সম্প্ৰতি চলি থকা এন আৰ চিৰ আপত্তি পৰ্যায়ৰ শুনানি প্ৰক্ৰিয়াত এটাৰ পিছত এটাকৈ অনিয়মৰ তথ্য পোহৰলৈ আহিছে। ইতিমধ্যে এই শুনানি প্ৰক্ৰিয়াৰ জাননী লাভ কৰাৰ পিছত প্ৰায় সকলো নাগৰিক শুনানি কেন্দ্ৰত উপস্থিত হৈ শুনানিত অংশগ্ৰহণ কাৰ্য অব্যাহত ৰাখিছে আপত্তিকাৰী অধিকাংশ লোক উপস্থিত নোহোৱা কাৰ্যই ৰাইজৰ মাজত ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। ইয়াৰ মাজতে শেহতীয়াকৈ আপত্তি প্ৰক্ৰিয়াত এন আৰ চি কৰ্তৃপক্ষৰ চৰম দায়িত্বজ্ঞান হীন কাণ্ডৰ আন এক তথ্য পোহৰলৈ আহিছে। প্ৰাপ্ত তথ্য অনুসৰি, আপত্তি আবেদনৰ ভিত্তিত ৰাজ্যৰ আন ঠাইৰ লগতে নগাঁৱৰ বহু কেইগৰাকী খিলঞ্জীয়া লোকৰ ওপৰিও নাগৰিকত্ব প্ৰমাণ কৰিবলৈ পৰ্যাপ্ত নথি পত্ৰ থকা বহু পুৰণি লোকৰ নামতো আপত্তিৰ জাননী লাভ কৰিছে জিলাখনৰ এগৰাকী সাংবাদিক পৰিয়ালৰ লোকেও। সেই অনুসৰি ধিং বিধান সভা সমষ্টিৰ অন্তৰ্গত সোনাইবেৰা গাঁঁৱৰ বাসিন্দা সাংবাদিক পৰিয়ালটোৱে আজি ৰহাৰ গড়কাপ্তনি বিভাগৰ ডাক বঙলাত স্থাপন কৰা শুনানি কেন্দ্ৰত উপস্থিত হোৱাৰ পিছত এন আৰ চি কৰ্তৃপক্ষৰ আন এক অবিবেচকী কাণ্ডই পৰিয়ালটোক বাৰুকৈয়ে চিন্তাত কৰি তুলিছে। কিয়নো পৰিয়ালটোৰ একাংশ লোকৰ বিৰুদ্ধে নাগৰিকত্বৰ ক্ষেত্ৰত আপত্তি দাখিল কৰা আপত্তিকাৰী যতীন চন্দ্ৰ নাথ শুনানি কেন্দ্ৰত উপস্থিত হোৱাতো দূৰৰে কথা এই লোকজনে যোৱা ২ ফেব্ৰুৱাৰীত তেওঁ দাখিল কৰা আপত্তি সমুহ স্থানীয় সংশ্লিষ্ট এন আৰ চি কৰ্তৃপক্ষক দিয়া এক লিখিত আবেদনৰ জৰিয়তে উঠাই লৈছিল। এই ভিতৰত সাংবাদিক পৰিয়ালটোৰ আবেদনখনো আছে। এইদৰে আপত্তিকাৰী লোকজনে তেওঁৰ আপত্তি আবেদন উঠাই লোৱাৰ পিছত আজি শুনানিত প্ৰক্ৰিয়াত যাবতীয় নথি পত্ৰ দেখুওৱাব লগা হয় সাংবাদিক পৰিয়ালটো। আনকি, নিষ্পত্তিকাৰী বিষয়া জনে পৰিয়ালটোৰ মুল লিগেচী ব্যক্তি তথা ৮০ ৰো উৰ্ধৰ অৱসৰপ্ৰাপ্ত শিক্ষকজনক বিভিন্ন প্ৰশ্নৰে ব্যাতিব্যস্ত কৰি তোলাৰ অভিযোগ উঠিছে। আচলতে এন আৰ চি কৰ্তৃপক্ষৰ চৰম দায়িত্বহীনতাৰ ফলত সাংবাদিক পৰিয়ালটোৰ লগতে বহু লোক আজি হাৰাশাস্তিৰ সন্মুখীন হ’ব লগা ঘটনা আছিল লক্ষনীয়। উল্লেখ্য যে ধিঙৰ যতীন নাথ নামৰ লোকজনে প্ৰায় পাঁচ শতাধিক পৰিয়ালৰ সদস্যৰ বিৰুদ্ধে আপত্তি আবেদন দাখিল কৰিছে আৰু তেওঁৰ সমুহ আবেদন ইতিমধ্যে উঠাই লৈছে।






























