স্বাধীনতা দিৱসৰ দিনাই মহানগৰ গুৱাহাটীৰ সমীপৱৰ্তী খানামুখ-ধাৰাপুৰৰ ৰাজপথত একাংশ উদণ্ড বাইক চালকৰ দৌৰাত্ম । স্বাধীনতা দিৱস উদযাপনৰ নামত উক্ত উদণ্ড বাইক চালক সকলে আৰক্ষী-প্ৰশাসনৰ কঠোৰ নিয়ম উলংঘা কৰি ৰাজপথত তাণ্ডৱৰ সৃষ্টি কৰিছে ।
উল্লেখ্য যে, আজি পুৱা প্ৰায় ১০ বজাৰ পৰাই ধাৰাপুৰ-খানামুখ আদি অঞ্চলত একাংশ কিশোৰে নিজ-নিজ বাইকত জাতীয় পতাকা লগাই ৰাজপথত বাইক ৰেছিং, ষ্টাণ্ট কৰা দেখা গৈছে। ইয়াৰে অধিকাংশই হেলমেট পৰিধান কৰা নাই । দুই-এখন বাইকত দুজনতকৈ বেছি আৰোহীও উঠিছে।
স্বাধীনতা দিৱসৰ দিনাই আৰক্ষী-প্ৰশাসন সষ্টম হৈ থকাৰ পিছত উক্ত উদণ্ড বাইক চালক সকলে কেনেদৰে নীতি-নিয়ম ভংগ কৰিব পৰিছে সেই সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰিছে স্থানীয় ৰাইজে । এই সন্দৰ্ভত খানামুখৰ এজন সচেতন নাগৰিক অৱনী মেধিয়ে কয়, “ৰাজপথত বাইক ষ্টাণ্ট কৰা কিশোৰৰ উদ্ভণ্ডালিত ৰাজপথত ওলাবলৈ ভয় লাগে । এনেবোৰ কাৰণতে পথ দুর্ঘটনাৰ সংখ্যা বৃদ্ধি হৈছে । সিহঁতৰ বাইকৰ কান তাল পৰা শব্দত পৰিবেশ বিনষ্ট হৈছে । এইক্ষেত্ৰত অভিভাৱক সকল সচেতন হব লাগিব। লগতে আৰক্ষী-প্ৰশাসনেও এনে চালকৰ ওপৰত চোকা দৃষ্টি ৰাখিব লাগিব।”
উল্লেখ্য যে ধাৰাপুৰ চাৰিআলিৰে পলাশবাৰীৰ দিশত আৰক্ষীৰ সন্মুখেৰে বাইক আৰোহী এদল যুৱক পাৰ হৈ যায় । তেওঁলোকৰ অধিকাংশই যান-বাহন আইন ভংগ কৰাৰ পিছতো আৰক্ষীয়ে বিহিত ব্যৱস্থা নোলোৱাত সচেতন ৰাইজৰ মাজত প্ৰশ্ন উত্থাপন হৈছে।






























