পৰিনিৰ্বাণৰ পূৰ্বে সিংহ শয্যাত শয়ন কৰা গৌতম বুদ্ধৰ সেই শয়ন মুদ্ৰাক সম্প্ৰতি ভাস্কৰ্যত বন্দী কৰিছে কলকাতাৰ এজন মৃৎ শিল্পীয়ে । এই শায়িত মূৰ্তি সমগ্ৰ দেশৰ ভিতৰতে বৃহত্তম বুলি দাবী কৰিছে ‘বুদ্ধ ইন্টাৰনেচনেল ৱেলফেয়াৰ মিচন’-এ । ফাইবাৰ কাঁচৰ দ্বাৰা এই সোণালী ৰঙৰ মূৰ্তিটো নিৰ্মাণ কৰিছে কুমোৰটুলিৰ দক্ষ মৃৎ শিল্পী মিন্টু পালে । আগন্তুক বুদ্ধ পূৰ্ণিমাত এই মূৰ্তি বুদ্ধগয়াত প্ৰতিষ্ঠা কৰা হ’ব ।
উল্লেখ্য যে সাৰনাথত আছে বুদ্ধৰ থিয় হৈ থকা মূৰ্তি । বুদ্ধগয়াত আছে ধ্যানস্থ মূৰ্তি । দুয়োটা মূৰ্তিৰ উচ্চতা ৮০ফুট । নতুনকৈ নিৰ্মিত মূৰ্তিও ৮০ ফুটৰেই। অৱশ্যে বেদীখন যোগ কৰিলে মূৰ্তিৰ দৈর্ঘ এশ ফুটেই হ’ব । ইয়েই হ’ব দেশৰ বৃহত্তম শায়িত বুদ্ধমূৰ্তি।
মূৰ্তিৰ প্ৰতিটো অংশ পৃথক ভাৱে নিৰ্মাণ কৰা হৈছে । বুদ্ধগয়ালৈ নিয়া পাছত সেই অংশবোৰ জোৰা লগোৱা হ’ব । আনহাতে, মিন্টু পালৰ কাম দেখি সন্তুষ্ট হৈয়েই এই মূৰ্তি নিৰ্মাণৰ দায়িত্ব দিয়া কথা সদৰী কৰে ‘বুদ্ধ ইন্টাৰনেচনেল ৱেলফেয়াৰ মিচন’ৰ প্ৰতিষ্ঠাপক সম্পাদক আৰ্যপাল ভিক্ষুৱে ।






























