DianaPrincessOfWales: দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : যিযোৰ পোছাক তেওঁৰ ৱাৰ্ডৰোবত তিনিটা বছৰ পৰি আছিল, সেই পোছাক পৰিধান কৰিয়েই এদিন বিশ্বক চমকাইছিল ব্ৰিটিছ ৰাজপৰিয়ালৰ পুত্ৰবধূ প্ৰিন্সেছ ডায়নাই। প্ৰিন্সেছ ডায়নাৰ সেই বিখ্যাত ‘ৰিভেঞ্জ ড্ৰেছ’ এইবাৰ পুনৰ নিলামত উঠিবলৈ গৈ আছে।
১৯৯৪ চনৰ জুন মাহৰ এটা সন্ধিয়া দূৰদৰ্শনত যুৱৰাজ চাৰ্লছে পোনপটীয়াকৈ স্বীকাৰ কৰিছিল যে তেওঁ নিজৰ বৈবাহিক সম্পৰ্কত নিষ্ঠা বজাই ৰাখিব পৰা নাছিল।সেইদিনাই ক’লা ৰঙৰ অফ-শ্বোল্ডাৰ পোছাক পৰিধান কৰি ডায়নাক দেখি চমক খাইছিল বিশ্ব। সেই পোছাকটোৱেই পৰৱৰ্তী সময়ত ‘ৰিভেঞ্জ ড্ৰেছ’ হিচাপে পৰিচিত হৈ পৰে।তিনিটা দশক পাৰ হৈ যোৱাৰ পাছত অহা ডিচেম্বৰত পুনৰ নিলামত উঠিবলৈ গৈছে সেই বিখ্যাত পোছাকযোৰ।
প্ৰাপ্ত তথ্য অনুসৰি, এই বিখ্যাত ড্ৰেছটোৰ ডিজাইনাৰ আছিল ক্ৰিষ্টিনা ষ্টাম্বোলিয়ান। পোছাকযোৰ লৈ ডায়নাৰ নিজৰেই কিছু সংশয় আছিল। তেওঁৰ ধাৰণা আছিল, ব্ৰিটিছ ৰাজবধূ হিচাপে এই পোছাক যথেষ্ট সাহসী। সেইবাবেই পোছাকটো ক্ৰয় কৰিও ৱাৰ্ডৰোবতে ৰাখি থৈছিল তেওঁ। কিন্তু সেইদিনা লণ্ডনৰ ছাৰ্পেণ্টাইন গেলাৰীত নৈশভোজত অংশগ্ৰহণ কৰিবলৈ তেওঁ সেই পোছাক পৰিধান কৰিয়েই উপস্থিত হৈছিল। তাৰ পাছতেই পোছাকযোৰ লৈ আৰম্ভ হৈছিল ব্যাপক চৰ্চা।
স্বামীয়ে নিজৰ মুখে অবৈধ প্ৰেমৰ কথা স্বীকাৰ কৰাৰ দিনাই এই পোছাক পৰিধান কৰি ডায়নাই অফ-শ্বোল্ডাৰ পোছাকযোৰ চৰ্চাৰ কেন্দ্ৰলৈ আনে। ইয়াৰ নাম হৈ পৰে ‘ৰিভেঞ্জ ড্ৰেছ’।
অৱশ্যে বিষয়টো কেৱল পোছাকযোৰতেই সীমাবদ্ধ নাছিল। পোছাকৰ স’তে তেওঁ বাছি লোৱা অনুষংগসমূহেও যেন ‘প্ৰতিশোধমূলক বাৰ্তা’ বহন কৰিছিল। আনকি সেই সন্ধিয়া তেওঁ নিজৰ বিয়াৰ উপহাৰো পৰিধান কৰিছিল। প্ৰিন্সেছ ডায়নাই সাজৰ স’তে ক’লা হিল জোতা, এটা ক্লাচ বেগ আৰু ডিঙিত এটা আকৰ্ষণীয় চ’কাৰ ব্যৱহাৰ কৰিছিল। শুনা যায়, চ’কাৰটো হীৰা আৰু নীলকান্তমণি সজ্জিত এটা প্ৰাচীন ব্ৰ’চৰ পৰা তৈয়াৰ কৰা হৈছিল—যিটো তেওঁক বিয়াৰ উপহাৰ হিচাপে দিছিল স্বয়ং ‘কুইন মাদাৰে’।
সেই বহু চৰ্চিত সন্ধিয়াৰ পোছাকটোৱেই এইবাৰ পুনৰ নিলামত উঠিবলৈ গৈ আছে। অৱশ্যে পোছাকযোৰ ইয়াৰ পূৰ্বেও নিলামত উঠিছিল। নিজৰ সংগ্ৰহত থকা আন ৭৮টা ড্ৰেছৰ স’তে এই পোছাকযোৰ তেওঁ বিক্ৰী কৰিছিল। নিলামৰ পৰা লাভ কৰা ধন স্তন কেঞ্চাৰ আৰু এইডছৰ স’তে কাম কৰা বিভিন্ন দাতব্য সংস্থাক দিয়া হৈছিল।
এইবাৰ নতুনকৈ ডায়নাৰ সেই ‘ৰিভেঞ্জ ড্ৰেছ’ অহা ডিচেম্বৰত নিলামত উঠিব। পোছাকটোৰ দাম ডেৰ লাখৰ পৰা তিনি লাখ ডলাৰ পৰ্যন্ত উঠিব পাৰে। ভাৰতীয় মুদ্ৰাত ইয়াৰ মূল্য প্ৰায় ১.৪ কোটিৰ পৰা ২.৮ কোটি টকা।






























