RoadAccident : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : ডুমডুমা-চামডাং বাইপাছত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাটোত থিতাতে নিহত হৈছে তিনিগৰাকী ব্যক্তি।
ADVERTISEMENT
প্ৰাপ্ত তথ্য অনুসৰি, AS 23 DC 5936 নম্বৰৰ তীব্ৰবেগী কেঁচা চাহপাত কঢ়িওৱা বাহনখনে AS 01 60 3998 নম্বৰৰ এখন জিমনী বাহন, এখন মটৰ চাইকেল আৰু এগৰাকী পথচাৰীক খুন্দা মৰাৰ ফলতে এই দুৰ্ঘটনা সংঘটিত হয়।
দুৰ্ঘটনাটোত নিহত হোৱা লোককেইজন হৈছে সুব্ৰত ভট্ট, পিণ্টু তাঁতী আৰু গণেশ প্ৰজা।
ইপিনে, দুৰ্ঘটনাটোৰ ফলত মটৰ চাইকেলখন সম্পূৰ্ণৰূপে জ্বলি ভস্মীভূত হয়। এই ভয়ংকৰ দুৰ্ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত সৃষ্টি হৈছে অভাৱনীয় পৰিস্থিতিৰ।






























