নাজিৰাঃ নাজিৰা মহকুমাৰ অন্তৰ্গত চণ্টক পাঁচআলি এলেকাত এন কে ফেলাইটিছত ৰোগত আক্রান্ত হৈ এজন ব্যক্তি মৃত্যু হোৱা ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্র চাঞ্চল্যৰ সৃষ্টি কৰিছে।এই ৰোগত আক্রান্ত হৈ মৃত্যু হোৱা ব্যক্তিজন ডুবি চাওৰা (৫৫) বুলি জানিব পৰা গৈছে।প্ৰাপ্ত খৱৰ অনুসৰি চাৰিদিনৰ পূৰ্বতে তীব্ৰ জ্বৰত আক্ৰান্ত ব্যক্তিজনক স্থানীয় চিকিৎসালয়ত ভৰ্ত্তি কৰোৱা হৈছিল যদিও চিকিৎসকে উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ প্ৰেৰণ কৰে।ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসালয়ত এনকেফেলাইট হোৱা বুলি পৰীক্ষাত প্ৰমাণিত হয় যদিও চিকিৎসাধীন অৱস্থাতে তেওঁৰ।মৃত্যু ঘটে।ইফালে অঞ্চলটোত এই ৰোগৰ প্ৰদুভাৱ ঘটাত স্থানীয় ৰাইজ চিন্তিত হৈ পৰাৰ লগতে যথোপযুক্ত ব্যৱস্থা গ্ৰহণ ৰ দাবী জনায়।





























