SaudiArabiaAttack : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্কঃ ছৌদি আৰৱৰ তেলসমৃদ্ধ চহৰ দাম্মামত অৱস্থিত কিং ফাহাদ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত আঘাত হানিলে হুথি বিদ্ৰোহীৰ ক্ষেপণাস্ত্ৰই। ইয়াৰ পিছতে বিমানবন্দৰৰ এটা অংশত অগ্নিকাণ্ডৰ সৃষ্টি হয়। এই ঘটনাত এজন ভাৰতীয়সহ দুজন লোকৰ মৃত্যু হৈছে।
আনহাতে, আহত হৈছে আৰু আঠ জন লোক। আহতসকলৰ ভিতৰত ভাৰত, য়েমেন আৰু বাংলাদেশৰ নাগৰিকো আছে।
তথ্য অনুসৰি, বৃহস্পতিবাৰে পুৱা কিং ফাহাদ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত আক্ৰমণ চলায় য়েমেনৰ বিদ্ৰোহী সংগঠন হাউথিয়ে। ততাতৈয়াকৈ খালী কৰা হয় বিমানবন্দৰটো। কেৱল সেয়াই নহয়, কিছু সময়ৰ বাবে বিমানবন্দৰৰ সেৱাও ব্যাহত হয়।
ৰিয়াধস্থিত ভাৰতীয় দূতাবাসে জনাইছে যে, তেওঁলোকে এই ঘটনা সন্দৰ্ভত অধিক তথ্য সংগ্ৰহৰ চেষ্টা চলাইছে। ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ স’তেও যোগাযোগ কৰা হৈছে। ইয়াৰ লগতে নিহতসকলৰ পৰিয়ালৰ প্ৰতিও সমবেদনা জ্ঞাপন কৰিছে দূতাবাসে।
আক্ৰমণৰ পিছতে ঘটনাস্থলীত উপস্থিত হয় অগ্নিনিৰ্বাপক বাহিনী। জুই নিৰ্বাপনৰ কাম চলোৱা হয়। আহতসকলক উদ্ধাৰ কৰি হাস্পতালত ভৰ্তি কৰোৱা হয়। অৱশ্যে, কিছু সময়ৰ ভিতৰতে পৰিস্থিতি স্বাভাৱিক হয়।
ইফালে, উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ মাজতে বুধবাৰে আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ে ছৌদি আৰৱত থকা আমেৰিকাৰ দূতাবাসৰ অপ্ৰয়োজনীয় কৰ্মচাৰী আৰু তেওঁলোকৰ পৰিয়ালক দেশখন এৰিবলৈ নিৰ্দেশ দিয়ে।
এই সিদ্ধান্তৰ ব্যাখ্যা দি বিদেশ মন্ত্ৰালয়ৰ মুখপাত্ৰ টমি পিগটে সমাজমাধ্যমত লিখিছে, ‘ইৰানৰ সমৰ্থনপুষ্ট হুথিসকলে ছৌদি আৰৱৰ বিৰুদ্ধে শত্ৰুতা বৃদ্ধি কৰিছে। অসামৰিক বিমানবন্দৰকে ধৰি বিভিন্ন গুৰুত্বপূৰ্ণ আন্তঃগাঁথনিত আক্ৰমণ চলাইছে। ফলত সাধাৰণ নাগৰিকৰ জীৱন বিপদাপন্ন হৈছে।’






























