- তিনিচুকীয়া ন-পুখুৰী জ্যোতিনগৰৰ কায্যালয়ত উদ্ধাৰ হৈছে এজন সাংবাদিকৰ মৃতদেহ
- যুৱকজন তিনিচুকীয়াৰ বীজেন দ্বীপ বুলি জানিব পৰা গৈছে ৷
- পৰিয়ালৰ লোকে জানিব দিয়া অনুসৰি যুৱকজন বিগত তিনিদিন ধৰি ঘৰলৈ যোৱা নাছিল ৷
- আজি পুৱা কায্যালয়টোৰ মজিয়াত অৰ্ধগলিত অৱস্থাত পৰি থকা দেখা পাই স্থানীয় লোকে ৷
- ইতিমধ্যে উক্ত স্থানত DIG ৰ লগতে অতিৰিক্ত আৰক্ষী অধীক্ষক, তিনিচুকীয়া সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াই দণ্ডাধীশৰ উপস্থিতিত মৃতদেহ উদ্ধাৰ কৰি মৰোণোত্তৰ পৰীক্ষাৰ কাৰণে প্ৰেৰণ কৰাৰ লগতে তদন্ত আৰম্ভ কৰিছে ৷
- প্ৰাথমিক তদন্ত অনুসৰি ,হত্যাকাণ্ডৰ সন্দেহ কৰিছে আৰক্ষীৰ উচ্চপদস্থ বিষয়াই আৰু পৰৱৰ্তী সময়ত তদন্তত ফাদিল হ’ব সকলো তথ্য বুলি জানিব দিয়ে ৷
- যুৱকজন এটা ব্যক্তিগত চেনেলৰ তিনিচুকীয়াৰ পৰা সংবাদদাতা হিচাপে কৰ্মৰত আছিল ৷
- পৰিয়ালৰ লোকৰ অভিযোগ অনুসৰি এয়া এক হত্যাকাণ্ড ৷ কিয়নো যুৱকজনৰ ডিঙিত আঘাতৰ দাগ স্পষ্টকৈ দেখা গৈছে ৷
- উক্ত ঘটনাই এতিয়া ন-পুখুৰী অঞ্চলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷
ADVERTISEMENT