেপ কৰাৰ সমতুল্য হ’ব।
অৱশ্যে, কেবিনেট সচিবালয়ে অভিযোগটো যথেষ্ট গুৰুতৰ বুলি বিবেচনা কৰিছিল আৰু বিষয়টো নিশ্চয়কৈ পৰীক্ষা কৰা উচিত বুলি ভাবিছিল। কিন্তু এই বিষয়টোক আয়োগৰ তৰফৰ পৰা আনুষ্ঠানিকভাৱে দাখিল কৰা অভিযোগ হিচাপে গণ্য কৰিব নোৱাৰি।
তথ্য অনুসৰি,দুদিন পূৰ্বে সুখবীৰ সিং সান্ধু আৰু বিবেক যোশীয়ে ২৯ জুলাইত লিখা চিঠি দুখন ‘সেৱা তীৰ্থ’ত উপস্থিত হৈছিল। এই চৌহদতে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়, ৰাষ্ট্ৰীয় নিৰাপত্তা পৰিষদৰ সচিবালয় আৰু কেবিনেট সচিবালয় অৱস্থিত।
প্ৰশ্ন হৈছে, নিৰ্বাচন আয়ুক্তসকলে সচিবালয়লৈ কিয় চিঠি লিখিছিল? ধাৰণা কৰা হৈছে যে ইয়াৰ আঁৰত আছিল ২৮ জুলাইত জাৰি কৰা কামৰ বিতৰণ সম্পৰ্কীয় এটা নিৰ্দেশ। সেই নিৰ্দেশৰ বিৰুদ্ধে আপত্তি জনাই দুই আয়ুক্তই কেবিনেট সচিবলৈ চিঠি লিখিছিল।
তেওঁলোকে নিৰ্দেশটোক নিয়ম উলংঘা কৰা কাৰ্য বুলি অভিহিত কৰিছিল। অৱশ্যে, পৰৱৰ্তী সময়ত কামৰ বিতৰণ সম্পৰ্কীয় এই নতুন নিৰ্দেশটো বাতিল কৰা হয়।
কোৱা হৈছে যে এই পৰিৱৰ্তনসমূহৰ ফলত নিৰ্বাচনী তালিকাৰ তথ্য-প্ৰযুক্তিৰ গাঁথনিৰ ওপৰত থকা তদাৰকীৰ এটা স্তৰ কাৰ্যতঃ আঁতৰাই দিয়া হৈছিল। নিৰ্বাচন আয়ুক্তসকলেও স্পষ্ট কৰি দিছিল যে তেওঁলোকৰ অজ্ঞাতে এই পৰিৱৰ্তনসমূহ অনা হৈছিল। ইয়াক ‘প্ৰচলিত ৰীতি-নীতিৰ পৰা আমূল বিচ্যুতি’ বুলি বৰ্ণনা কৰা হৈছিল।
অৱশ্যে, ২৬ ছেপ্টেম্বৰত প্ৰকাশ কৰা এটা প্ৰেছ বিজ্ঞপ্তিত নিৰ্বাচন আয়োগে জনায় যে কেবিনেট সচিবলৈ প্ৰেৰণ কৰা চিঠিখন আয়োগৰ কোনো নীতিগত বিষয় বা তথ্য-প্ৰযুক্তি বিভাগৰ সৈতে জড়িত নাছিল। বৰং, চিঠিখন ভাৰতীয় নিৰ্বাচন আয়োগত (ইচিআই) কৰ্মৰত এগৰাকী বিষয়াৰ কাম-কাজৰ সৈতে জড়িত আছিল।






























