১. ৰাজহুৱা স্থান, কৰ্মক্ষেত্ৰ অথবা ওলাই যাওঁতে মাস্ক পিন্ধাটো সকলোৰে বাবে বাধ্যতামূলক।
২. ব্যক্তিবিশেষে নূন্যতম ৬ফুট সামাজিক দূৰত্ব বৰ্তাই ৰাখিব লাগিব ।
৩. বৃহৎ সংখ্যক জনসমাগমত নিষেধাজ্ঞা আৰোপ কৰা হৈছে । বিয়া অথবা অভ্যৰ্থনা অনুষ্ঠানত ৫০ জনতকৈ অধিক লোক উপস্থিত থাকিব নোৱাৰিব। ঠিক একেদৰে কমেও ২০ জন লোকে কৰিব লাগিব সৎকাৰ অথবা
৪. ৰাজহুৱা স্থানত থু-খেকাৰ পেলোৱাটো আইনমতে দণ্ডনীয় । অন্যহাতে যদি এনে কাম কৰে তেন্তে জৰিমনা ভৰিব লাগিব ।
৫. ৰাজহুৱা স্থানত নিচাযুক্ত দ্ৰব্য, পান-মছলা, ধঁপাত সেৱন কৰিব নোৱাৰিব।
৬. ব্যৱসায় প্ৰতিষ্ঠান বা চৰকাৰী কাৰ্যালয়ত কাম কৰাৰ সময় সাল-সলনি কৰা হ’ব ।
৭. নিৰ্দিষ্ট সকলো ঠাইতে প্ৰৱেশ আৰু প্ৰস্থান কৰাৰ সময়ত হাত ধোঁৱা আৰু চেনিটাইজ কৰাটো বাধ্যতামূলক ।
৮. কৰ্মস্হলীত ইজনে আনজনৰ পৰা সামাজিক দূৰত্ব বৰ্তাই ৰাখিব লাগিব ।































