ইউৰোপ,আমেৰিকা অতিক্ৰম কৰি দক্ষিণ আমেৰিকাৰ,আফ্ৰিকা আৰু এছিয়াৰ বিভিন্ন অংশত ক’ভিড১৯ য়ে ভয়াৱহ মাৰ শোধাইছে ।মাৰাত্মক ৰূপ ধাৰণ কৰা কৰ’নাক চীন,ইটালীৰ দৰে দেশে বহু পৰিমাণে নিয়ন্ত্ৰণাধীন কৰিবলৈ সক্ষম হোৱাৰ সময়ত ভাৰত আৰু ব্ৰাজিলৰ দৰে দেশসমূহত নতুনকৈ উদ্বেগৰ কাৰণ হৈছে কৰ’না।
এই দেশসমূহত প্ৰতিদিনে যি হাৰত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে তালৈ চাই আগন্তুক সময়ত পৰিস্থিতি অধিক ভয়াৱহ হ’ব পাৰে বুলি আশংকা প্ৰকাশিত হৈছে। শেহতীয়া এক প্ৰতিবেদন অনুসৰি যিমানসংখ্যক দেশত আক্ৰান্তৰ সংখ্যা হ্ৰাস পাইছে তাতকৈ দুগুণ সংখ্যক দেশত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে।
যোৱা ৩০ মে’ত বিশ্বত এদিনতে সৰ্বাধিক আক্ৰান্ত হয়। সেইদিনা সমগ্ৰ বিশ্বত ১,৩০,০৬৪ জন লোক ক’ভিড১৯ ৰ ভাইৰাছত আক্ৰান্ত হয় ।তাৰ পাছৰে পৰা প্ৰতিদিনে বিশ্বজুৰি আক্ৰান্তৰ সংখ্যা এক লাখতকৈ অধিক বৃদ্ধি হৈয়ে আছে ।সম্প্ৰতি সংক্ৰমণ বৃদ্ধি হোৱা দেশসমূহৰ ভিতৰত আছে পেৰু,বাংলাদেশ,পাকিস্তান আৰু ভাৰতৰ দৰে দেশ ৷
জানুৱাৰীৰ শেষৰ দিশলৈ ভাৰতত কৰ’নাৰ আক্ৰান্ত আৰম্ভ হয়। যোৱা ১৫ মে পৰ্যন্ত প্ৰায় ৮২ হেজাৰজন আক্ৰান্ত হৈছিল আৰু সম্প্ৰতি প্ৰায় দুই লক্ষাধিক হৈছে তথা ছয় সহস্ৰাধিকৰ মৃত্যু হৈছে ।পাকিস্তানত ফ্ৰেব্ৰুৱাৰীৰ আৰম্ভণিত কৰ’নাই আক্ৰমণ কৰে ।১৫ ফ্ৰেব্ৰুৱাৰী পৰ্যন্ত আক্ৰান্তৰ সংখ্যা আছিল ৩৮,৭৯৯ জন ৷ বিগত দিনকেইটাত প্ৰায় ৯০ হেজাৰ হৈছে। একেদৰে বাংলাদেশতো যোৱা আঠ মাৰ্চত প্ৰথম কৰ’না আক্ৰান্তৰ তথ্য উদ্ধাৰ হয়।