আতংকৰ সৃষ্টি
গুৱাহাটী: মহানগৰীত দ্ৰুতহাৰত বৃদ্ধি পাইছে বনৰীয়া হাতীৰ বিচৰণ। আজি জি এছ ৰোডত এটা এনে হাতীৰ কেবাঘন্টাজোৰা বিচৰণে আতংকৰ সৃষ্টি কৰে। পুৱাৰ পৰা দেখা দিয়া হাতীটো পুনৰ বনাঞ্চললৈ খেদি দিয়াৰ চেষ্টা কৰাৰ সময়ত হাতীটোৱে মহানগৰীৰ হেঙেৰাবাৰীৰ পৰা গণেশগুৰি আহে। পাছত বিয়লি জি এছ ৰোডৰ মাজমজিয়াত উপস্থিত হোৱাত স্তব্ধ হৈ পৰে জি এছ ৰোড। পথৰ কাষত জমা হয় শ শ লোক। পাছত বনবিভাগে ট্ৰেনকুলাইজ কৰে।
ADVERTISEMENT






























