গাড়ী-মটৰ চাইকেল ক্ৰয়ৰ চিন্তা-চর্চা কৰা সকললৈ আহিছে সুখবৰ । পহিলা আগষ্টৰ পৰাই দেশত হ্ৰাস পাব গাড়ী আৰু মটৰ চাইকেলৰ দাম । দেশৰ বীমা নিয়ন্ত্ৰক সংস্থা ‘ইঞ্চিউৰেন্স এণ্ড ডেভেল’পমেন্ট অৱ ইণ্ডিয়া’ৰ নতুন নিয়ম অনুসৰি, এতিয়াৰ পৰা চাৰিচকীয়া বা দুচকীয়া বাহন ক্ৰয় কৰাৰ পৰত দীৰ্ঘম্যাদী ‘থাৰ্ড পাৰ্টি ভেহিকল ইঞ্চিউৰেন্স’ও ক্ৰয় কৰাটো বাধ্যতামূলক নহ’ব ।
সম্প্ৰতি এখন চাৰিচকীয়া গাড়ী ক্ৰয় কৰিবলৈ হ’লে তিনি বছৰীয়া দীৰ্ঘম্যাদী বীমা পেকেজ ক্ৰয় কৰাটো বাধ্যতামূলক । ইয়াৰ সমান্তৰালকৈ মটৰ চাইকেলৰ ক্ষেত্ৰত পাঁচ বছৰৰ বীমা পেকেজ ক্ৰয় কৰিব লাগে । কিন্ত পহিলা আগষ্টৰ পৰা এই নিয়ম নাথাকিব । ইয়াৰ পৰিপ্ৰেক্ষিতত হ্ৰাস পাব গাড়ী-মটৰ চাইকেলৰ ‘অন ৰোড’ মূল্য । এই কথা সদৰী কৰে বীমা নিয়ামক সংস্থা আই আৰ ডি ও আইয়ে ।
পহিলা আগষ্টৰ পৰাই এই নতুন নিৰ্দেশনা কাৰ্যকৰী কৰাৰ বাবে বীমা কোম্পানীসমূহক নিৰ্দেশ দিয়া হৈছে । গাড়ী ক্ৰয় কৰাৰ সময়ত গ্ৰাহকে কিস্তিৰ বাবদ শকত অংকৰ ধন জমা কৰিবলগীয়া হোৱাৰ ফলত গ্ৰাহক সকলৰ ওপৰত অতিৰিক্ত আৰ্থিক বোজা পৰে । আগষ্টৰ পৰা বাহন ক্রেতাৰ সেই চাপ আৰু নাথাকিব ।































