ভাৰতলৈ ফান্সৰ মেৰিনেক এয়াৰবেছৰ পাঁচখন ৰাফেল ফাইটাৰ বিমান ভাৰতলৈ ৰাওনা হৈছে ৷আনহাতে মাল্টিষ্টাৰ যুদ্ধ বিমানকেইখন অন্তৰ্ভুক্ত হ’লেই ভাৰতীয় বায়ুসেনাৰ শক্তি বৃদ্ধি পাব ৷ ৰাফেল যুদ্ধ বিমান ভাৰতলৈ আগমণৰ সময়ত ভাৰতীয় ৰাজদূত জাভেদ অছৰফও উপস্থিত আছিল ৷তেওঁ ৰাফেল বিমান উৰণৰ সময়ত পাইলটসকলক শুভেচ্ছা দিয়ে । আনহাতে এই পাঁচখন ৰাফেল যুদ্ধ বিমান অহা ২৯ জুলাইত হাৰিয়ানাৰ আম্বালাস্থিত বায়ুসেনা বাহিনীৰ ঘাটিত উপস্থিত হ’ব ৷
উল্লেখযোগ্য যে এই পাঁচখন ৰাফেল বিমান মে’ মাহত ভাৰতলৈ অনাৰ কথা আছিল যদিও কৰ’না মহামাৰীৰ বাবে ইয়াৰ যোগানত কিছু পলম হৈছিল ৷লগতে ৩৬ খন বিমানৰ ১৮ খন বিমান অহা বছৰৰ ফ্ৰেব্ৰুৱাৰী মাহত আৰু বাকী কেইখন ২০২২ বৰ্ষৰ এপ্ৰিল মে’ত মাহত ভাৰতে লাভ কৰিব বুলি আশা প্ৰকাশ কৰা হৈছে। উল্লেখযোগ্য যে ভাৰত চৰকাৰে ২০১৬ বৰ্ষতে ৩৬ খন ৰাফেল বিমান ক্ৰয়ৰ বাবদ ফান্সৰ সৈতে ৬০,০০০ কোটি টকাত চুক্তিবদ্ধ কৰিছিল।





























