Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Women Scam:নাৰী কেলেংকাৰিঃ বিভিন্ন অজুহাত দি আঁতৰি ফুৰিছে ডাঃ হাবে তেৰণ

    Guwahati:মেঘালয়ৰ পৰা অহা ট্ৰাকৰ পৰা মাহে অবৈধভাৱে আদায় ১৪.৪০ কোটি

    SLD installation:এছএলডি সংস্থাপনৰ নামত নশ কোটিটকীয়া বৃহৎ কেলেংকাৰি ৰাজ্যত

    With the increase in heat, the demand for ACs has also increased:গৰমৰ প্ৰকোপ বৃদ্ধিৰ লগে লগে চাহিদাও বৃদ্ধি পাইছে এচিৰ

    Parliament session for two days:দুদিনৰ বাবে সংসদ আহ্বান: সমষ্টি পুনৰ নিৰ্ধাৰণ বিধেয়ক লৈ সাজু মোদী চৰকাৰ

    NRL’s Ethanol Project:পাঁচ হেজাৰ কোটিৰ ইথানল প্রকল্প চমকহে !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম

    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    দুজন ব্যক্তিৰ চকুলৈ চাব নোৱাৰে ৰণবীৰে

    দুজন ব্যক্তিৰ চকুলৈ চাব নোৱাৰে ৰণবীৰে

    অৰিজিৎ সিঙৰ ১১জনে চাব পৰা পেকেজত ১১.৮ লাখ টকা

    ৮০ হেজাৰৰো অধিক আগতীয়া টিকট বুকিং কৰি ধুমুহাৰ সৃষ্টি ‘ৰামায়ণ-পার্ট ৱান’ৰ

    টাইগাৰ শ্ৰফৰ ওপৰত আক্ৰমণৰ ঘটনাত আৰু চাৰিজনক গ্ৰেপ্তাৰ, ধৃতৰ মাজত দুগৰাকী মহিলা

    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ৪০ বছৰ পাৰ হৈ গৈছে আৰু বেছি সঞ্চয় কৰা নাই?

    লেনদেনৰ দৈনিক পৰিমাণ প্রায় এক লাখ কোটি টকা: এমডিআৰ চাৰ্জৰ পূৰ্বে ইউপিআইৰ ব্যাপক উত্থান

    বিগত কিছু দশকৰ সবাতোকৈ শক্তিশালী এল নিনো

    ফলে জানো ওজন কমায় ?

    ফলে জানো ওজন কমায় ?

    আজি লক্ষ্মী পূজা: আই লক্ষ্মীৰ আৰাধনাৰে মুখৰিত ভক্তিৰ পৰিৱেশ

    আপোনাৰ ম’বাইল চাৰ্জাৰ বাৰে বাৰে সংযোগ বিচ্ছিন্ন হৈ আছে নেকি?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Majuli: মাজুলীক গোকুল-বৃন্দাৱনলৈ পৰ্যবসিত কৰি আজিৰ পৰা আৰম্ভ ৰাসোৎসৱ

ৰাসমঞ্চত বাজি উঠিব দবা-শংখৰ ধ্বনি, আজি আউনীআটী আৰু দক্ষিণপাট সত্ৰত ৰাস পূজা, ২৫ নৱেম্বৰত মাজুলীত বন্ধ ঘোষণা

publisher by publisher
November 23, 2026
in Assam, News
Reading Time: 2 mins read
0
Majuli: মাজুলীক গোকুল-বৃন্দাৱনলৈ পৰ্যবসিত কৰি আজিৰ পৰা আৰম্ভ ৰাসোৎসৱ
1
SHARES
14
VIEWS
ShareShareShareShare

RelatedPosts

Temporary Chakka Bondh Withdrawal :সাময়িকভাৱে চকা বন্ধ প্ৰত্যাহাৰ সদৌ অসম মটৰ পৰিবহণ সন্থাৰ

Women Scam:নাৰী কেলেংকাৰিঃ বিভিন্ন অজুহাত দি আঁতৰি ফুৰিছে ডাঃ হাবে তেৰণ

IBM:সংকটত লক্ষাধিক ভাৰতীয়: কৰ্মৰ ভিছা-গ্রীণকাৰ্ডৰ স্পন্সৰশ্বিপ বন্ধ কৰাৰ সিদ্ধান্ত

Majuli:

দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক::মাজুলীৰ মুঠ ৬৩খন ৰাস মঞ্চত কাইলৈ সন্ধিয়াৰ পৰা আৰম্ভ হ’ব ৰাসলীলাৰ কাৰ্যসূচী। লগে লগে মোহন বাঁহীৰ সুৰত গকুল বৃন্দাৱনলৈ পর্যবসিত হৈছে লুইতৰ পাৰৰ সত্ৰ দ্বীপ মাজুলী। কাইলৈৰ পৰা তিনিদিনৰ পৰা পাঁচদিনীয়াকৈ মাজুলীত আৰম্ভ হ’ব শাৰদীয় ৰাসোৎসৱ। এই লৈ এতিয়া মাজুলীত ব্যাপক উৎসাহ-উদ্দীপনাৰ সৃষ্টি হৈছে।শনিবাৰৰ পৰাই মাজুলীলৈ ৰাসলীলা উপভোগৰ বাবে ক্রমে দেশী-বিদেশী পর্যটকে ভিৰ কৰিছে। শৰৎ কালৰ মনোমোহা পূৰ্ণিমাৰ নিশা ৰাস ক্রীড়া কৰি কৃষ্ণই গোপীসকলক দেহ-মন মোহিত কৰিছিল।
সত্ৰপীঠ মাজুলীৰ আকাশ বতাহ এতিয়া বিলীন ৰাসৰ গীত, নৃত্যৰে। এই বাস মহোৎসৱৰ মাজুলীত এক সুকীয়া ঐতিহ্য আছে।
শৰৎ কালৰ পূৰ্ণিমা তিথিত আয়োজন কৰা ৰাসলীলা মাজুলীবাসীৰ বাবে মুখ্য উৎসব। মূলতঃ আধ্যাত্মিক তত্ত্বসমৃদ্ধ ৰাসলীলা অসমৰ বিভিন্ন প্রান্তত উদ্যাপন কৰা হয় যদিও মাজুলীৰ ৰাসলীলাত হোৱা আড়ম্বৰপূৰ্ণ অনুষ্ঠানে সুকীয়া বৈশিষ্ট্য বহন কৰে। লক্ষ্মী পূৰ্ণিমাৰ দিনাৰ পৰাই শ্রী শ্রী কৃষ্ণৰ ৰাসলীলা নাট মেলা পর্ব আৰম্ভ হোৱাৰ পৰা এমাহ জোৰা আখৰা পৰিক্ৰমাৰ অন্তত কাইলৈৰ পৰা অধিকাংশ মঞ্চত তিনিদিনীয়াকৈ ৰাস মহোৎসৱ অনুষ্ঠিত হ’ব।
ঐতিহ্যমণ্ডিত দক্ষিণপাট সত্ৰত ৰাসলীলাৰ নাট্য-কাহিনীৰ লগত সমান্তৰালভাৱে বৃন্দাবন চন্দ্ৰ মহাপ্ৰভুৰ পূজা অনুষ্ঠানে সত্ৰৰ পৰিৱেশ আধ্যাত্মিক ৰসসিক্ত কৰি তোলে। অহা ২৪ নৱেম্বৰত সত্ৰখনে ৰাস পূজাৰে আৰম্ভ কৰিব ৰাস মহোৎসৱ। উক্তদিনা সত্ৰখনে ১৮৭ গছি বন্তি প্রজ্বলনৰে আৰম্ভ হ’বলগীয়া এই ৰাস মহোৎসৱক লৈ ইতিমধ্যে সাজু কৰি তোলা হৈছে সত্ৰৰ চৌহদকে আদি কৰি ৰাসৰ সকলো ব্যৱস্থা। কাইলৈ অধিৱাসী পূজাৰে আৰম্ভ হ’ব লগা মহোৎসৱ ২৪ নৱেম্বৰত মূল পূজা আৰম্ভ হ’ব। একেদৰে ঐতিহাসিক আউনীআটী সত্ৰতো ২৪ নৱেম্বৰত ৰাস পূজা কৰাৰ লগতে ২৫ নৱেম্বৰত সত্ৰখনত ৰাসলীলা নাটকত শ্রীকৃষ্ণৰ গোষ্ঠলীলা আৰু মহাৰাস প্রদর্শিত হ’ব।
মাজুলীৰ উত্তৰ কমলাবাৰী সত্ৰয়ো ৩৫৩ বছৰীয়া পৰম্পৰা অক্ষুণ্ণ ৰাখি আধ্যাত্মিকভাৱে কাইলৈৰ পৰাই ৰাস মহোৎসৱ উদ্যাপন কৰিব। মহাপুৰুষ শংকৰদেৱৰ অমৰ সৃষ্টি ‘কেলীগোপাল নাট’ৰ আধাৰত বজ্ৰাৱলী ভাষাৰে কাইলৈৰ পৰা তিনিদিনীয়াকৈ কমলাকান্ত আতা ক্ষেত্রত অনুষ্ঠিত হ’বলগীয়া ৰাসোৎসৱৰ বাবে সত্ৰত উখল-মাখল পৰিৱেশে বিৰাজ কৰিছে। সত্ৰৰ তিনিও দিনতে ৰাসৰ দৰ্শনাৰ্থীৰ বাবে বিনামূলীয়া অন্নৰ ব্যৱস্থা কৰিছে। নিশালৈ সত্ৰৰ ৰাস মহোৎসৱত সাংসদ, বিধায়ক বহু কেইজন ৰাজনৈতিক নেতা উপস্থিত থকাৰ কথা। চামগুৰি সত্ৰৰ মাংগলিক পৰিৱেশত বৃন্দাৱন চন্দ্ৰ মহাপ্ৰভুৰ পূজা আৰু ৰাসলীলা অভিনয়ৰে এই উৎসৱ উদ্যাপন কৰিব।
মুখা ব্যৱহাৰৰ কৌশল এই সত্ৰৰ ৰাসলীলাৰ অন্যতম বৈশিষ্ট্য। শ্রী শ্রী বেঙেনাআটী সত্রত গোবিন্দ মূৰ্তিৰ পূজাৰে ৰাসলীলা অনুষ্ঠিত কৰে। গড়মূৰ সত্ৰত আধুনিক মঞ্চৰ উপযোগীকৈ ৰাসলীলা প্রদর্শন কৰা হ’ব। মাজুলীৰ সত্ৰ অনুষ্ঠানসমূহৰ লগতে ৬৩খন ৰাস মঞ্চত ৰাসলীলা অনুষ্ঠিত হ’ব। সেই অনুসৰি ক্ৰমে সম্মিলিত শিল্পী সমাজ মাজুলী, নলদুৱাৰ জনজাতি যুৱ কৃষ্টি সংঘ, নৱজ্যোতি যুৱক সংঘ আইদেউ সন্দিকৈ নাটঘৰ, মাজুলী কল্পতৰু কৃষ্টিসংঘ, খাৰজান পাৰ মিলিত কৃষ্টি সংঘ ৰাস উদ্যাপন সমিতি, কৰতিপাৰ মিলন নাট্য সংঘ, শ্রী শ্রী ভোগপুৰ সত্ৰ ৰাস উদ্যাপন সমিতি, যুৱ সমন্বয় কৃষ্টি সংঘ, মিলিত কৃষ্টি সংঘ, কমাৰগাঁও ৰূপালী যুৱক সংঘ, শংকৰী কলা কৃষ্টি মন্দিৰ, মাজুলী মিলন কৃষ্টি মন্দিৰ, সমন্বয় কৃষ্টি সংঘ, প’ৰাম আঞ্চলিক কৃষ্টি সংঘ, শ্রী শ্রী মাধৱদেৱ সাংস্কৃতিক সমাজ, মণিকাঞ্চন আঞ্চলিক কৃষ্টি সংঘ, গড়মূৰ বংশীগোপাল নাট্য মন্দিৰ, শ্ৰীমন্ত শংকৰদেৱ কৃষ্টি সংঘ, শ্রী শ্রী মাধৱদেৱ কৃষ্টি কেন্দ্র, সোণাৰীআটী নৱজ্যোতি কৃষ্টি সংঘ, লোহিতপৰীয়া সম্মিলিত সাংস্কৃতিক সংঘ, শ্রী শ্রী আঁহতগুৰি বৰসত্ৰ ৰাস উদ্যাপন সমিতি, সূর্যোদয় আঞ্চলিক সাংস্কৃতিক বিকাশ কেন্দ্র, চিতাদাৰচুক যুৱ সংঘ ৰাস উদ্যাপন সমিতি, শ্রী শ্রী বিহিমপুৰ সত্ৰ ৰাস উদ্যাপন সমিতি, শংকৰী কলা কৃষ্টি বিকাশ সমিতি নতুন কমলাবাৰী, ৰঙাঙাহী প্রগতি ৰংগমঞ্চ, নতুন কমলাবাৰী সত্ৰ ৰাস মহোৎসৱ উদ্যাপন সমিতি, শেনচোৱা আঞ্চলিক ৰাস উদ্যাপন সমিতি, লোহিতপৰীয়া মিলিত কৃষ্টি সংঘ, দঞি পঃল কৃষ্টি সংঘ, তৰুণ নাট্য সমাজ-গোৱালগাঁও, মাজুলী মিলন সংঘ, লোহিত খাবলু কৃষ্টি বিকাশ কেন্দ্র, মধ্য মাজুলী শংকৰদেৱ কৃষ্টি সংঘ, নামকাটনি নৱজ্যোতি কৃষ্টি সংঘ, খেৰসুতি জনজাতি কৃষ্টি সংঘ, জগতগুৰু শ্রীমন্ত শংকৰদেৱ কলা কৃষ্টি সংঘ, সুধাকণ্ঠ সমন্বয় কৃষ্টি সংঘ, নৱজ্যোতি কৃষ্টি সংঘ, শংকৰ মাধৱ মিলন কৃষ্টি সংঘ, ৰতনপুৰ ৰংঘৰ, শ্ৰীৰাম আঞ্চলিক কৃষ্টি সংঘ, মধ্য মাজুলী মিলন সংঘ, উজনি চুপুহা কৃষ্টি বিকাশ কেন্দ্র, শালমৰা যুৱক-বিজয় মিলন সংঘ, জ্যোতিসমাজ কল্যাণ সংঘ, মুদৈবিল মিলনজ্যোতি ৰংগমঞ্চ, গায়ন গাঁও নৱজ্যোতি কৃষ্টি কেন্দ্র, বনগাঁও ৰংঘৰ, উজনি মাজুলী নৱজ্যোতি কৃষ্টি কেন্দ্ৰ, ভকতি দুৱাৰ আঞ্চলিক জ্যোতি ৰংঘৰ, উজনি মাজুলী মিলন সংঘ, জেংৰাই কুমাৰবাৰী ৰংগমঞ্চ, ৰতনপুৰ লাহন শ্রীমন্ত কৃষ্টি কেন্দ্র, শ্রী শ্রী এলেঙী নৰসিংহ সত্ৰ অভয়পুৰীয়া শংকৰী কৃষ্টি বিকাশ কেন্দ্র, লাচিত যুৱক সংঘ (নতুন), লোহিতপৰীয়া আঞ্চলিক ৰংগমঞ্চ (নতুন), উজনি মাজুলী সাংস্কৃতিক ঐক্য মঞ্চ, বাঘৰ গাঁও সতী ৰাধিকা যুৱক সংঘ, শংকৰ-মাধৱ কৃষ্টি বিকাশ কেন্দ্রকে আদি কৰি মাজুলীৰ মুঠ ৬৩খন ৰংগমঞ্চত ৰাসলীলা অনুষ্ঠিত হ’ব। ইফালে, এইবাৰো মিচিং জনগোষ্ঠীয় লোকে মিচিং ভাষাত ৰাসলীলা অনুষ্ঠিত কৰাই মাজুলীৰ ৰাসোৎসৱক অধিক বর্ণিল কৰি তুলিছে। ইফালে, উজনি মাজুলী সাংস্কৃতিক ঐক্যমঞ্চৰ উদ্যোগত দুই নম্বৰ কুঁহিয়াৰবাৰীত দ্বৈতমঞ্চৰ প্ৰযুক্তিৰে প্ৰথমবাৰৰ বাবে নেপালী ভাষাত ৰাসলীলা অনুষ্ঠিত হ’ব।
জিলা প্রশাসন আৰু আৰক্ষী প্রশাসনেও ৰাস সমাৰোহ সুচাৰুৰূপে অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত তৎপৰ হৈছে। আনহাতে, মাজুলীৰ আধ্যাত্মিক ৰাস মহোৎসৱৰ বাবে জিলা প্রশাসনে মাজুলী জিলাত ২৫ নৱেম্বৰত স্থানীয় বন্ধ ঘোষণা কৰিছে। বাস মহোৎসৱক লৈ মাজুলীত উখল-মাখল পৰিৱেশ বিৰাজ কৰিছে। মাজুলীৰ ৰাস মহোৎসৱলৈ আহিব লগা দর্শনার্থীক আদৰিবলৈ ভিন্ন ঠাইত অর্ধ শতাধিক আদৰণি তোৰণৰ ব্যৱস্থা কৰিছে। মাজুলীবাসীয়ে প্রাণঢালি দিনে নিশাই ব্যস্ত হ’ব এই মহোৎসৱত।
ইফালে, নতুন চামগুৰি সত্ৰতো ৰাসৰ প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে। সত্ৰখনত অনুষ্ঠিত হ’বলগীয়া ৰাসত প্রদর্শিত হ’বলগীয়া অঘাসুৰ, বকাসুৰ, ধেনুকাসুৰ আদি মুখাৰ শেষ পৰশ দি সম্পূৰ্ণ কৰি তুলিছে। ইফালে, ৰাসৰ দৰ্শনাৰ্থীৰ সুবিধা হোৱাকৈ নিমাতী ঘাটৰ পৰা প্ৰতি আধা ঘণ্টাৰ মূৰে মূৰে ফেৰী চলাচল কৰিছে।
#জিলা প্রশাসনৰ উদ্যোগত মাজুলীৰ টুনী নদীৰ কমলাবাৰী অংশত মহাৰাসৰ আয়োজন
মাজুলীৰ এইবাৰৰ ৬৩ ৰাসমঞ্চৰ ভিতৰত অধিকাংশ ৰংগমঞ্চত কাইলৈৰ পৰাই এইবাৰ ৰাসলীলা অনুষ্ঠিত হ’ব। ৰাস পূৰ্ণিমাৰ তিথি কাইলৈৰ বিয়লিৰ পৰাই মিলাৰ পৰিপ্ৰেক্ষিতত কাইলৈৰ নিশাৰ পৰাই ৰাসলীলা ৰংগমঞ্চ সমূহত আৰম্ভ হ’ব। অৱশ্যে আউনীআটী সত্ৰকে ধৰি অন্যান্য সত্ৰৰ ৰাস পূজা পাঁচ ডিচেম্বৰতহে অনুষ্ঠিত হ’ব।
ইপিনে, মাজুলীৰ ৰাসৰ দ্বিতীয় দিনা অর্থাৎ ২৪ নৱেম্বৰত মাজুলীৰ ৰাসোৎসৱৰ মাজেৰে নদী পর্যটনক আগুৱাই নিয়াৰ বাবে বিশেষ কাৰ্যসূচী লোৱাৰ কথা ঘোষণা কৰিছে মাজুলীৰ জিলা আয়ুক্ত ৰাতুল চন্দ্ৰ পাঠকে। তেওঁ মাজুলীৰ টুনী নদীৰ কমলাবাৰী অংশত মহাৰাসৰ লগতে নদীৰ মাজত কালিয়দমন আৰু গোষ্ঠলীলাৰ কিছু দৃশ্যাংশ প্রদর্শনৰ বিশেষ কাৰ্যসূচী লোৱাৰ কথা উল্লেখ কৰে।
ADVERTISEMENT

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Breaking Newslatest newsMAJULIRASS MAHOTSAV
publisher

publisher

Related Posts

Temporary Chakka Bondh Withdrawal :সাময়িকভাৱে চকা বন্ধ প্ৰত্যাহাৰ সদৌ অসম মটৰ পৰিবহণ সন্থাৰ
Assam

November 27, 2026
Women Scam:নাৰী কেলেংকাৰিঃ বিভিন্ন অজুহাত দি আঁতৰি ফুৰিছে ডাঃ হাবে তেৰণ
Assam

Women Scam:নাৰী কেলেংকাৰিঃ বিভিন্ন অজুহাত দি আঁতৰি ফুৰিছে ডাঃ হাবে তেৰণ

November 27, 2026
Guwahati:মেঘালয়ৰ পৰা অহা ট্ৰাকৰ পৰা মাহে অবৈধভাৱে আদায় ১৪.৪০ কোটি
Assam

Guwahati:মেঘালয়ৰ পৰা অহা ট্ৰাকৰ পৰা মাহে অবৈধভাৱে আদায় ১৪.৪০ কোটি

November 27, 2026
SLD installation:এছএলডি সংস্থাপনৰ নামত নশ কোটিটকীয়া বৃহৎ কেলেংকাৰি ৰাজ্যত
Assam

SLD installation:এছএলডি সংস্থাপনৰ নামত নশ কোটিটকীয়া বৃহৎ কেলেংকাৰি ৰাজ্যত

November 27, 2026
With the increase in heat, the demand for ACs has also increased:গৰমৰ প্ৰকোপ বৃদ্ধিৰ লগে লগে চাহিদাও বৃদ্ধি পাইছে এচিৰ
India

With the increase in heat, the demand for ACs has also increased:গৰমৰ প্ৰকোপ বৃদ্ধিৰ লগে লগে চাহিদাও বৃদ্ধি পাইছে এচিৰ

November 27, 2026
Parliament session for two days:দুদিনৰ বাবে সংসদ আহ্বান: সমষ্টি পুনৰ নিৰ্ধাৰণ বিধেয়ক লৈ সাজু মোদী চৰকাৰ
India

Parliament session for two days:দুদিনৰ বাবে সংসদ আহ্বান: সমষ্টি পুনৰ নিৰ্ধাৰণ বিধেয়ক লৈ সাজু মোদী চৰকাৰ

November 27, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d