ওদালগুৰি : ওদালগুৰি জিলা উপায়ুক্ত কাৰ্যালয় চৌহদৰ ভিতৰতে চলিছে গুটখা, ধপাতজাতীয় সামগ্ৰীৰ মুকলি বিক্ৰী। ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ দাবী-আপত্তিৰ প্ৰক্ৰিয়া অব্যাহত আছে ওদালগুৰি জিলা উপায়ুক্ত কাৰ্যালয় চৌহদৰ ভিতৰত থকা পেৰেড গ্ৰাউণ্ডত। উক্ত পেৰেড গ্ৰাউণ্ডৰ ভিতৰতে একাংশ অসাধু লোকে অস্থায়ীভাৱে পানীৰ বটল, খাদ্য লগতে বিভিন্ন সামগ্ৰীৰ দোকান দিছে। উক্ত দোকানসমূহতে মুকলিভাৱে ওলোমাই ৰখা আছে বিভিন্ন গুটখাজাতীয় সামগ্ৰী। অভিযোগ অনুসৰি এই দোকানসমূহত বিক্ৰী হৈ আছে গুটখা, ধপাত জাতীয় সামগ্ৰীকে ধৰি চিগাৰেট-বিড়ি ইত্যাদি। ফলত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ দাবী-আপত্তিৰ প্ৰক্ৰিয়াত অহা যুৱকসকলৰ পৰা আৰম্ভ কৰি বিভিন্ন লোকে এই দোকানসমূহৰ পৰা এই গুটখাজাতীয় সামগ্ৰীসমূহ ক্ৰয় কৰি মুকলিভাৱে সেৱন কৰি আছে। জিলা উপায়ুক্ত কাৰ্যালয় চৌহদতে গুটখাজাতীয় সামগ্ৰীৰ মুকলি বিক্ৰীয়ে এতিয়া ধোৱা চাঙত তুলিছে ধপাত বিৰোধী সজাগতা। এইক্ষেত্ৰত বিভিন্ন সময়ত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ কাম নিৰীক্ষণ কৰা প্ৰশাসনিক বিষয়াসকলে সকলো দেখি-শুনিও নেদেখা ভাও জুৰাৰ অভিযোগ উত্থাপিত হৈছে। জিলা উপায়ুক্ত কাৰ্যালয় চৌহদত মুকলিকৈ বিক্ৰী হৈ থকা এই ধপাত, গুটখা জাতীয় সামগ্ৰীৰ বিক্ৰী প্ৰশাসনে বন্ধ কৰিবলৈ সক্ষম হবনে সেয়া পৰৱৰ্তী সময়তহে লক্ষণীয় হব।





























