- কৰ’না ভাইৰাছৰ সংক্ৰমণৰ প্ৰতিৰোধৰ প্ৰতি লক্ষ্য ৰাখি বিশ্বনাথ জিলা দণ্ডাধীশে লৈছে এক বিশেষ পদক্ষেপ ৷ এক নিৰ্দেশনা যোগে বিশ্বনাথ জিলাৰ পৰা কামৰূপ মহানগৰ জিলালৈ আৰু কামৰূপ মহানগৰ জিলাৰ পৰা বিশ্বনাথ জিলালৈ ৰাইজৰ অহা যোৱাত নিষেধাজ্ঞা আৰোপ কৰে বিশ্ব নাথ জিলা দণ্ডাধীশে ৷
- শেহতীয়াকৈ দেশৰ সকলো পৰ্যটনস্থলী পৰ্যটকৰ কাৰণে খুলি দিয়াৰ সিদ্ধান্ত লৈছিল যদিও আগ্ৰাৰ প্ৰশাসনে তাজমহলকে ধৰি আন কে’বাটাও ঐতিহাসিক স্থান মুকলি নকৰাৰ সিদ্ধান্ত লৈছে ৷আগ্ৰাত কৰ’নাৰ সংক্ৰমণ হ্ৰাস পোৱা নাই কাৰণে জনতাৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত লৈছে প্ৰশাসনে।
- ভাৰত চীন সীমান্ত বিবাদৰ মাজতে আহিছে এটা গুৰুত্বপূৰ্ণ বাৰ্তা । হোৱাইট হাউচৰ ফালৰ পৰা অহা এই বাৰ্তাটোত কোৱা হয় যে যদিহে চীনে পুনৰবাৰ ভাৰতৰ সৈতে সংঘৰ্ষত লিপ্ত হয় তেন্তে আমেৰিকাৰ সেনা ভাৰতৰ সৈতে সহযোগ কৰিব ৷
- অৱশেষত দীৰ্ঘদিন ধৰি দাবী কৰি অহা ভূটানৰ ভূখণ্ডক এৰিবলৈ বাধ্য হ’ল ৰঙা চীন ৷ সততে চীনে আন্তঃজাৰ্তিক মঞ্চত ভূটানৰ চাকটাং বন্যপ্ৰাণী অভয়াৰণ্যক নিজৰ ভূখণ্ড বুলি দাবী কৰি আহিছিল ৷ বিগত মাহত আন্তঃজাৰ্তিক সংস্থা জিইএফৰ সাধাৰণ পৰিষদৰ ভাৰ্চুৱেল সভাত ভাৰতসহ বহুকেইখন দেশে ভূটানৰ সপক্ষে নিজৰ স্থিতি দৃঢ় কৰিছিল ৷ যাৰ কাৰণে অভয়াৰণ্যখনক লৈ নিজৰ দাবী প্ৰত্যাহাৰ কৰিবলৈ বাধ্য হয় চীন।
- কৰ’না মহামাৰীৰ মাজতে বিশ্ববিদ্যালয়সমূহে অনুষ্ঠিত কৰিব পাৰিব পৰীক্ষা । UGC ৰ নিয়ম অনুসৰিয়েই অনুষ্ঠিত হ’ব চূড়ান্ত বৰ্ষৰ পৰীক্ষা ৷ বিশ্ববিদ্যালয় আৰু উচ্চ শিক্ষা প্ৰতিষ্ঠানসমূহক পৰীক্ষা অনুষ্ঠিত কৰিবলৈ কেন্দ্ৰীয় গৃহমন্ত্ৰ্যালয়ে অনুমতি প্ৰদান কৰিছে । এই সন্দৰ্ভত সোমবাৰে উচ্চ শিক্ষা সচিবক এক পত্ৰ প্ৰেৰণ কৰা হয় ৷
ADVERTISEMENT