ArdisiaColorata : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : অসমৰ প্ৰকৃতিৰ বুকুৰ পৰা আহিছে এক অত্যন্ত আনন্দৰ খবৰ। ২০৪ বছৰ ধৰি সন্ধানহীন হৈ থকা ‘আৰ্ডিছিয়া ক’লৰাটা’ (Ardisia colorata) উদ্ভিদৰ পুনৰ আৱিষ্কাৰ আৰু গোৱালপাৰাৰ নাদৰ গভীৰতাত বিজ্ঞানৰ বাবে নতুন দুটা মাছৰ প্ৰজাতি ‘গিটচাক নাকানা’ (Gitchak nakana) আৰু ‘ৰাকথামিকথিছ আঞ্চি’ (Rakthamichthys anchi)ৰ সন্ধানে অসমক জৈৱ-বৈচিত্ৰ্যৰ এক গুৰুত্বপূৰ্ণ কেন্দ্ৰ হিচাপে পুনৰ উজলাই তুলিছে।
এই সুখবৰটো সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সামাজিক মাধ্যমত তেওঁ লিখিছে,অসমৰ চহকী প্ৰাকৃতিক সম্পদ আৰু জৈৱ-বৈচিত্ৰ্যৰ এই অনন্য নিদৰ্শনসমূহে আমাক গৌৰৱান্বিত কৰিছে। প্ৰকৃতিৰ সুৰক্ষা আৰু প্ৰাকৃতিক বাসস্থানৰ সংৰক্ষণৰ জৰিয়তে অসমৰ এই অমূল্য ঐশ্বৰ্য ভৱিষ্যৎ প্ৰজন্মৰ বাবেও সুৰক্ষিত কৰি ৰখাৰ দিশত আমি দৃঢ়প্ৰতিজ্ঞ।






























