যীশুখ্ৰীষ্টৰ জন্মৰ ৪৩০ বছৰৰ পূৰ্বেও দেখা দিছিল অতিমাৰীয়ে । সেই অতিমাৰীত প্ৰায় পাঁচ কোটি লোকে প্ৰাণ হেৰুৱাইছিল বুলি ধাৰণা কৰা হয় ।সেয়াই আছিল অতিমাৰীৰ প্ৰাচীনতম লিখিত ইতিহাস । পাঁচ হেজাৰ বছৰ পূৰ্বে প্ৰস্তৰ যুগতো মানুহ অতিমাৰীৰ চিকাৰ হৈছিল । সেই অতিমাৰীয়ে মানুহৰ জীৱন যাত্ৰাত বিশাল পৰিৱৰ্তন ঘটাইছিল । যি এতিয়া ক’ভিড-১৯ য়ে কৰি আছে । প্ৰাচীন মানুহৰ কংকালৰ দাঁতৰ ভিতৰৰ পৰা ডি এন এ ৰ নমুনা পৰীক্ষা কৰিয়ে এইবোৰ তথ্য বিজ্ঞানীয়ে লাভ কৰিছে । এই পদ্ধতিটোক কোৱা হয় ‘শ্বটগান ছিকোৱেন্সিং’।
ইতিমধ্যেই এই তথ্য ভাণ্ডাৰত যোগ হৈছে জীৱাণু সম্পৰ্কীয় অনেক অজানা তথ্য । সাত হেজাৰ বছৰৰ পূৰ্বেও সংহাৰ মূৰ্তি ধাৰণ কৰিছিল হেপাটাইটিছ ‘বি’ ভাইৰাছে । এতিয়া দেখা গৈছে ছহেজাৰ পাঁচশ বছৰৰ পূৰ্বেও এই বেক্টেৰিয়াত মানুহ অসুস্থ হৈছিল । সেই যুগৰ দাঁতৰ জৰিয়তেই সম্প্ৰতি এই ধৰণৰ অনেক তথ্যৰ সন্ধান পোৱা গৈছে ।































